কিতাপ...এক নষ্টালজিয়া
কিতাপ পঢ়ি ভাল পাওঁ৷ কিতাপৰ পৰা ওলোৱা গোন্ধটো নাকত লাগিলে এতিয়াও স্কুল-কলেজৰ দিনবোৰলৈ ঘুৰি যোৱা যেন লাগে৷ অ, আ, ক, খ শিকিয়েই কিতাপৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ মোৰ জীৱনত প্ৰভাৱ পেলোৱা যথেষ্টসংখ্যক কিতাপ আছে৷ মোৰ প্ৰিয় কিতাপৰ তালিকাখনো বহুত দিঘলীয়া৷
মই দ্বিতীয় শ্ৰেণী পাওতেই বাহিৰা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ মা’ৰ কিতাপ পঢ়াৰ নিচা আছিল৷ যথেষ্ট ব্যস্ততাৰ অন্ততো মা’য়ে কিতাপ পঢ়াৰ বাবে সময় উলিয়াইছিল৷ আৰু মা’য়ে পঢ়িবলৈ আনি থোৱা কিতাপবোৰকে মইও পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ যুক্তাক্ষৰ শিকিবলৈ লওতেই প্ৰথম উপন্যাসখন পঢ়িছিলো হিতেশ ডেকাৰ “এয়েতো জীৱন”৷ কাহিনীটো সঁচা বুলি ভাবি বহুত কান্দিলোঁ৷
সেইয়াই আৰম্ভণি ৷ এখন এখনকৈ ঘৰত থকা সকলো কিতাপ পঢ়ি শেষ কৰিলোঁ ৷ কিতাপ পঢ়াত ইমানেই নিচা লাগিছিল যে ৰামায়ন মহাভাৰতো বাদ নপৰিল৷ মোৰ বাহিৰা কিতাপ পঢ়াৰ গতি দেখি মা’য়ে কিতাপ পঢ়া কমাই দিছিল৷ কাৰণ তেতিয়া মই এল.পি.স্কুলত৷ স্কুলৰ কিতাপ নপঢ়িম বুলি মাহঁতে চিন্তাই কৰিছিল৷
মাজতে “গ্ৰন্থবান্ধব” প্ৰকল্পত জৰিত আছিলোঁ৷ সেইসূত্ৰে যথেষ্টসংখ্যক কিতাপ পঢ়াৰ সুযোগ পালোঁ৷ কিতাপৰ নাম মনত ৰাখিব নোৱাৰাকৈ কিতাপ পঢ়িলোঁ৷ কিতাপৰ সৈতে আত্মীয়তা আৰু বাঢ়িল৷ গুৱাহাটীত পঢ়িবলৈ অহাৰ পৰাই পানবজাৰৰ কিতাপৰ দোকান আৰু গ্ৰন্থমেলাসমূহৰ স’তে পূৰ্বৰেপৰা সম্বন্ধ আছিলেই৷ মোনা ভৰাই কিতাপ কিনিছিলোঁ৷ কিতাপ কিনি উপহাৰ দিছিলোঁ৷ স্কুলত পঢ়া দিনৰে পৰা সকলো দিশতে জৰিত আছিলো আৰু বহুতো পুৰস্কাৰো বুটলিছিলো৷ পুৰস্কাৰ হিচাপেও কিতাপ উপহাৰ পাইছিলো৷
কিন্তু মোৰ দুৰ্ভাগ্য যে কিনি অনা কিতাপবোৰ, পুৰস্কাৰ হিচাপে বা উপহাৰ হিচাপে পোৱা কিতাপবোৰ মই সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলোঁ৷ বিভিন্নজনে পঢ়িবলৈ বুলি লৈ যোৱা কিতাপবোৰ মোক আচৰিতভাৱে কোনেও ঘুৰাই নিদিলে৷ এতিয়া মোৰ ওচৰত এমুঠিমানহে কিতাপ আছেগৈ৷
যান্ত্ৰিকতাই যিমানেই অত্যাধুনিক পঢ়নশৈলীৰে পৰিচয় কৰি নিদিয়ক লাগিলে, পাত লুটিয়াই লুটিয়াই কিতাপৰ গোন্ধ লৈ পঢ়াত মগন হৈ ভূ-ভাৰস্ত পাহৰি যোৱাৰ মাদকতা তুলনাহীন৷
... ... ...
Sup
ReplyDelete