আইলৈ মনত পৰে...


লাহ বিলাহবোৰ এতিয়া ভাল নালাগে
ব্ৰেণ্ডেড হেঁপাহবোৰো নোহোৱা হ’ল
বজাৰত বিচাৰি ফুৰো ডিছকাউণ্ট
অথচ ছুইপ কৰিলেই এতিয়া ল’ব পাৰো পচন্দৰ সামগ্ৰী
মনলৈ আহে তোৰ উজ্জ্বলি উঠা দুচকু
যেতিয়া তই হাতত হেঁপাহেৰে তুলি দিছিলি
তোৰ এৰিয়াৰৰ টকাকেইটা
মোলৈ তোৰ সাঁচতীয়া মৰম

তই যোৱাৰ পৰাই
বহাগত হেঁপাহ পলোৱাই এবাৰো নচা নাই
পূজাৰ বতৰত এটাও বেলুন মই ফুলোৱা নাই
ঘৰলৈ যাবলৈ এবাৰলৈও উৎসাহিত হোৱা নাই
বাটলৈ চাই তয়োতো আৰু মোলৈ ৰৈ নাথাক
মই ভালপোৱাবোৰ বিচাৰি ঢপলিয়াই নুফুৰ
তোৰ হাতৰ পৰশত ঠন ধৰি উঠা
তাহানিৰ সতেজ দুবৰিবোৰ
এতিয়া হাবি হৈ মোক তাচ্ছিল্য কৰে

মৰমৰ মৰমবোৰত এতিয়া হিচাব-নিকাচ
মুকলি আকাশৰ তলতো উশাহৰ কন্দল

দুখৰ সময়বোৰ একেই থাকে
কেতিয়াবা জুই লৈ খেলে
আৰু কেতিয়াবা অস্থিৰতাৰে অৱস্থান কৰে
দূৰত্ব কিমান জুখিব পাৰি সময়েৰে
সূৰ্যোদয়ৰ প্ৰতীক্ষাত মাথো বছৰ বাগৰে ...✍️বিতু

Comments