ochinaaki .. Get link Facebook X Pinterest Email Other Apps - August 27, 2010 ochinakibur jetiya chinaki hoy..maaya laage hepaahot..deudhoni uthe chinaki nachunot..chinaki xuror geetotu tetiya baaji uthe ..ochinaki xur.. Get link Facebook X Pinterest Email Other Apps Comments
কিতাপ...এক নষ্টালজিয়া - June 17, 2019 কিতাপ পঢ়ি ভাল পাওঁ৷ কিতাপৰ পৰা ওলোৱা গোন্ধটো নাকত লাগিলে এতিয়াও স্কুল-কলেজৰ দিনবোৰলৈ ঘুৰি যোৱা যেন লাগে৷ অ, আ, ক, খ শিকিয়েই কিতাপৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ মোৰ জীৱনত প্ৰভাৱ পেলোৱা যথেষ্টসংখ্যক কিতাপ আছে৷ মোৰ প্ৰিয় কিতাপৰ তালিকাখনো বহুত দিঘলীয়া৷ মই দ্বিতীয় শ্ৰেণী পাওতেই বাহিৰা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ মা’ৰ কিতাপ পঢ়াৰ নিচা আছিল৷ যথেষ্ট ব্যস্ততাৰ অন্ততো মা’য়ে কিতাপ পঢ়াৰ বাবে সময় উলিয়াইছিল৷ আৰু মা’য়ে পঢ়িবলৈ আনি থোৱা কিতাপবোৰকে মইও পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ যুক্তাক্ষৰ শিকিবলৈ লওতেই প্ৰথম উপন্যাসখন পঢ়িছিলো হিতেশ ডেকাৰ “এয়েতো জীৱন”৷ কাহিনীটো সঁচা বুলি ভাবি বহুত কান্দিলোঁ৷ সেইয়াই আৰম্ভণি ৷ এখন এখনকৈ ঘৰত থকা সকলো কিতাপ পঢ়ি শেষ কৰিলোঁ ৷ কিতাপ পঢ়াত ইমানেই নিচা লাগিছিল যে ৰামায়ন মহাভাৰতো বাদ নপৰিল৷ মোৰ বাহিৰা কিতাপ পঢ়াৰ গতি দেখি মা’য়ে কিতাপ পঢ়া কমাই দিছিল৷ কাৰণ তেতিয়া মই এল.পি.স্কুলত৷ স্কুলৰ কিতাপ নপঢ়িম বুলি মাহঁতে চিন্তাই কৰিছিল৷ মাজতে “গ্ৰন্থবান্ধব” প্ৰকল্পত জৰিত আছিলোঁ৷ সেইসূত্ৰে যথেষ্টসংখ্যক কিতাপ পঢ়াৰ সুযোগ পালোঁ৷ কিতাপৰ নাম মনত ৰাখিব নোৱাৰাকৈ কিতাপ পঢ়িলোঁ৷ কিতাপৰ সৈতে আত্মীয়তা... Read more
ছবি ... এটি কবিতা - April 07, 2024 অৰঙে দৰঙে বিচাৰে মৰম থুনুকথানাক আবদাৰ কতেনো আছগৈ তই এবেলি আহিবিছোন আশ্বাসে আবৰা তোৰ চেনেহৰ চোতাল আবেগত দোঁ খাই পৰে হিয়াৰ বাটচ’ৰা জোনবাই আকাশতেই ভাল জোনাক বিয়পায় হাকুটিয়াব কিয়নো লাগে জলঙাইদি জুমি চালেই দেখিবি সেউজীয়াৰ বকিয়াইদি এগজ দুগজকৈ আগবাঢ়ি অহা সেয়াযে তোৰেই ধান হালধীয়া বাট ~~~ ©বিতু Read more
Comments
Post a Comment