উজাগৰী এনিশা...✍️©বিতু



উজাগৰী এনিশা...✍️©বিতু

সাৰ পাই থকা চৰাইবোৰে মোক শুবলৈ নিদিয়ে
কিমানযে কথা, কিমানযে আবদাৰ
কেতিয়াবা গীত, কেতিয়াবা নাচোন
খিৰিকীৰ দুলৰীত পাৰভঙা কান্দোন 
এনেকৈয়ে সাৰে থাকে মোৰ আদৰুৱা সপোন

মই সাৰে থাকো এজাক বৰষুণৰ প্ৰতীক্ষাত
কাহানিবা উজাগৰী ৰাতি
কাহানিবা চিকুন পুৱা
মৃদু মলয়াৰ নাচোন মোৰ আকাশে বতাহে
নিভৃত কোণত সাচি ৰাখো মায়া
এখোজ দুখোজ প্ৰসাৰিত হয় সপোনৰ ছায়া
কোন দূৰণিৰ বতৰা তুমি বৰদৈচিলা!
কপৌৰ পাহিত সুগন্ধি পখিলা
দুলি দুলি বাগৰে সৰাপাত
এখিলা দুখিলা

ৰামধেনুৰ ৰথত মিচিকিয়াই সুৰুজে হাঁহে
কলিজাৰ দুৱাৰত টুকুৰিয়াই পোহৰেও মোক সোধে
জোনাকৰ সতে পতা
নোকোৱা অনেক কথা
এটি দুটি বহুটি উজাগৰী নিশা
লিখিবানে তুমি এটি সাধুকথা...!

Comments

Popular posts from this blog

দেউতা মোৰ