বৰষুণ~~~এটি কবিতা

বৰষুণ  - ১

সন্ধিয়া মোৰ ঘৰলৈ এজাক বৰষুণ আহিছিল
মোৰ পদূলি তিয়াই
এচাৰকণিৰে দুভৰি তিয়াই সুধিলেে
কেনে আছা সখী
গোটেইজনী বুৰিছিলো
শব্দৰ স্পৰ্শত
বৰষুণজাকত নিতিতাকৈয়ে~~~ ✍#বিতু

বৰষুণ  - ২

দুপৰ নিশা জোনাকত তিতি
মোৰ উৰুখা পঁজাৰ নঙলা খুলি
সোমাই আহিছিল এটি সপোন
সাৰ পাই বুকুত সাৱটিবলৈ নৌপাওঁতেই
এৰি থৈ গুছি গ’ল
এজাক বৰষুণ
মোৰ পদূলি তিয়াই ~~~ ✍#বিতু

বৰষুণ  - ৩


তুমি মোক দোকমোকালিতে মাতিছিলা
মই জোনজনীয়ে খোজ কঢ়ালৈকে ৰৈ আছিলো
তুমি নাহিলা
তাৰপাছত
আকাশফালি সৰি পৰিল এজাক বৰষুণ
মোৰ দুচকুৰে
টোপ টোপ কলিজাৰ বিষাদ ~~~ ✍#বিতু

বৰষুণ  - ৪

জোনাকে ডাৱৰে বিষাদ নাছিল
ৰ’দে হেৰোৱা নাছিল
হেন্দোলিত আকাশৰ ডেউকা
সেইবাবেই ৰ’দে নাজানে
কিমান গধুৰ হ’ব পাৰে
দুচকুৰে বাগৰা বৰষাৰ বন্যা ~ ✍#বিতু

বৰষুণ  - ৫

মোৰ খিৰিকিত জিলমিল ৰ’দৰ বতাহ
বৰষুণ হৈ নামি আহে
এসোপা জোনাক
এন্ধাৰত সপোন সিঁচিবলৈ

সপোনবোৰেই ভাল
সেউজীয়া বিয়পায় ~~~ ✍#বিতু

×××××××××××××××××××××××
................................................

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা