ছবি ... এটি কবিতা
অৰঙে দৰঙে বিচাৰে মৰম
থুনুকথানাক আবদাৰ
কতেনো আছগৈ তই
এবেলি আহিবিছোন
আশ্বাসে আবৰা তোৰ চেনেহৰ চোতাল
আবেগত দোঁ খাই পৰে
হিয়াৰ বাটচ’ৰা
জোনবাই আকাশতেই ভাল
জোনাক বিয়পায়
হাকুটিয়াব কিয়নো লাগে
জলঙাইদি জুমি চালেই দেখিবি
সেউজীয়াৰ বকিয়াইদি
এগজ দুগজকৈ আগবাঢ়ি অহা
সেয়াযে তোৰেই
ধান হালধীয়া বাট ~~~ ©বিতু

Comments
Post a Comment