যদি তোমাৰ ভাল নালাগে...
মোৰ কথাবোৰ যদি ভাল নালাগে
তেন্তে মোক তুমি নুশুনিবা
মোৰ উপস্থিতি যদি কাম্য নহয়
মোৰ চৌপাশলৈ নাহিবা
মোক প্ৰশংসা কৰিবলৈ তুমি বাধ্য নহয়
সৌজন্যতা নেদেখুৱালেও গম পাম
মোৰ চিন্তাবোৰ যদি অপচন্দ
মোৰ বাটে নাহিলেও হ’ব
মোক ভাল পাবলৈ কোনেও শপত দিয়া নাই
মন গলেই তুমি বেয়া পাবলৈ স্বাধীন
মিচাকৈ তোমাৰ দুৱাৰ বন্ধ নকৰিবা
তুমি নিবিচাৰিলে মোৰ চাঁটোও সেই বাটেৰে নাযায়
কেতিয়াবা ভুলতে সুৰুঙা হেৰাব
তুমি বিচৰাসকলো আহিব নোৱাৰিব
মই হাই উৰুমি বৰ ভাল নাপাওঁঁ
মোৰ পথত অগাভেঁটা নকৰিবা
জেউৰাৰ ফাকেৰে নুজুমিবা
বৰ বেয়া দেখি
মোৰ দিনলেখা মই সন্ধিয়াৰ বাতৰিত দিম
ঘৰলৈ অহা অতিথি আপ্যায়ন মই কৰিম
তুমি মিছাতে মূৰ নঘমাবা
মোৰ গাত বোকা চটিওৱাৰ আগত নিজকে ঢাকি আহিবা
নহ’লে পোচাক তোমাৰ লেতেৰা হ’ব...✍️বিতু

Comments
Post a Comment