Posts

Showing posts from 2021

ব্যস্ততা

Image
 

সময়

Image
 

দেউতা মোৰ

 দেউতা~~~✍️ দেউতা কেনে আছ তই! ডাৱৰৰ দেশত তই কুশলে আছনে তই যাবৰ দিন ধৰি মুধচহীন হোৱা মোৰ ঘৰটো এতিয়া তেনেই তৰাং চোতালত দুবৰিডৰাত অনেক অচিনাকি বন তই জগাই তোলা ৰাতিপুৱাবোৰতো শূন্যতা আকাশবাণীৰ বাতৰিত মুখৰিত ৰাতিপুৱাবোৰ সেই স্কুলীয়া দিনৰ ব্যস্ততা তোৰ চিকচিকিয়া চাইকেলত উঠি স্কুল যাবলৈ ৰৈ থকা সেই খৰধৰ সময়বোৰ এতিয়া সোঁৱৰণি আৰু তোৰ নিৰ্দেশত নিয়মানুৱৰ্তিতা মানি ঘৰৰ প্ৰতিপদ সামগ্ৰীও যথাসময়ত যথাস্থানত যে ৰৈ গৈছিল এতিয়া সকলো চেদেলি ভেদেলি বিচাৰিকে নাপাওঁ পুৱাবোৰত এতিয়া সাৰ নাপাওঁ তই জগাবলৈ নাই যে সেইকাৰণে ভাগৰুৱা সন্ধিয়াবোৰত প্ৰাৰ্থনাবোৰৰ দৰেই মিচ কৰোঁ তোৰ ফোনকলবোৰ তই শিকাই যোৱা কামবোৰ মই এতিয়াও কৰোঁ নিজৰ কাম সকলো নিজেই কৰোঁ সহায় কৰি কাহানিও প্ৰতিদান নিবিচাৰোঁ বেয়াপোৱাবোৰৰ পৰা আতৰি থাকোঁ সুবিধাবাদীক প্ৰশ্ৰয় নিদিওঁ অন্যায়ৰ প্ৰতিবাদ কৰোঁ বিতৰ্ক সদায় যুক্তিৰে খণ্ডন কৰোঁ বিপদত ধৈৰ্য্য ধৰোঁ কিন্তু তোৰ অভাৱযে সদায় অনুভৱ কৰোঁ! যুঁজি যুঁজি ভাগৰিলে চকুহাল মুদি দিওঁ জানো টোপনিত তই আহিবি সাহস হৈ তই সঞ্জীৱনী বুলাই যাবি... আমি ভালে আছোঁ ডাৱৰৰ দেশত তয়ো কুশলে থাকিবি আইৰ যত্ন ল’বি~~~✍️বিতু

মই

Image
 এটি অনুভৱ~

মৃত্যু...মোৰ অনুভৱ

Image
✍️ #বিতু

এপিয়লা চাহ আৰু নীৰৱতাৰে কিছু আলাপ ~~~

Image
 ☕ দেহ মনৰ ভাগৰ জুৰোৱা ধোঁৱাবুলীয়া একাপ কাঢ়া চাহ৷ নীৰৱতাৰে কিছু আলাপ৷ কৰবাত যেন সাৰ পাই উঠে শুই থকা প্ৰিয় শব্দবোৰ৷ বহুদিনেই হ’ল প্ৰিয় শব্দেৰে নেখেলা৷ এটি দুটি বহু কথা৷ সন্ধিয়াৰ বৰষুণত সিক্ত হৈ গোট মৰা মোৰ হৃদয়ৰ গাথাঁ৷ কব খুজিও ক’ব নোৱাৰা অনেক সাধুকথা... এজন দুজনকৈ অনেক পথচাৰী৷ প্ৰত্যেকৰে মনৰ জেপত নানানটা কথাৰ টোপোলা৷ কোনোবাই কঢ়িয়াইছে ৰঙিয়াল বতৰা, কাৰোবাৰ কান্ধত হয়তো ব’ব নোৱাৰা বোজা৷ দৈনন্দিন একেই ছবি৷ মাথোন সলনি হয় বাহক৷ নিতৌ নতুন নতুন পথচাৰীৰ হাতত ধৰি কাহিনীবোৰো চলি থাকে অজানিতে৷ ভাবনাত জোটপোট লাগে৷ মনে নাচিব খোজে, মগজুয়ে কয় বহি থাক৷ হাতৰ তলুৱাৰ পৰা পিচলি পৰে থুতৰি৷ ভাবনাত যতি পৰে৷ গছৰ তলত সৰুকৈ গঢ়ি উঠা মন্দিৰটোৰপৰা ভাঁহি অহা ধূপৰ সুগন্ধিত মলমলাই উঠে শুভসন্ধ্যা৷ সন্মুখত ধোঁৱাবুলীয়া একাপ কাঢ়া চাহ৷ সংগীতৰ তালে তালে বৰ্ণময় হৈ উঠে নিৰস আবেলি...হাত মেলিয়েই যেন থপিয়াই আনিম অস্তগামী বেলি৷ মনটো জোকাৰি দিলোঁ৷ জড়তাখিনি ঝৰঝৰকৈ খহিল...ভাল লগা গীত এটি হৈ শব্দবোৰ গুনগুনাই উঠিল “~~~”  🎼🎼🎼 Bitu's Travelogue

উজাগৰী এনিশা...✍️©বিতু

Image
উজাগৰী এনিশা...✍️©বিতু সাৰ পাই থকা চৰাইবোৰে মোক শুবলৈ নিদিয়ে কিমানযে কথা, কিমানযে আবদাৰ কেতিয়াবা গীত, কেতিয়াবা নাচোন খিৰিকীৰ দুলৰীত পাৰভঙা কান্দোন  এনেকৈয়ে সাৰে থাকে মোৰ আদৰুৱা সপোন মই সাৰে থাকো এজাক বৰষুণৰ প্ৰতীক্ষাত কাহানিবা উজাগৰী ৰাতি কাহানিবা চিকুন পুৱা মৃদু মলয়াৰ নাচোন মোৰ আকাশে বতাহে নিভৃত কোণত সাচি ৰাখো মায়া এখোজ দুখোজ প্ৰসাৰিত হয় সপোনৰ ছায়া কোন দূৰণিৰ বতৰা তুমি বৰদৈচিলা! কপৌৰ পাহিত সুগন্ধি পখিলা দুলি দুলি বাগৰে সৰাপাত এখিলা দুখিলা ৰামধেনুৰ ৰথত মিচিকিয়াই সুৰুজে হাঁহে কলিজাৰ দুৱাৰত টুকুৰিয়াই পোহৰেও মোক সোধে জোনাকৰ সতে পতা নোকোৱা অনেক কথা এটি দুটি বহুটি উজাগৰী নিশা লিখিবানে তুমি এটি সাধুকথা...!