লেচেৰি বুটলা বাটেদি-৬
গৰম বন্ধ আৰম্ভ হৈছিল৷ খেতি পথাৰত দিনটো কাম কৰি আবেলি সকলোৱে অলপ জিৰণি লয়৷ পিচদিনা মাটি বোকা দিবলৈ নাথাকিলে আবেলি পথাৰত কাম নাথাকে৷ নহ’লে কঠিয়া উঠোৱা, পথাৰত আলি দিয়া আদিৰ কামত জুলু কাই, ৰমেশ কাইহঁত ব্যস্ত থাকে৷ সেইদিনা তেনে কাম নথকাত দেউতাকে বাৰীৰ পৰা কঠাল অলপ পৰোৱালে৷ বাৰীত বহুত কঠাল লাগিছিল৷ তাই কিন্তু পকা কঠাল খাই ভাল নাপায়৷ কেঁচা কঠাল অৱশ্যে খাবলে বেয়া নাপায়৷ দেউতাকে বৰ ধুনীয়াকৈ কঠালটো কাটি চিটা চিট কৰি দিয়ে৷
সেইদিনাও দেউতাকে দা এখন লৈ কেঁচা কঠালবোৰ কাটি চিটাচিট কৰি দিছিল আৰু তাই ভায়েকৰ লগত ওচৰতে বহি চাই আছিল৷ দেউতাকে কাটি দিয়া কঠালৰ ভাগবোৰ তাই এচিটা এচিটাকৈ সকলোকে ভগাই দিলেগৈ৷ তেনেকুৱাতে দেউতাকক কোনোবাই মাতিবলৈ আহিল৷ কিবা জৰুৰী সকাম৷ দেউতাকেও কঠাল কটা তাতেই এৰি লৰালৰিকৈ ওলাই গ’ল৷ যাওঁতে অৱশ্যে তাই আৰু ভায়েকৰ বাবে কঠালৰ ভাগ একোটা কাটি দি গৈছিল৷ কিন্তু তাইৰ মনটো যে বেলেগ এটা কথাৰ বাবেহে লক্লকাই আছিল৷
দেউতাকে কাটি দিয়াৰ দৰে তাইৰো কঠাল কাটিবলৈ মন গ’ল৷ দেউতাকহঁতক কঠাল কটাৰ আগত হাতত মিঠাতেল লগোৱা তাই দেখিছে৷ মিঠাতেল সানিলে হাতত কঠালৰ আঠা লাগি নধৰে৷ তাইও হাতত মিঠাতেল সানি লৈ দা খন উঠাই ল’লে৷ দেউতাকৰ দৰে ধুনীয়াকৈ কাটিবলৈ চেষ্টা কৰিব৷ দাখন যথেষ্ট গধুৰ, তাই কোনোমতেহে ডাঙিব পাৰিলে৷ পিছে কঠালৰ কোনখিনি জেগাত বা দাখনেৰে কাটিব লাগে, কেনেকে গ’ম পাব! কিবা এটা চিন্তা কৰি তাই বাওঁহাতখনেৰে কঠালৰ কাটিবলগীয়া অংশত ধৰিলৈ, সোহাঁতেৰে দিলে এটা পূৰ্ণহতীয়া ঘাপ৷ হাতখনেৰে ধৰি থাকিলে যে ঘাপটো আহি হাততে পৰিব, সেইটো চিন্তা কৰিব পৰাকৈ তেতিয়ালৈকে তাইৰ চিন্তাৰ বিকাশ হোৱাই নাছিল৷ একে ঘাপতে বাওঁহাতৰ বুঢ়া আঙুলিৰ তলৰ তলুৱাখিনি চাচি লৈ গ’ল৷ তলুৱাৰ মঙহ গোটিইখিনি দাখনে কাটি লৈ গ’ল৷
হঠাৎ হৈ যোৱা ঘটনাটোত তাই কিংকৰ্তব্যবিমূঢ় হৈ সিফালেই তধা লাগিল৷ পিছ মুহূৰ্ততে সোহাঁতখনেৰে বাওঁহাতৰ কটা অংশ হেঁচা মাৰি ধৰিলে৷ ভায়েকে ইফালে কিনো হ’ল একো ততকে ধৰিব পৰা নাই৷ সি ভেবা লাগি চাইয়ে থাকিল৷ কটা হাতখন ইখন হাতেৰে হেঁচি ধৰি তাই বাহিৰলৈ দৌৰি গ’ল৷ হাতখন কাটিছে বুলি এতিয়া ক’ব কাক! যাকেই ক’ব সিয়েই গালি দিব৷ অৱশেষত তাইৰ চকু পৰিল মাহীৰ ওপৰত৷ খুড়ীয়েকৰ ভনীয়েক আহিছিল ফুৰিবলৈ৷ এই মাহীয়ে সিহঁতক বৰ মৰম কৰে৷ মাহীয়ে অন্তত গালি নিদিয়ে বুলি তাই জানে৷ সেয়ে তাই মাহীয়েকৰ কাষলৈ গৈ মনে মনে হাতকটাৰ কথা জনালে৷ আৰু কাকো নজনাবলৈ কৈ ডাফলীবন অলপ খুন্দি দিবলৈ ক’লে৷ মাহীয়েকেও অকমানকৈ কিবা হৈছে বুলি ভাবি লৰালৰিকৈ ডাফলীবন খুন্দি কটা জেগাটো চাব খুজিলে৷ বহুদেৰি জোৰেৰে হেঁচা খাই থকা কটা জেগাখিনিৰ পৰা সোহাঁতখন আতৰাই দিয়াৰ লগে লগে ফিচকাৰিৰ দৰে তেজ ওলাই আহি মাহীয়েকৰ গাতে পৰিল৷ তেওঁ চিঞৰ মাৰি দিলে৷
চিঞৰ শুনি ঘৰৰ বাকী মানুহবোৰো চাপ খাই আহিল৷ ইমান দ’কৈ কটা দেখি সবে ইচ্ইচাবলৈ ধৰিলে৷ অৱশেষত যেনিবা বনদৰব লগোৱাত তেজ ওলোৱা বন্ধ হ’ল৷ তাইৰ হাতখন ভলকৈ বেণ্ডেজ কৰি দিয়া হ’ল৷ তলুৱাখন বৰ দ’কৈ কাটিছিল৷ কিন্তু গালি খোৱাৰ ভয়তে তাইৰ মুখেদি আহ শব্দ এটাও নুলাল৷ চুপচাপ বহি থাকিল৷
নভবা নিচিন্তাকৈ কিবা এটা কৰি তাই আঘাতপ্ৰাপ্ত হোৱাৰ কাহিনী ইয়াতেই শেষ হোৱা নাই৷ এবাৰ ৰছী এডাল কাটিবলৈ খুটা এটাত বুঢ়া আঙুলিৰে হেঁচা মাৰি ধৰি কটাৰীৰে ঘাপ দিওঁতে সেইবাৰলৈ বুঢ়া আঙুলিটো কটা গৈছিল৷ এটাৰ পিছত আনটো ঘটনা সংঘটিত হোৱাৰ পিছত তাই লাহে লাহে অনুভৱ কৰিবলৈ ধৰিলে যে কৰবাত যেন কিবা এটা তাই জনা নাই৷ ঘৰৰ মানুহবোৰো তাইৰ বাবে চিন্তান্বিত হ’বলৈ ধৰিলে৷ তাইৰ লগত কিবা নহয় কিবা দেখোন ঘটিয়েই থাকে প্ৰতিদিন! দেউতাকে তেতিয়া তাইক কালিদাসৰ কাহিনী কৈছিল, কেনেকৈ কালিদাসে প্ৰথম অৱস্থাত নিজৰ চিন্তাশক্তি ব্যৱহাৰ কৰা নাছিল বাবে সাধাৰণ কথাৰো সমিধান উলিয়াব নোৱাৰি মুৰ্খতাৰ পৰিচয় দিছিল, আৰু পিছলৈ কেনেকৈ নিজকে উত্তৰণ ঘটাই জ্ঞানী হৈ কালজয়ী পুথি ৰচনা কৰিলে৷
কালিদাসৰ কাহিনীটোৱে তাইৰ জীৱনতো প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিলে৷ যিকোনো কাম কৰাৰ আগতে আজিকালি তাইও ভাবি চাবলৈ শিকিছে৷ কামটোৰ পৰা ভাল কি কি হ’ব পাৰে আৰু বেয়া কি কি হ’ব পাৰে৷ দেউতাকে তাইক এষাৰ বাক্য শিকাইছে “ভাবিয়া কৰিও কাজ, কৰিয়া ভাবিও না”৷ লাহে লাহে তাইৰো চিন্তা শক্তি কিছু বিকাশ হ’বলৈ ধৰিলে৷ উচিত অনুচিত চিন্তা কৰা কাম কৰিবলৈ শিকিছে৷ কিন্তুু এই পৰ্যায় পোৱাৰ আগলৈকে তাই কেইবাটাও সৰু বৰ অঘটনৰ সন্মুখীন হৈ আঘাতপ্ৰাপ্ত হ’ব লগা হ’ল৷
ব্যৱহাৰিক জ্ঞান আহৰণৰ ক্ষেত্ৰত কিতাপৰ শিক্ষাতকৈ জীৱনৰ বাস্তৱ অভিজ্ঞতা যে কোনো গুনে কম নহয়, সেই কথাই এই বয়সতে তাইৰ জীৱনত এক বিশেষ ভূমিকা গ্ৰহণ কৰিলে৷ শিক্ষাৰটো কোনো বয়স নাই৷ যেতিয়াই প্ৰয়োজন জ্ঞানবীক্ষা মেলি দিলেই হ’ল৷ শিক্ষাই পোহৰ দেখুৱাব, অভিজ্ঞতাই অভিজ্ঞ কৰিব, এনেদৰেই জীৱন সমৃদ্ধ হৈ গৈ থাকিব...✍ #বিতু

Comments
Post a Comment