“বন্ধুত্বনো কি?
বন্ধুত্ব কোনো অধিকাৰ নহয়, অনুভৱ৷ বন্ধুত্ব দিয়া লোৱাৰ সম্বন্ধ অথবা পোৱা নোপোৱাৰ হিচাব-নিকাচো নহয়৷ নিঃস্বাৰ্থ নিঃচৰ্ত আন্তৰিকতাৰ নাম বন্ধুত্ব৷ বিপদত হাত আগবঢ়ায় বন্ধুয়ে৷ ইতিবাচক জীৱনৰ বাট গঢ়ে৷ বিনিময় নহয়, আদৰণি হয় বন্ধুত্বত৷ দুখবোৰ কোঁচ পাতি লয়৷ সুখবোৰ উপচাই দিয়ে৷
সিদ্ধান্তত নহয়, বন্ধুত্ব গঢ় লয় সমন্বয়ত৷ আজুৰি লোৱাৰ নাম নহয়, সময় দিয়াৰ নাম বন্ধুত্ব৷ পৰস্পৰৰ আস্থা, বুজাবুজি আৰু সন্মানৰ মজবুত এনাজৰী৷ অভিযোগতকৈ আন্তৰিকতাৰ সম্বন্ধ অধিক দীৰ্ঘস্থায়ী৷ বন্ধুত্ব মানে সংকল্প, বিশ্বাস আৰু ভাৰষা৷ জীৱনৰ অৱলম্বন৷
বন্ধুত্বৰ লেখেৰে কাৰোবাৰ বন্ধু হ’ব পাৰিছো নে নাই নাজানো, কিন্তু ভাব হয়, যিমানেই উবুৰিয়াই নিদিওঁ, জোখেৰে সদায় কম হৈয়ে যায়৷ চেষ্টা অব্যাহত আজীৱন৷
সকলোলৈকে বন্ধুত্ব দিৱসৰ আন্তৰিক শুভকামনা...✍️ #বিতু
#HappyFriendshipDay

Comments
Post a Comment