ভ্ৰমণ কাহিনী : “ভেলী অফ্‌ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, উত্তৰাখণ্ড”




“সপোনৰ আকাশখন ক’ত
ডাৱৰৰ ভাঁজত নে কুঁৱলীৰ আঁৰত...”

ভ্ৰমণ কাহিনী : “ভেলী অফ্‌ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, উত্তৰাখণ্ড”
Bitu'sTravelogue

পৰ্বতে যেন আকৌ এবাৰ মোক ৰিঙিয়াই মাতিলে৷ ২০১৮ চনৰ জুন মাহৰ শেষৰ ফালে এইবাৰ ওলালো উত্তৰাখণ্ডৰ বিখ্যাত ফুলৰ উপত্যকা ভেলী অফ্‌ ফ্লাৱাৰ্ছ অভিমুখে৷ ফুৰিবলৈ সকলোৱে বিচাৰে৷ কিন্তু আৰামদায়ক ভ্ৰমণ বেছিভাগৰে কাম্য৷ মোৰ দৰে পাহাৰে-কন্দৰে, হাবিয়ে বননিয়ে প্ৰকৃতিৰ মাজত তলৌ তলৌকৈ ঘুৰি ফুৰিব বিচৰা মানুহৰ সংখ্যা মোৰ কাষৰীয়া বন্ধুমহলত তেনেই কম৷ সেয়েহে অকলেই ওলালো৷

যোগাযোগ হ’ল “ৰেড উইংছ ট্ৰেইল” নামৰ ট্ৰেভেল গ্ৰুপটোৰ স্বত্বাধিকাৰী সুকন্যাবাৰ লগত৷ তেওঁলোকো সেই ঠাইলৈকে যাবলৈ ওলাইছিল৷ মই দিল্লীলৈকে গৈ তাৰপৰা তেওঁলোকৰ লগত এই যাত্ৰাৰ সংগী হ’লো৷ দলটোৰ প্ৰতিজনেই আছিল মোৰ বাবে সম্পূৰ্ণ অচিনাকি৷ বেলীবা, মোচুমীবাহঁতক প্ৰথম চিনাকিতে আপোন যেন লাগিল৷ এই সকলো অচিনাকি সহযাত্ৰীৰ লগত মোৰ আন এটা চিনাকি সপোন ভাগ কৰি ল’বলৈ সাজু হ’লো৷

দিল্লীৰ পৰা দুদিনৰ যাত্ৰাৰ অন্তত প্ৰথমদিনা হৃষীকেশ আৰু দ্বিতীয়দিনা জোছিমঠত নিশাৰ অৱস্থান৷ তৃতীয়দিনা পুৱাই গোবিন্দঘাটলৈ ৰাওনা৷ গোবিন্দঘাটত ভেলী অফ্‌ ফ্লাৱাৰ্ছলৈ যাবলৈ পঞ্জীয়ন কৰিব লাগে৷ ইয়াৰপৰা পোলনালৈ  চাৰি কি:মি: পথ স্বেয়াৰ ট্ৰেকাৰ চলে৷ পোলনাৰ পৰা আৰম্ভ হয় মূল ট্ৰেকিং৷

দুচকুত অযুত সপোন লৈ গোবিন্দঘাটৰ পৰা আৰম্ভ হ’ল আমাৰ প্ৰথম দিনৰ ট্ৰেকিং৷ লক্ষ্য ঘাংগাৰিয়া৷ লক্ষ্য ঘাংগাৰিয়া৷ বস্তু কঢ়িয়াবৰ বাবে খচ্চৰ আৰু পিঠু পোৱা যায়৷ ইচ্ছা কৰিলে ল’ব পাৰি৷ ঘাংগাৰিয়ালৈকে সুদীৰ্ঘ ১১ কি:মি: পথ অতি সুন্দৰ৷ বৰফাবৃত পৰ্বতেৰে ঘেৰি থকা পথচোৱাত লক্ষ্মণগংগা নদীৰ জলধাৰাৰ শব্দই পৰিৱেশটো অতি মোহনীয় কৰি তুলিছিল৷  হিমবাহৰ পৰা উৎপত্তি হোৱা জলধাৰাৰ গৰ্জণমুখৰ শব্দ আৰু ৰহস্যঘন কুঁৱলীত কুহেলিত সময়, এইক্ষণত এই দুটাৰ বাহিৰে আৰু একোৱেই মনলৈ অহা নাছিল৷

প্ৰথম এক কি:মি:লৈকে দলৰ লগতে গৈ আছিলো যদিও পিঠিত বেগ লৈ লাহে লাহে খোজ কাঢ়িব নোৱাৰা বেমাৰটো আকৌ আৰম্ভ হ’ল মোৰ৷ দলত দুজন গাইড আছিল, এজন একেবাৰে আগত আৰু এজন দলটোৰ শেষত৷ মই প্ৰথমজনৰ সৈতেই নানানটা প্ৰশ্ন সুধি সুধি আগবাঢ়িলো৷ পাহাৰীয়া পথেৰে উঠানমা কৰি প্ৰায় পাচঘণ্টা খোজ কঢ়াৰ পাছত মই ঘাংগাৰিয়া পালোগৈ৷ আমাৰ দলৰে এগৰাকী খচ্চৰৰ পিঠিত উঠি অহা বাবে মোতকৈ আগতেই কেম্প পাইছিলগৈ৷ ইতিমধ্যে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ মই গা-পা ধুই গৰম চাহকাপ খাই বহুখিনি সতেজ হৈ উঠিলো৷ তেতিয়াহে বাকীসকল তিতিবুৰি আহি পালেহি৷

ঘাংগাৰিয়া হৈছে ভেলী অফ্‌ ফ্লাৱাৰ্ছ আৰু হেমকুন্ট চাহিব ট্ৰেকত যোৱা লোকসকলৰ বেচকেম্প৷ হেমকুন্ট হৈছে শিখধৰ্মী আৰু হিন্দুধৰ্মীলোকৰ পৱিত্ৰ ক্ষেত্ৰ৷ এইবিষয়ে পাছত কেতিয়াবা লিখিম৷ 

ৰাতি যথেষ্ট ঠাণ্ডা পৰে ঘাংগাৰিয়াত৷ পুৱা সোনকালে উঠি চাহকাপ খাই আমি ভেলী অফ্‌ ফ্লাৱাৰ্ছ ট্ৰেকিঙৰ বাবে সাজু হ’লো৷ দুপৰীয়াৰ বাবে পেকেট লাঞ্চ আৰু খোৱাপানী বেগত বান্ধি আগবাঢ়িলো৷ কেমেৰাটো ডিঙিতে উলমাই ললো৷ প্ৰয়োজনত ফটো তুলিব লাগিব৷ ট্ৰেকিং কৰোঁতে ইমানদিনে এইখিনি অভিজ্ঞতাতো হৈছে যে, পাতল আহাৰ খাব লাগে, পিয়াহ লাগিলে একেবাৰতে সৰহকৈ পানী নাখাই ডিঙিটো তিতাকৈ এঘুট এঘুটকৈ খাব লাগে৷ খৰকৈ খোজ নাকাঢ়ি খোজৰ গতি একেটাই ৰাখিলে ভাল৷ ভাগৰ লাগিলে অলপহে জিৰাব লাগে, গাৰ গৰম চেঁচা নপৰোতেই আকৌ খোজ দিব লাগে৷ কাজু কিচমিচ জাতীয় ড্ৰাইফ্ৰুইটছ লগত ৰাখিব লাগে৷ ইয়ে শৰীৰক এনাৰ্জি দিয়ে৷

