শুৱনি আমাৰ গাওঁ

মৃত্যুৰ দুৱাৰদলিৰ পৰা...


জীৱনৰ ধামখুমীয়াত স্মৃতিৰ পৰা বহু কথাই বিলুপ্ত হৈ গ’ল যদিও শৈশৱৰ বহু কথা, ঘটনা মোৰ এতিয়াও জলজলপটপটকৈ মনত আছে৷ তাৰে কিছুমান ঘটনা মনত পৰিলে আজিও শিহৰিত হৈ উঠো৷

মোৰ এল পি স্কুলৰ দিনৰে কাহিনী৷ তেতিয়া আমাৰ স্কুলত বহিবৰ  বাবে আজিৰ দৰে ডেক্স বেঞ্চ নাছিল৷ নিজে ঢাৰি কঠ লগত লৈ যাব লাগিছিল৷ দুপৰীয়া বাকী লগৰীয়াৰ লগত কিতাপে কঠে টোপোলা বান্ধি প্ৰায় আধা কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি ঘৰলৈ উভটিছিলো৷ ভৰিত ছেণ্ডেলো নাছিল৷ কাৰণ স্কুললৈ ছেণ্ডেল পিন্ধি আহিব পৰাকৈ প্ৰায়বোৰ ল’ৰাছোৱালীৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল৷ সেয়ে শ্ৰেণীকোঠাত তেনে সহপাঠীৰ মনত বৈষম্যভাৱ যাতে নাহে তাৰ বাবে আমিবোৰেও স্কুললৈ ছেণ্ডেল পিন্ধি নগৈছিলো৷ স্কুলঘৰটো আছিল দিঘলীয়া৷ মাজত বেৰ নাই৷ ইটো শ্ৰেণীৰপৰা সিটো শ্ৰেণী দেখি থাকি৷ স্কুলত চকীদাৰো নাই৷ চাৰ বাইদেওক স্কুল আহি পোৱা দেখিলে আমাৰ মাজৰে কোনোবাই বেলটো বজাই দিয়ে আৰু স্কুুল আৰম্ভ হৈ যায়৷ আকৌ ছুটীৰ পৰত চাৰ, বাইদেউয়ে কয় “আজিলে যাগৈ যা”, আমাৰ স্কুুল ছুটী হৈ যায়৷ 

এদিনৰ কথা৷ মই তেতিয়া এল পি স্কুুুলৰ  প্ৰথম শ্ৰেণীৰ ছাত্ৰী৷ বাকীবোৰ শ্ৰেণীতকৈ আমাৰ স্কুল সোনকালে ছুটী হয়৷ ঘৰখনৰ বাকীসকল ল’ৰা-ছোৱালীতকৈ মই সোনকালেই ঘৰ আহি পাও৷ গাৱঁৰ স্কুল৷ গাৱঁলীয়া ৰাস্তা৷ আহি থাকোতে লগৰবোৰে ক’লে যে কূঁৱাৰ একেবাৰে তলৰ পানীখিনি বৰ ঠাণ্ডা৷ বাল্টিটোৰ ৰছীডাল যিমান পাৰি তললৈ এৰি দিলে এই ঠাণ্ডা পানীখিনি বাল্টিত উঠি আহিব আৰু এইখিনি পানীৰে গা ধোৱাৰ মজাই বেলেগ৷ কথাতো শুনি মোৰো সেই ঠাণ্ডা পানীকণেৰে গা ধোই চাবলৈ বৰ মন গ’ল৷ পিছে পিছ মুহূৰ্ততে দুখো লাগিল৷ কাৰণ আমাৰ ঘৰত সৰু ল’ৰা ছোৱালী কূঁৱাৰ পাৰলৈকে যাবলৈ নিদিয়ে৷ কূঁৱাৰ পৰা পানী তোলাতো দূৰৈৰে কথা৷ তাতে আমাৰ কূঁৱাটো বহুত দ’ আৰু তেতিয়া পাৰ বন্ধা কাম চলি আছিল আৰু একেবাৰে ওপৰৰ ৰিংটো লগোৱা হোৱাই নাছিল৷ সেয়ে কূঁৱাৰ পাৰলৈ যোৱাটোত আমাৰ সৰুকেইটাৰ বাধানিষেধ৷ 

গৰম দিনৰ দুপৰীয়া ৰ’দত ঘামি জামি স্কুলৰ পৰা আহি ঘৰত বেগ আৰু কঠখন থৈ মই কূঁৱাৰ পাৰলৈ আহিলো৷ ভাৱিছিলো ঘৰৰ কোনোবা ডাঙৰ মানুহক কূঁৱাৰ পৰা ঠাণ্ডা পানী উঠাই দিবলৈ ক’ম৷ কিন্তু ওচৰত কাকোৱেই নেদেখিলো৷ মোৰ দেউতা-মা’ৰ স্কুলত চাকৰি৷ ঘৰ আহি পাবলৈ তেতিয়াও বহুত দেৰি৷ বৰদেউতাৰ পঞ্চায়ত আৰু দদাইদেউৰো স্কুলত চাকৰি৷ বৰমা আৰু খুড়ীহঁতো ভিতৰত কামে কামে৷ দিনত সাধাৰণতে গাৱঁৰ মানুহবোৰ নিজৰ নিজৰ কামতেই ব্যস্ত থাকে৷ বাকী ঘৰৰ আটাইবোৰ ল’ৰাছোৱালী তেতিয়া স্কুলত৷ কি কৰা যায়! মোৰ যে কূঁৱাৰ ঠাণ্ডাপানীকণেৰে গা ধোবলৈ ইমান মন গৈছে৷ ভাবিলো নিজেই এবাৰ চেষ্টা কৰি চাও৷ গালি পাৰিবলৈকোতো তেতিয়া বাহিৰত কোনোৱেই নাছিল৷

ভিতৰৰ পৰা চোলা এটা আনি কূঁৱাৰ পাৰতে থলো৷ গা ধোই পিন্ধিব লাগিব৷  এটা বাল্টিত ঢেকী লগোৱা আছে৷ বাল্টিটো কূঁৱাৰ বেছি গভীৰলৈ নিব নোৱাৰি৷ আৰু এটা বাল্টিত ৰছী লগোৱা আছিল৷ বাল্টিটো কোনোমতে দাঙি কূঁৱাৰ ভিতৰলৈ দি ৰছীডাল চোচৰাই দিলো৷ ঢপংকৈ শব্দ এটা হোৱাত গ’ম পালো যে বাল্টিটো পানী পালেগৈ৷ তেতিয়াহে মই কূঁৱাটোত ভূমুকিয়াই চালো৷ লৰি থকা পানীখিনি দেখি অলপ ভয়ো লাগিল৷ মই এবাৰলৈকো ভবা নাছিলো যে সেই অকনমানি হাতদুখনেৰে সেই গধূৰ পানী বাল্টিটো মই কেনেকৈ কূঁৱাৰ পৰা উঠাই আনিম! মোৰ মগজত তেতিয়া মাথোঁন কূঁৱাৰ ঠাণ্ডাপানীৰে গা ধোৱাৰ ভূতে পাইছিল৷ হাতখনেৰে যিমান পাৰো বাল্টিৰ ৰছীডাল তললৈ দি দিলো৷ অকনমানি দেহাটোৰে মই তেতিয়া সিমান ওখও নাছিলো যে কূঁৱাৰ পৰা পানী উঠাব পাৰিম৷ সেয়ে বেঙা মেলিব লগা হৈছিল৷ আৰু কূঁৱাৰ একেবাৰে তলৰ ঠাণ্ডাপানীকণৰ অন্বেষণত বেঙা মেলোতে মেলোতে এটা সময়ত ৰছী আৰু বাল্টিৰে সৈতে মই কূঁৱাৰ ভিতৰলৈ সৰি পৰিলো৷ 

বহু সময় পাৰ হৈ গ’ল৷ কূঁৱাৰ ভিতৰত ঘটি যোৱা ঘটনাটোৰ বিষয়ে কোনেও একো গমকে নাপালে৷ বৰমা, খুড়ীহঁতেও ছাগে তেতিয়ালৈকে মই স্কুলৰ পৰা উভটি অহা বুলি গমেই পোৱা নাছিল৷

আমাৰ ঘৰত সেইসময়ত ভোনা নামৰ মানুহ এজনে কাম কৰি আছিল৷ ভোনাকাইৰ ঘৰ পিলখানাত৷ আমাৰ ঘৰত মাজে মাজে কাম কৰিবলৈ আহে৷ তেওঁৰ চুৰেন নামৰ ভটিজা ল’ৰাটোকো আমাৰ ঘৰত ৰাখিছিল৷ গৰু চৰাবলৈ৷ সেইদিনা ভোনাকায়ে পিছফালৰ বাৰীত কাম কৰি আছিল৷ পিয়াহ লগাত বোধহয় কূঁৱাৰ পাৰলৈ আহিছিল (নে ঈশ্বৰে পথালে নাজানো আৰু) পানী খাবলৈ৷ কূঁৱাৰ পাৰত থৈ দিয়া চোলাতো দেখি আৰু বাল্টিটো নেদেখি ভোনাকাইৰ মনে গোন্ধালে৷ কূঁৱাৰ ভিতৰত ভূমুকিয়াই  দেখিলে পানীত মোৰ ভৰিৰ পটা দুখন উপঙি আছে৷ মোৰ হুচ বোধহয় ওপৰৰ পৰা সৰি পৰোতেই হেৰাল৷ ভোনাকায়ে “বিতু পৰিল” “বিতু পৰিল” বুলি চিঞৰি তালফাল লগালে৷ যেয়ে য’তে পাৰে তৰা নৰা চিঙি কূঁৱাৰ পাৰলৈ ঢপলিয়ালে৷ ভোনাকায়ে তেতিয়ালৈকে কূঁৱাৰ ৰিং বগাই নামি গৈ মোক কূঁৱাৰ ভিতৰৰ পৰা পাৰলৈ উঠাই আনিলে৷

মোক আগফালৰ চোতালত শুৱাই দিয়া হ’ল৷ শৰীৰৰ কেইবাঠাইতো আঘাতৰ চিন৷ তললৈ সৰি পৰোতে কূঁৱাৰ ৰিঙত খুন্দা খাই কেইবাঠাইতো তেজ বিৰিঙিছিল৷ সকলোৰে মনত আশংকা৷ ছোৱালীজনী বাছিব নে নাই বা! চেতনা নথকা শৰীৰৰ পৰা হেচি হেচি মুখেৰে পানী উলিওৱা হ’ল৷ 

তেতিয়ালৈকে দেউতা-মা স্কুলৰ পৰা আহি পোৱাহিয়েই নাছিল৷ কিন্তু গাৱঁত বনজুইৰ দৰে বিয়পি পৰা খৱৰটোত আমাৰ ডাঙৰ চোতালখন মানুহে নধৰা হ’লগৈ৷ কোনোবাই তাৰ মাজতে চাইকেল মাৰি মা’ক খবৰ দিবলৈ যাবলৈ ওলাল৷ কিন্তু তেনে সময়তে মা আহি পালেহি৷ ৰাস্তাতে তেওঁক কোনোবাই মই পানীত পৰাৰ খবৰটো দিছিল৷ আমাৰ পদুলীতে এজোপা নাৰিকল গছ আছে৷ স্মৃতিৰ বোজা বৈ সেইজোপা এতিয়াও ঠিয় হৈ আছে৷ মোৰ এতিয়াও স্পষ্ট মনত আছে, মা উধাতু খাই আহি নাৰিকল জোপাৰ তলতে ৰৈ গৈছিল৷ আৰু ঠিক সেই সময়তে মই সম্বিত ঘুৰাই পাইছিলো৷ চেতনা অহাৰ পিছত মই প্ৰথম মা’কে দেখা পাইছিলো৷ ঈশ্বৰৰ কৃপাত মই সেইবাৰলৈ মৰাৰ পৰা বাছিলো৷

দেউতা তেতিয়ালৈকে আহি পোৱা নাছিল৷ দেউতাৰ স্কুল তিনি কিলোমিটাৰ দূৰৈত৷ মোৰ চেতনা ঘুৰি অহা বাবে ৰাইজো ঘৰা ঘৰি গ’ল৷ দেউতাক খবৰ দিবলৈকো প্ৰয়োজন নহ’ল৷ কিন্তু মৰাৰ পৰা বাছি গ’লো যদিও মই ইফালে ভয়ত কম্পমান৷ দেউতাই আজি ঘৰলৈ আহি মোক কি কৰে ঠিক নাই৷ কূঁৱাৰ পাৰলৈ নাযাবি বুলি দঢ়াইদঢ়াই কোৱাৰ পিছতো মই কিয় যে কূঁৱাৰ পানী তুলিবলৈ গৈছিলো! 

এইটোৱেই একমাত্ৰ এনে ঘটনা নহয়, এনেকুৱা আৰু কেইবাটাও ঘটনা মোৰ জীৱনত সৰু কালতেই ঘটি গৈছে, যাৰ পৰা মই শিকিছো মাথোন৷ ভাৱি চিন্তি নকৰা কামৰ প্ৰতিফলন হাতে হাতে পাইছিলো৷ প্ৰত্যেকবাৰেই আঘাতপ্ৰাপ্ত হৈছিলো৷ আঘাত কেতিয়াবা হৈ পৰিছিল অতি গুৰুতৰ৷ কেতিয়াবা মৃত্যুৰ আশংকাও আহি পৰিছিল৷ কিন্তু প্ৰতিবাৰেই এটি এটি শিকনি লৈ মৃত্যুৰ মুখৰপৰা উলটি আহিছিলো৷ ভুলৰ পৰাও শিক্ষা ল’ব পাৰি৷ খোজেপ্ৰতি সাৱধানতা বৃদ্ধি পাইছিল৷ কিন্তু দুৰ্ঘটনাই হ’লে মোৰ পিছেই নেৰিছিল৷ 

মোক লৈ ঘৰৰ মানুহৰ চিন্তাও হৈছিল৷ কূঁৱাত পৰা কথাটোও সহজভাৱে ল’ব পৰা নাছিল৷ সকলোৱে মোক সুধিছিল, পানীৰ তলত কি দেখিলো৷ চেতনাহীন অৱস্থাটো বোধহয় টোপনিত সপোন দেখা অৱচেতন মনৰ দৰেই৷ মই বগা পাগুৰি মৰা আৰু নীলা চোলা পিন্ধা মানুহ এজনে মোক হাত মেলি দাঙি ধৰা দেখিছিলো৷ সকলোৱে ধৰি ল’লে সেয়া নিশ্চয় বুঢ়া ডাঙৰীয়া৷ কিন্তু সেয়া প্ৰকৃততে আছিল নীলা আকাশত বগা ডাৱৰৰ পাগুৰি৷ পানীত প্ৰতিবিম্বিত আকাশৰ প্ৰতিচ্ছবি৷ এজনী সৰু ছোৱালীৰ মনাকাশত আকি যোৱা এখন জীয়া ছবি৷ 

জীৱনটোক লৈ আক্ষেপ নাই৷ পৰিণতিলৈ চিন্তা নাই৷ কিন্তু যোগাত্মক চিন্তাৰে আগুৱাই যোৱাত বিশ্বাস ৰাখো৷ ভালৰ বাবে চেষ্টাতো নিশ্চয়ে কৰি যাব পাৰো!
... ... ...

Comments

  1. khub xundor Bitu, ga r nom xiyori goise kuwat pora kahini tu xuni. Moi ketiao adventureous nasilu

    ReplyDelete
    Replies
    1. পঢ়িলি যে, বৰ ভাল লাগিল৷ সৰু কালৰ ঢেৰ কাহিনী৷ এতিয়াও পাহৰিব পৰা নাই৷ সেয়ে ভাবিলো লিখি ৰাখো৷

      Delete
  2. Xundar uposthapon...
    Khub val lagil porhi

    ReplyDelete
  3. Aajihe tur kuwat pora kahinu janilu.Rakhe hari mare kune .

    ReplyDelete
    Replies
    1. যমে নিনিয়াজনীয়েই মই 😊

      Delete

Post a Comment

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা