শুৱনি আমাৰ গাওঁ৷৷

গৰমবন্ধ, এক নষ্টালজিয়া...

বাৰিষা আহিলেই মই য’তেই নাথাকো, মোৰ জন্মগত গাওঁখনলৈ খুৱ মনত পৰে ৷ বাৰিষাৰ গাৱঁলীয়া জীৱনৰ এই সুকীয়া অনুভৱে মোক এতিয়াও এৰি অহা শৈশৱলৈ লৈ যায় ৷ 

এল পি স্কুলত পঢ়া সময়চোৱাত আমি পুৰণিঘৰত বৰদেউতাৰ পৰিয়াল আৰু দদাইদেউৰ পৰিয়ালৰ লগত একেলগে আছিলো৷ তেতিয়া গধূলিবোৰৰ স্মৃতি আৰু অধিক সাধুকথাৰ দৰে৷ জাকৰোৱা ঘৰ৷ এগালমান মানুহ৷ আলহীয়ে অতিথিয়ে গিজগিজাই থকা ঘৰখনত অনবৰতে সবাহ এখন হৈ থকাৰ দৰেই৷

গৰমৰ দিনত কাৰেণ্ট প্ৰায়ে নাথাকে৷ সন্ধিয়া হ’লে দেউতাই চোতালত কেৰমখাটখন তৰি লৈ জিৰণি লয়৷ মহ নাহিবৰ বাবে অলপ আঁতৰত খেৰৰ জুমুঠি এটা জ্বলি থাকে৷ কোনোবা আলহী আহিলেও চোতালতে চকী পাৰি বহে৷ গৰমত কোনেও ভিতৰত সোমাবলৈ ইচ্ছা নকৰে৷ বিচনী মাৰি মাৰি বিভিন্ন বিষয়ৰ কথা আলোচনা হয়৷ দেউতাই আকবৰ বীৰবলৰ সাধুৰ পৰা আৰম্ভ কৰি বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুলৈকে সকলো প্ৰসংগ উলিয়াই৷ মাজে মাজে ভূগোলৰ সাধু কয়৷ আমি তৰাবোৰ লেখি লেখি কল্পনা সাগৰত সাতুৰি ফুৰো৷ তাৰ মাজতে ভাত ৰান্ধিবলৈ মাক শাক পাচলি যোগাৰ কৰি সহায় কৰি দিও৷ কঠালৰ গুটি পুৰি ভাতৰ লগত খাবলৈ বৰ ভাল৷ গৰমৰ দিনত আমাৰ ঘৰত মাছ পাতত দিয়া প্ৰায় সদায়ে থাকে৷ এনেবোৰ গাৱঁলীয়া খাদ্য দেউতাৰ লগতে আমাৰ ঘৰৰ সকলোৰে প্ৰিয়৷

বতৰ ভাল থাকিলে আমাৰ ঘৰত থকা দাৰাসিং নামৰ বাগানীয়া ল’ৰাজন জোৰ কাটিবলৈ ওলায়৷ তাৰ হাতত খুউৱ মাছ উঠে৷ সন্ধিয়া সি সদায়ে চেপা পাতিবলৈ যায়৷ পিছদিনা যেতিয়া চেপাবোৰ উঠাই আনে তাত ঢেৰ মাছ লাগি আহে৷ ৰাতিপুৱা মা, বাহঁত মাছ বাচিবলৈ বহি যায়৷ মই এই কামটো কৰিবলৈ একেবাৰে ভাল নাপাইছিলো৷ মই অৱশ্যে মাছ মাংস খোৱাৰ পৰাও আঁতৰিয়েই থাকিছিলো৷

মোৰ দেউতা - মা’ই শিক্ষকতা কৰিছিল, সেয়ে স্কুলত পঢ়ি থকা সময়ত আমাৰ আটাইৰে একেলগে গৰমৰ বন্ধ হয় ৷ কিন্তু অইন ল’ৰা-ছোৱালীৰ দৰে আমি গৰমৰ বন্ধত কলৈকো ফুৰিবলৈ নগৈছিলো ৷ তাৰ পৰিৱৰ্তে স্কুলৰ গৰমৰ বন্ধত আমি পথাৰলৈ গৈছিলো ৷ আমাৰ ঘৰত খেতি কৰিছিল ৷ বন্ধৰ সময়চোৱাত কৰিবৰ বাবে অলপ খেতিৰ মাটি নিজে কৰিবলৈ ৰাখি বাকীবোৰ আধিয়াৰক দি দিছিল৷ নিজে কৰিবৰ বাবে ৰখা খেতি কৰিবলৈ ঘৰত ২/৩ জন হালোৱা ৰাখিছিল ৷ লগতে গৰু ৰখিবলৈ গৰখীয়া৷ তাৰ বাহিৰেও আমাৰ ঘৰত কাম কৰিবৰ বাবে দৈনন্দিন হাজিৰা কৰিবলৈ জুলুকাই, কৃষ্ণকাই, ৰমেশকাইহঁত আহিছিল ৷ সেইদৰে মাটি ৰুবলৈকো গাৱঁৰে মহিলাকেইগৰাকীমান আহিছিল৷ আমাৰ ঘৰত প্ৰায়ে দুই তিনিজনী ছোৱালী থাকিছিল৷ স্কুলত পঢ়াশুনা কৰাৰ উপৰিও ঘৰুৱা কামবনতো তেওঁলোকে মাক সহায় কৰি দিছিল৷ হালোৱাই হাজিৰাই, আলহীয়ে দুলহীয়ে অতবোৰ মানুহক ৰান্ধি বাঢ়ি খোৱাই বোৱাই মায়ে তাৰ মাজতে স্কুলত চাকৰিও কৰিছিল৷ পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে মা’ক এক মিনিটৰ বাবেও জিৰণি লোৱা দেখা নাছিলো৷ পাচমিনিট সময় পালেও মায়ে হয় পেপাৰ পঢ়িব নহ’লে ফুলৰ টাব খুচৰিব৷

ৰাতিপুৱা শুই উঠি চাহ খোৱাৰ পিছতে আমাৰ পথাৰলৈ যাবলৈ হয়৷ তেতিয়ালৈ পথাৰত হালোৱাক দিবৰ বাবে মা’ৰ ভাত ৰন্ধা হৈ যায়৷ ভাতৰ টোপোলাও তৈয়াৰ হৈ যায়৷ লগতে হাজিৰা কৰা কেইজনৰ বাবে জ’গত বেলেগকৈ চাহ আৰু ঠাণ্ডাপানী৷ দেউতাৰ সৈতে সেইবোৰ লৈ আমি পথাৰলৈ যাও৷ হালোৱাকেইটাই ভাত খাই মানে দেউতাই হালত ধৰে৷ কেতিয়াবা মৈ’ত উঠিবলৈ পাও৷ মৈ’ত উঠিবলৈ বৰ ভাল লাগে, কিন্তু বেলেঞ্চৰ দৰকাৰ হয়৷ নহ’লে পৰি যোৱাৰো ভয়৷ সেইদিনা বোকা দিলে আমি ৰুৱনীসকলৰ লগত কঠিয়া ৰুবলৈ বোকাত নামো৷ মোৰ আকৌ জোকলৈ বৰ ভয়৷ বোকাত একে জেগাতে ৰৈ থাকিলে জোকে কামোৰাৰ আশংকা, সেয়ে মই খোজ কাঢ়িয়েই ফুৰো৷ তথাপিও কেতিয়াবা জোকে কামোৰে৷ মোৰ ভৰিত জোক লাগিলে হ’লেই আৰু৷ ভয়ত গগনফলা চিঞৰ৷ ইডৰা মাটিৰ পৰা সিডৰালৈ দৌৰি ফুৰো, আৰু মোৰ পিছে পিছে জোক এৰুৱাবলৈ আকৌ কোনোবা দৌৰিব লাগিব৷ কিবাকৈ জোক এৰিলেও সেই দিনটোৰ বাবে পথাৰৰ আলিৰ পৰা মোক কোনেও বোকাত নমাব নোৱাৰে৷ হাঁহি ফুৰ্তি কৰি উৎপাত কৰা ৰং ৰহইছ সেই দিনটোৰ বাবে স্তব্ধ হৈ পৰে৷

পিছদিনা বোকা দিব লগা থাকিলে আবেলি পৰত কঠিয়া উঠাব লাগে৷ হাজিৰা কৰা মানুহৰ লগত আমিও পথাৰত উপস্থিত থাকিব লাগে৷ দেউতাৰ হুকুম৷ কষ্টৰ মৰ্যাদা শিক্ষাৰ পাঠ৷ এজন মানুহে দুবেলা দুমুঠি খাবলৈ কিমান কষ্ট কৰে আৰু কৰ্মৰ বিনিময়ত পোৱা প্ৰাপ্যৰ মূল্য কিমান, সেই সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিবলৈকে দেউতাই আমাক হাতৰ বিদ্যা শিকাইছিল৷ ৰ’দত শুকাই, বৰষুণত তিতি, ঠাণ্ডাত কপি কপি আমি কাম কৰিছিলো৷ কেতিয়াবা চকুৰ পানীও নোলোৱা নহয়৷ সেইসময়ত ইমান বুজি পোৱা নাছিলো, দুখও লাগিছিল, দেউতাইনো আমাক ইমান কষ্টৰ কামবোৰ কিয় কৰিব দিছিল! বেলেগক ক’লে বিশ্বাস নকৰে৷ বাহিৰত আমি হাত ধুই ভাত খোৱা ল’ৰাছোৱালী বুলিহে ভাৱে৷ তাৰ মাজতে খেলা ধূলা, কুইজ ক্লাৱ, সাহিত্যচ’ৰা ইত্যাদিবোৰতো আমি সমানেই ভাগ লৈছিলো৷

দেউতাই দিয়া ব্যৱহাৰিক শিক্ষাৰ গুৰুত্ব তেতিয়া নুবুজিলেও এতিয়া কিন্তু ভালকৈয়ে উপলব্ধি কৰিব পাৰিছো, সেই শিক্ষাই পিচৰ জীৱনত আমাক পদে পদে পথ দেখুৱাইছে৷ সেই শিক্ষাই আমাক বিপদত ধৈৰ্য ধৰিবলৈ, সহনশীল হ’বলৈ, সময়োচিত সিদ্ধান্ত ল’বলৈ আৰু কাহানিও বিচলিত নহ’বলৈ প্ৰস্তুত কৰি তুলিছিল৷ সেইবাবেই ছাগে দুৰ্ঘটনাই শৰীৰত দি যোৱা অসংখ্য আঘাত লৈও সময় ঘড়ীত তাল মিলাই গৈ থাকিবলৈ সাহস গোটাব পাৰিছো৷

...

Comments

  1. নিজৰ শৈশৱ ঠিক তেনেকোৱা নাচিল যদিও তোৰ কথাখিনি অনুভৱ কৰিব পাৰিছো। ভাল লাগিল।

    ReplyDelete
  2. সুন্দৰ বিনীতাবা

    ReplyDelete

Post a Comment

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা