সময়

 




সময়~~~

ঘড়ীৰ কাটাত খণ্ডিত মোৰ সপোন চুবুৰি

সময়ৰ বুকুচাত আপোনজনেও পোচাক সলায়


ওলমি থকা অবশিষ্ট হাঁহিবোৰৰো কিযে বিদ্ৰুপ

যুঁজিবলৈ কৰা আপ্ৰাণ চেষ্টাকো কৰে কটাক্ষ

মোৰ আত্মবিশ্বাসক উপলুঙা কৰি কয়

সেয়া বোলে মোৰ অহংকাৰ।


উপহাস আৰু নকৰিবি সময়

তই নিদিলে মই আজুৰি নানোঁ

মোৰ মৃতদেহত তোৰ সেই বগা চাদৰখন


প্ৰাপ্য নিবিচাৰিলো বাবেই দুৰ্বল নহওঁ

স্বভিমানী মই

নিবিচৰাকৈয়েতো জীৱন পাইছিলোঁ

তেনে মৃত্যুতে বা আক্ষেপ কিয়!


সময়...

কাৰ বাবে সাঁচিছ তোৰ গোপন ভাণ্ডাৰ

তয়োতো নাথাক চিৰকাল

প্ৰতিটো চেকেণ্ডত পুৰণি হৈছে তোৰো ইতিহাস

খহিছে তোৰ সাতামপুৰুষীয়া ভেম

অহংকাৰ সাম্ৰাজ্য


সময়ৰো কিজানি আহে অসময়

হয়তো সেইবাবেই এই দুঃসময়॥ ...✍️ বিতু

Comments