পাগলী

বুকুত শেলুৱৈ ধৰিছিল ৷ অব্যক্ত অনামী দুখত গোট মাৰিছিল হিঁয়া ৷ কি বিচাৰে তাই ! খাবলৈ এসাজ সুস্বাদু আহাৰ, পিন্ধিবলৈ এটা চোলা অথবা থাকিবলৈ এটি ঘৰ ৷ মলিয়ন কাপোৰসাজ সলাই দি পঢ়িবলৈ চেষ্টা কৰিলোঁ ক্ষত বিক্ষত হৈ পৰা তাইৰ হৃদয়ৰ ডায়েৰীখন ৷

জয়াল হৈ পৰা চুবুৰীটোলৈ কোনো নাহিছিল ৷ তাতেই ঘুৰি ফুৰে তাই ৷ হাতত এডাল টাঙোন ৷ কুটকুৰা গছৰ দৰে আউলী জাউলী চুলিকোছাৰে তাইক দেখিলেই সকলোৱে জোকায় পাগলী বুলি ৷ তাইৰ সকৰুণ দৃষ্টিয়ে সদায়ে মোক তাইৰ প্ৰতি জানিবলৈ উৎসুক কৰি তোলে ৷ ভাবো, তাইৰ সৈতে কিছু কথা পাতো ৷ কিন্তু কেনেকৈ !

অথচ কি নাছিল তাইৰ ৷ স্বচ্চ পানীৰ দৰে তাইৰ দুচকুতো এদিন আছিল সপোন ৷ কোনোবাই স্পৰ্শ কৰিছিল ধপ্‌ধপাই থকা তাইৰ কলিজাটো ৷ দুহাত মেলি দেখিছিল সপোন ৷ অকনমান মুকলি বতাহ ৷ অকনমান সেউজীয়া আৰু এমুঠি হাঁহিৰ…

কিজানি সেয়া তাইৰ বাবে আৰ্শীবাদ নাছিল ৷ নিমাত হৈ পৰিছিল তাইৰ হতভগীয়া হাঁহি ৷ বিশ্বাসবোৰে আস্থা হেৰুৱাই নিঠৰুৱা হৈছিল ৷ আপোন বোলা আপোনবোৰৰ হঠকাৰিতাই অঘৰী কৰিছিল তাইক ৷ আৰু তেতিয়াৰেপৰাই তাইৰ ঘৰ হৈছিল সেই অব্যৱহৃত পুৰণি স্কুলঘৰটোৰ বাৰান্দাখন৷

এসময়ৰ সেই কিচ্‌কিচিয়া একোছা দীঘল চুলিতাৰীত এতিয়া তামবৰণীয়া ৰং ৷ আউলী জাউলী হৈ কান্দে তাই উদ্ভ্ৰান্ত সন্ধিয়া ৷ কোনোবাই মৰম কৰি হাতখন আগবঢ়াই দিলে উচাৎ মাৰি গুছি যায় তাই, মৰমৰ দ্বাৰাই বঞ্চিত হৈ মৰমৰ পৰাই এতিয়া পলাব খোজে ৷ ভয় কৰে, কিজানিবা ঘৃণাবোৰেও তাইক এৰি থৈ যায় ৷ তেতিয়া জীয়াইয়ে বা থাকিব কেনেকৈ !

জীৱনৰ কদৰ্যতাত সৌন্দৰ্য হেৰোৱা তাইৰ চকুজুৰিয়ে অব্যক্তভাবেই কৈ দিয়ে তাইৰ কাহিনী ৷

কেতিয়াবা ভাবো, তাইৰ কাহিনীটো যদি সঁছা নহ’লহেঁতেন…গল্পৰ নায়িকাৰ দৰে যদি তাইৰ চৰিত্ৰটো সজাব পাৰিলোহেঁতেন ! তাই পোৱা দুখবোৰ যদি দুখ নহ’লহেঁতেন …

জীৱনে আঁকি যোৱা এই ছবিখনত নতুন ৰং বোলাব পৰাকৈ মই শিল্পী নহ’লো ৷ শব্দবোৰেও আজিকালি সংগ দিব নোখোজে ৷ ইতিকিং কৰি আঁতৰি যায় ৷ আধৰুৱা হৈয়ে ৰয়, কাৰোবাৰ জীৱন কথাক সুন্দৰতাৰে শব্দালংকাৰে সজোৱাৰ ইচ্ছা !

মই মাথো দৰ্শক হৈ ৰওঁ এখন অসমাপ্ত চিত্ৰৰ, শ্ৰোতা হৈ ৰওঁ এটি আধা লিখা কাহিনীৰ -
“এসময়ত এজনী পাগলী আছিল …”

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা