Posts

Showing posts from July, 2018

পাগলী

বুকুত শেলুৱৈ ধৰিছিল ৷ অব্যক্ত অনামী দুখত গোট মাৰিছিল হিঁয়া ৷ কি বিচাৰে তাই ! খাবলৈ এসাজ সুস্বাদু আহাৰ, পিন্ধিবলৈ এটা চোলা অথবা থাকিবলৈ এটি ঘৰ ৷ মলিয়ন কাপোৰসাজ সলাই দি পঢ়িবলৈ চেষ্টা কৰিলোঁ ক্ষত বিক্ষত হৈ পৰা তাইৰ হৃদয়ৰ ডায়েৰীখন ৷ জয়াল হৈ পৰা চুবুৰীটোলৈ কোনো নাহিছিল ৷ তাতেই ঘুৰি ফুৰে তাই ৷ হাতত এডাল টাঙোন ৷ কুটকুৰা গছৰ দৰে আউলী জাউলী চুলিকোছাৰে তাইক দেখিলেই সকলোৱে জোকায় পাগলী বুলি ৷ তাইৰ সকৰুণ দৃষ্টিয়ে সদায়ে মোক তাইৰ প্ৰতি জানিবলৈ উৎসুক কৰি তোলে ৷ ভাবো, তাইৰ সৈতে কিছু কথা পাতো ৷ কিন্তু কেনেকৈ ! অথচ কি নাছিল তাইৰ ৷ স্বচ্চ পানীৰ দৰে তাইৰ দুচকুতো এদিন আছিল সপোন ৷ কোনোবাই স্পৰ্শ কৰিছিল ধপ্‌ধপাই থকা তাইৰ কলিজাটো ৷ দুহাত মেলি দেখিছিল সপোন ৷ অকনমান মুকলি বতাহ ৷ অকনমান সেউজীয়া আৰু এমুঠি হাঁহিৰ… কিজানি সেয়া তাইৰ বাবে আৰ্শীবাদ নাছিল ৷ নিমাত হৈ পৰিছিল তাইৰ হতভগীয়া হাঁহি ৷ বিশ্বাসবোৰে আস্থা হেৰুৱাই নিঠৰুৱা হৈছিল ৷ আপোন বোলা আপোনবোৰৰ হঠকাৰিতাই অঘৰী কৰিছিল তাইক ৷ আৰু তেতিয়াৰেপৰাই তাইৰ ঘৰ হৈছিল সেই অব্যৱহৃত পুৰণি স্কুলঘৰটোৰ বাৰান্দাখন৷ এসময়ৰ সেই কিচ্‌কিচিয়া একোছা দীঘল চুলিতাৰীত এতিয়া তামবৰণীয়া...