Popular posts from this blog
মই
দেউতা মোৰ
দেউতা~~~✍️ দেউতা কেনে আছ তই! ডাৱৰৰ দেশত তই কুশলে আছনে তই যাবৰ দিন ধৰি মুধচহীন হোৱা মোৰ ঘৰটো এতিয়া তেনেই তৰাং চোতালত দুবৰিডৰাত অনেক অচিনাকি বন তই জগাই তোলা ৰাতিপুৱাবোৰতো শূন্যতা আকাশবাণীৰ বাতৰিত মুখৰিত ৰাতিপুৱাবোৰ সেই স্কুলীয়া দিনৰ ব্যস্ততা তোৰ চিকচিকিয়া চাইকেলত উঠি স্কুল যাবলৈ ৰৈ থকা সেই খৰধৰ সময়বোৰ এতিয়া সোঁৱৰণি আৰু তোৰ নিৰ্দেশত নিয়মানুৱৰ্তিতা মানি ঘৰৰ প্ৰতিপদ সামগ্ৰীও যথাসময়ত যথাস্থানত যে ৰৈ গৈছিল এতিয়া সকলো চেদেলি ভেদেলি বিচাৰিকে নাপাওঁ পুৱাবোৰত এতিয়া সাৰ নাপাওঁ তই জগাবলৈ নাই যে সেইকাৰণে ভাগৰুৱা সন্ধিয়াবোৰত প্ৰাৰ্থনাবোৰৰ দৰেই মিচ কৰোঁ তোৰ ফোনকলবোৰ তই শিকাই যোৱা কামবোৰ মই এতিয়াও কৰোঁ নিজৰ কাম সকলো নিজেই কৰোঁ সহায় কৰি কাহানিও প্ৰতিদান নিবিচাৰোঁ বেয়াপোৱাবোৰৰ পৰা আতৰি থাকোঁ সুবিধাবাদীক প্ৰশ্ৰয় নিদিওঁ অন্যায়ৰ প্ৰতিবাদ কৰোঁ বিতৰ্ক সদায় যুক্তিৰে খণ্ডন কৰোঁ বিপদত ধৈৰ্য্য ধৰোঁ কিন্তু তোৰ অভাৱযে সদায় অনুভৱ কৰোঁ! যুঁজি যুঁজি ভাগৰিলে চকুহাল মুদি দিওঁ জানো টোপনিত তই আহিবি সাহস হৈ তই সঞ্জীৱনী বুলাই যাবি... আমি ভালে আছোঁ ডাৱৰৰ দেশত তয়ো কুশলে থাকিবি আইৰ যত্ন ল’বি~~~✍️বিতু
Comments
Post a Comment