ঘাংগাৰিয়াৰ পৰা কিছুদূৰ গৈয়ে পথটো দুভাগত বিভক্ত হৈছে৷ সোঁফালৰ পথটোৰে হেমকুন্ট ট্ৰেকলৈ আৰু বাওফালৰ পথেৰে ভেলী অফ্‌ ফ্লাৱাৰ্ছলৈ যায়৷ প্ৰৱেশ পথত পুনৰ দৰ্শনাৰ্থীৰ পঞ্জীয়ন৷ বিয়লি পাচবজাত প্ৰৱেশদুৱাৰ বন্ধ হোৱাৰ আগে আগে আমি উদ্যানৰ পৰা ওলাই আহিব লাগিব৷

দেৱভূমি উত্তৰাখণ্ডৰ উত্তৰ ছামোলী জিলাত অৱস্থিত “ভেলী অফ্‌ ফ্লাৱাৰ্ছ”৷ নন্দাদেৱী ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ দিশত অৱস্থিত এই ফুলৰ উদ্যানখনৰ মাটিকালি প্ৰায় ৮৭.৫০ স্কোৱেৰ কি:মি:, দৈঘ্য আঠ কি:মি: আৰু প্ৰস্থ প্ৰায় দুই কি:মি:৷ ১৯৮২ চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা ভেলী অফ্‌ ফ্লাৱাৰ্ছ বৰ্তমান বিশ্বৰ এখন অন্যতম ঐতিহ্যক্ষেত্ৰ৷ বছৰৰ মাথো চাৰিটা মাহ, জুন, জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰত ভেলী অফ্‌ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনাৰ্থীৰ বাবে মুকলি থাকে৷ বাকী সময়চোৱা বৰফাবৃত হৈ থাকে এই ফুলৰ উপত্যকা৷ মে’ মাহৰ পৰা বৰফ গলিবলৈ আৰম্ভ হয় আৰু পুনৰ ফুল ফুলিবলৈ আৰম্ভ কৰে৷ সাগৰপৃষ্ঠৰ পৰা ভেলী অফ্‌ ফ্লাৱাৰ্ছৰ উচ্চতা  ৩৩৫২ মি:ৰ পৰা ৩৬৫৮ মি:৷

ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ ফুলে আমাক ভেলী অফ্‌ ফ্লাৱাৰ্ছলৈ স্বাগতম জনাইছিল৷ লগতে খৰস্ৰোতা পুষ্পাৱতী নদীৰ জিৰ জিৰ শব্দ৷ হিমবাহৰ পৰা উৎপত্তি হৈ ভেলী অফ্‌ ফ্লাৱাৰ্ছৰ মাজেদিয়েই সমতলত প্ৰৱেশ কৰিছে পুষ্পাৱতীয়ে৷ নদীৰ দুয়োকাষে অজস্ৰ ফুলৰ সমাহাৰ৷ প্ৰথম তিনি কি:মি: খোজ কঢ়াৰ পথ পাহাৰীয়া উঠানমাৰ মাজেৰে যথেষ্ট কঠিন যদিও পিছলৈ পথচোৱা সমতলৰ মাজেদি হোৱা বাবে ভাগৰ কমকৈ লাগে৷ মাজে মাজে পাহাৰৰ গাৰে বৈ অহা জলপ্ৰপাতৰ শব্দ৷ হিমবাহ গলি বৈ অহা জলধাৰাবোৰৰ পানী অতি শীতল৷ লগত লৈ অনা খোৱা পানী ইতিমধ্যে শেষ হোৱাত জলপ্ৰপাতৰ পানীকে পিয়াহত খাবলৈ বটলত ভৰাই ললো৷ আমাৰ দলটোৰ বেছিভাগেই পাচ কি:মি:মান যোৱাৰ পিছত আৰু আগুৱাবলৈ মন নকৰিলে৷ কিন্তু মই আৰু দুজনৰ সৈতে ফুলৰ উপত্যকাখনিৰ গভীৰলৈ সোমাই গ’লো৷ ভিন্ন প্ৰজাতিৰ ৰং বিৰঙৰ অসংখ্য ফুলৰ মাজেৰে মন্ত্ৰমুগ্ধহৈ আগুৱাই গৈ থাকিলো৷ এয়া সপোন নাছিল৷ বাস্তৱিকতেই মই খোজ দি গৈ আছিলো ফুলৰ উপত্যকাৰ মাজেদি৷

এচিয়েটিক বিয়েৰ, স্ন’ লিঅপাৰ্ড, মাক্স ডিয়েৰ, ব্ৰাউন বিয়েৰ, ৰেড ফক্স, ব্লু শ্বিপ ইত্যাদি বিভিন্ন জন্তুৰো বিচৰণথলী ভেলী অফ্‌ ফ্লাৱাৰ্ছ৷ ইয়াৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাইও দেখিবলে পোৱা যায়৷ 

বটানিকেল চাৰ্ভে অফ্‌ ইণ্ডিয়াৰ ২০০৪ চনৰ এক সমীক্ষা অনুযায়ী ভেলী অফ্‌ ফ্লাৱাৰ্ছত প্ৰায় ৫২০ প্ৰকাৰৰ উদ্ভিদ আৰু ৪৯৮ প্ৰজাতিৰ ফুল পোৱা গৈছিল৷ তেতিয়াৰ পৰা প্ৰতি বছৰেই এই সমীক্ষা চলি আহিছে৷ ইয়াৰ ভিতৰত “ব্লু পপ্পী” হৈছে ভেলী অফ্‌ ফ্লাৱাৰ্ছৰ আটাইতকৈ বিখ্যাত ফুল৷ তাৰ বাহিৰেও বিভিন্ন প্ৰকাৰৰ অৰ্কিড, মেৰিগ’ল্ড, ডেইজী, কেম্পানুলা লটিফলিয়া ইত্যাদি পোৱা যায়৷

হেঁপাহৰনো ক’ত অন্ত পৰিব! কিন্তু সময় হৈ আহিছিল৷ বিয়লি দুই বজাত ফুলৰ উপত্যকাৰ পৰা বিদায় লৈ আমি উভটি আহিলো৷ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ ৰেইনকোটটো উলিয়াই ল’লো৷

তীব্ৰ মূৰ বিষ এটাই হেঁচা মাৰি ধৰাত সুকন্যাবাৰ লগত বাহিৰে বাহিৰে ঘাংগাৰিয়াৰ চৰকাৰী হস্পিতাল পালোগৈ৷ তেওঁলোকে স্থানীয়ভাৱে তৈয়াৰী এবিধ ঔষধ শুঙি চাবলৈ দিলে৷ আচৰিতভাৱে বিষটো কমি আহিল৷ ডক্টৰজনে ক’লে যে পিঠিত বেগ লৈ খোজ কঢ়াৰ বাবে মূৰৰ বিষ হ’ব পাৰে৷ হোটেলৰ ৰূমত গৈ গৰম পানীৰে গা ধুই শুই পৰিলো৷ মনটো ভৰি আহিছিল৷ পিছদিনা পুৱাই হেমকুন্টলৈ পুনৰ বাৰকি:মি: ট্ৰেকিং কৰিব লাগিব৷ বিচনাত পৰিয়েই টোপনিত লালকাল দিলো৷ মোৰ বাবে টোপনি মানেই সপোন৷ আজিও ব্যতিক্ৰম নহ’ল৷ সপোনৰ বকিয়াইদি পুনৰবাৰ পিতপিতাই ফুৰিলো ফুলৰ উপত্যকাত৷

“সপোন থাকিলেইতো নহ'ব ।
নদীৰ দৰে ব'বও পাৰিব লাগিব...”

পুৱাৰ সুৰুজৰ সৈতেই খোজ দি যাম৷ জোলোঙাত এবোজা হাঁহি লৈ উভতিম৷ পেৰাত বৈ ফুৰিম অজস্ৰ ফুলৰ সুবাস৷ জিৰণিৰ পৰত সময়বোৰ পাগুলিম৷ দুখবোৰ আচুতীয়া কৰি থম৷ সুখবোৰ সাৱটি উমলিম৷ জানো, যাওঁ বুলিয়েই যে গুছি যাব পাৰে বিয়লিৰ ভটিয়নি বেলি~~~✍️ #বিতু


Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা