বৰষুণ~~~এটি কবিতা
বৰষুণ - ১ সন্ধিয়া মোৰ ঘৰলৈ এজাক বৰষুণ আহিছিল মোৰ পদূলি তিয়াই এচাৰকণিৰে দুভৰি তিয়াই সুধিলেে কেনে আছা সখী গোটেইজনী বুৰিছিলো শব্দৰ স্পৰ্শত বৰষুণজাকত নিতিতাকৈয়ে~~~ ✍#বিতু বৰষুণ - ২ দুপৰ নিশা জোনাকত তিতি মোৰ উৰুখা পঁজাৰ নঙলা খুলি সোমাই আহিছিল এটি সপোন সাৰ পাই বুকুত সাৱটিবলৈ নৌপাওঁতেই এৰি থৈ গুছি গ’ল এজাক বৰষুণ মোৰ পদূলি তিয়াই ~~~ ✍#বিতু বৰষুণ - ৩ তুমি মোক দোকমোকালিতে মাতিছিলা মই জোনজনীয়ে খোজ কঢ়ালৈকে ৰৈ আছিলো তুমি নাহিলা তাৰপাছত আকাশফালি সৰি পৰিল এজাক বৰষুণ মোৰ দুচকুৰে টোপ টোপ কলিজাৰ বিষাদ ~~~ ✍#বিতু বৰষুণ - ৪ জোনাকে ডাৱৰে বিষাদ নাছিল ৰ’দে হেৰোৱা নাছিল হেন্দোলিত আকাশৰ ডেউকা সেইবাবেই ৰ’দে নাজানে কিমান গধুৰ হ’ব পাৰে দুচকুৰে বাগৰা বৰষাৰ বন্যা ~ ✍#বিতু বৰষুণ - ৫ মোৰ খিৰিকিত জিলমিল ৰ’দৰ বতাহ বৰষুণ হৈ নামি আহে এসোপা জোনাক এন্ধাৰত সপোন সিঁচিবলৈ সপোনবোৰেই ভাল সেউজীয়া বিয়পায় ~~~ ✍#বিতু ××××××××××××××××××××××× ................................................