আই-পিতাইলৈ

আইলৈ আজি বৰকৈ মনত পৰিল
উজাগৰী ৰাতি মোৰ শিতান তিতিল

পিতায়ে দেখুৱাই দিয়া বাটেৰে আইও গ’লগৈ
মোৰ চিনাকি বাটত সিচি থৈ অচিনাকি হুমুনিয়াহ
খৰিকাজাঁইৰ দৰেই আছিল আইৰ সুগন্ধি
এতিয়া নিতৌ চতিয়াই যায় শূন্যতাৰ আভাস
এনেকৈয়ে তাঁৰবোৰ চিগাৰ পৰা
টেলিফোনটোও সন্ধিয়া সশব্দে নবজা হ’ল
নুসুধা হ’ল...“মাজনী তই কুশলে আছনে”

দুখবোৰ আহে শিলৰ চোলা পিন্ধি
সময়ৰ বোকোচাত  বগুৱা বাই
অহৰহ যুঁজত মোৰ ক্ষতবিক্ষত শৰীৰ
ভাগৰুৱা মন
কবচ কাপোৰো যে মই ব’ব নাজানো
মৃত্যুলৈ আৰু কিমান দূৰ
সুখৰ এটি দিন-মাহ-বছৰ নে
নৰকৰ কুৰি দিন!

পিতাই থকা হ’লে ক’লেহেঁতেন
মাজনী তইতো অকলশৰীয়া নহয়
মই আছোৱেই দেখোন
তোৰ মুৰৰ ওপৰত আকাশখন হৈ
তোৰ আইও আছে অ’ মোৰ স’তে
এটি তৰা হৈ

এবাৰ যদি আই আকৌ আহিলহেঁতেন
পিতায়ে যদি আকৌ এবাৰ ক’লেহেঁতেন
“মাজনী তই কুশলে থাকিবি”
পিতায়ে একো নক’লে
আইও নাহিল আকৌ উলটি

পুৱা পুনৰ মোৰ দুচকু সেমেকিল
উজাগৰী ৰাতিতো মোৰ শিতান তিতিল ৷৷
... ... ...

পুনশ্চঃ
উজাই তই নবগাবি সপোন
হেঁপাহৰ টোপোলাও যে এতিয়া সোলোক-ঢোলোক
অশৰীৰি হ'ল অ' মোৰ আপোন মানুহ
কেনেকৈয়েবা গাম সেই চিনাকি গান ~~~

#বিতু

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা