প্ৰলয় তই আকৌ নাহিবি

যেতিয়া সৰি পৰে অশ্ৰু
থমকি ৰয় খোজ
যেতিয়া হেৰায় যায় শব্দ
মুখৰ হৈ উঠে মৌনতা

ক'তে বিচাৰো জোনাকী ৰাতি
সমাধিষ্ঠ  আজি কুশল বাতৰি
হাঁহিবোৰেও যেন  উচুপিছে আজি এপিটাফ হৈ

প্ৰকৃতিৰ ক্ৰোধত মেদিনী কঁপিল
আউলী জাউলী হ'ল মোৰ আইৰ পদুলি
উদ্ভ্ৰান্ত কৰি হেৰায় গ'ল তেওঁলোক
মৰমবোৰো যে এতিয়া ঘাতমাওৰা হ'ল অজস্ৰ চিতাৰ পাতত

গধূলি  তই নাহিবি ঘূৰি
নিদিবি আৰু মোক মৃত্যুৰ বাতৰি
বৈ বৈ শুকাই গৈছে মোৰ চকুলো
তোক আকৌ আদৰিব নোৱাৰিম
...

(নেপালত ভূমিকম্পত প্ৰাণ হেৰুৱাসকলৰ সোঁৱৰণত ৰচিত)

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা