সোঁৱৰণি

এদিন সোঁৱৰণিৰ টোপোলাটো খুলি চালো
ঝণঝণাই সৰি পৰিল অসংখ্য ৰঙা নীলা কণিকা
তাৰে কিছুমান দুখ আৰু কিছুমান সুখ
ল’ৰালিৰ পেঁৰাটোত সোমাই আছিল 
এসাগৰ হাঁহিৰ সঁফুৰা
খিলখিলাই উঠিল মনৰ জোনাকবোৰ
কেতিয়াবা এন্ধাৰ নিশা জোনাকী পৰুৱা হৈ
কেতিয়াবা পূৰ্ণিমাৰ জোন হৈ
নাচি উঠিল বহুৰঙী মনৰ পখিলা

সুখবোৰ হয়তো এনেকুৱাই
দুখৰ মাজত থাকিও হৃদয় জুৰায়
...
#বিতু

Comments