মৰুভূমিত সূৰ্য্যাস্ত


হাতৰ মুঠিতে হেৰাল হেঁপাহ
প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ
উভতাইও আনিব নোৱাৰোঁ
এৰি থৈও যাব নোৱাৰোঁ
বাটলৈ চাই চাই
সৰকি গৈছে সময়
সোঁৱৰণিৰ ফাঁকে ফাঁকে
ওখ হৈ গৈ থকা সপোনটোৱেও
জুখি জুখি ভাগৰিছে
আকাশ আৰু মাটিৰ দূৰত্ব

কি কৰোঁ
বেলিটোও যেন এই ডুবো ডুবো...!

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা