এপিয়লা চাহ আৰু নীৰৱতাৰে কিছু আলাপ ~~~
☕ দেহ মনৰ ভাগৰ জুৰোৱা ধোঁৱাবুলীয়া একাপ কাঢ়া চাহ৷ নীৰৱতাৰে কিছু আলাপ৷ কৰবাত যেন সাৰ পাই উঠে শুই থকা প্ৰিয় শব্দবোৰ৷ বহুদিনেই হ’ল প্ৰিয় শব্দেৰে নেখেলা৷ এটি দুটি বহু কথা৷ সন্ধিয়াৰ বৰষুণত সিক্ত হৈ গোট মৰা মোৰ হৃদয়ৰ গাথাঁ৷ কব খুজিও ক’ব নোৱাৰা অনেক সাধুকথা...
এজন দুজনকৈ অনেক পথচাৰী৷ প্ৰত্যেকৰে মনৰ জেপত নানানটা কথাৰ টোপোলা৷ কোনোবাই কঢ়িয়াইছে ৰঙিয়াল বতৰা, কাৰোবাৰ কান্ধত হয়তো ব’ব নোৱাৰা বোজা৷ দৈনন্দিন একেই ছবি৷ মাথোন সলনি হয় বাহক৷ নিতৌ নতুন নতুন পথচাৰীৰ হাতত ধৰি কাহিনীবোৰো চলি থাকে অজানিতে৷ ভাবনাত জোটপোট লাগে৷ মনে নাচিব খোজে, মগজুয়ে কয় বহি থাক৷
হাতৰ তলুৱাৰ পৰা পিচলি পৰে থুতৰি৷ ভাবনাত যতি পৰে৷ গছৰ তলত সৰুকৈ গঢ়ি উঠা মন্দিৰটোৰপৰা ভাঁহি অহা ধূপৰ সুগন্ধিত মলমলাই উঠে শুভসন্ধ্যা৷ সন্মুখত ধোঁৱাবুলীয়া একাপ কাঢ়া চাহ৷ সংগীতৰ তালে তালে বৰ্ণময় হৈ উঠে নিৰস আবেলি...হাত মেলিয়েই যেন থপিয়াই আনিম অস্তগামী বেলি৷
মনটো জোকাৰি দিলোঁ৷ জড়তাখিনি ঝৰঝৰকৈ খহিল...ভাল লগা গীত এটি হৈ শব্দবোৰ গুনগুনাই উঠিল “~~~” 🎼🎼🎼
Bitu's Travelogue

Comments
Post a Comment