কাৰণ মই সাধাৰণ মানুহ...✍️
সাধাৰণ নৰমনিচ মই সাধাৰণ মোৰ চিন্তা আৰু যুক্তি মানুহ হোৱাৰ দৌৰত এজন যুঁজাৰু চখৰ ধনী অথচ গুণৰ ঋণী শিকাৰু বিপদত অবিচলিত মানসিকতা মোৰ শক্তি বাস্তৱতা মোৰ আদৰ্শ-নীতি প্ৰতিযোগিতা মোৰ জিদ নহয় অংশগ্ৰহণ মোৰ যোগাত্মক ইচ্ছা অভিজ্ঞতা মোৰ সঞ্চয় জ্ঞানদৰ্শন মোৰ জীৱন বীক্ষা বিশ্বাস মোৰ মৰমৰ লাভাংশ সৌন্দৰ্য মোৰ বাবে ঈশ্বৰপ্ৰদত্ত নহয় আন্তৰিকতাৰ ওজন প্ৰসাধনতকৈ উৰ্ধত মিছা প্ৰসংশাত নহওঁ উৎফুল্লিত জনপ্ৰিয়তা মোৰ উদ্দেশ্য নহয় কাম্য মানসিক শান্তি নীৰৱতাতো প্ৰাপ্ত হয় ভুল অজ্ঞানতাৰ অন্ধকাৰত কেতিয়াবা হওঁ পথভ্ৰষ্ট খং অভিমানত আহত প্ৰয়োজন ইতিবাচক উপলব্ধি আৰু সিদ্ধান্তৰ মই নহলো বাকপটু কিম্বা ব্ৰুটাছৰ দৰে বক্তা দুচকুত বৈ ফুৰো সেই অপাৰগতা নহলো অভিনেতা চিত্ৰকৰ নহ’লেও দুচকুত বৈ ফুৰো অজস্ৰ শিল্প গীতিকাৰ নহ’লেও ভাৱনাই গুণগুণায় বসন্তৰ গীত হৈ কবি নহওঁ কিন্তু শব্দৰে আছে অগাধ বন্ধুত্ব বন্ধুত্ব মোৰ বাবে পোচাক নহয়...পৰিয়াল প্ৰিয়জন মোৰ বাবে ষ্টেটাছ নহয়...সহযাত্ৰী জীৱনৰ সম্বন্ধ...মৰম আৰু চেনেহৰ, সন্মান আৰু উপলব্ধিৰ সমাজ, পৰিয়াল আৰু পৰিজন মোৰ জীৱন ৰেখা একাকিত্ব মোৰ সিদ্ধান্ত জীৱনৰ সাধনা আয়ুস মোৰ বাবে বয়সৰ জীৱন লেখা কাইলৈৰ...