Posts

Showing posts from 2019

আই-পিতাইলৈ

আইলৈ আজি বৰকৈ মনত পৰিল উজাগৰী ৰাতি মোৰ শিতান তিতিল পিতায়ে দেখুৱাই দিয়া বাটেৰে আইও গ’লগৈ মোৰ চিনাকি বাটত সিচি থৈ অচিনাকি হুমুনিয়াহ খৰিকাজাঁইৰ দৰেই আছিল আইৰ সুগন্ধি এতিয়া নিতৌ চতিয়াই যায় শূন্যতাৰ আভাস এনেকৈয়ে তাঁৰবোৰ চিগাৰ পৰা টেলিফোনটোও সন্ধিয়া সশব্দে নবজা হ’ল নুসুধা হ’ল...“মাজনী তই কুশলে আছনে” দুখবোৰ আহে শিলৰ চোলা পিন্ধি সময়ৰ বোকোচাত  বগুৱা বাই অহৰহ যুঁজত মোৰ ক্ষতবিক্ষত শৰীৰ ভাগৰুৱা মন কবচ কাপোৰো যে মই ব’ব নাজানো মৃত্যুলৈ আৰু কিমান দূৰ সুখৰ এটি দিন-মাহ-বছৰ নে নৰকৰ কুৰি দিন! পিতাই থকা হ’লে ক’লেহেঁতেন মাজনী তইতো অকলশৰীয়া নহয় মই আছোৱেই দেখোন তোৰ মুৰৰ ওপৰত আকাশখন হৈ তোৰ আইও আছে অ’ মোৰ স’তে এটি তৰা হৈ এবাৰ যদি আই আকৌ আহিলহেঁতেন পিতায়ে যদি আকৌ এবাৰ ক’লেহেঁতেন “মাজনী তই কুশলে থাকিবি” পিতায়ে একো নক’লে আইও নাহিল আকৌ উলটি পুৱা পুনৰ মোৰ দুচকু সেমেকিল উজাগৰী ৰাতিতো মোৰ শিতান তিতিল ৷৷ ... ... ... পুনশ্চঃ উজাই তই নবগাবি সপোন হেঁপাহৰ টোপোলাও যে এতিয়া সোলোক-ঢোলোক অশৰীৰি হ'ল অ' মোৰ আপোন মানুহ কেনেকৈয়েবা গাম সেই চিনাকি গান ~~~ #বিতু

সোঁৱৰণি

এদিন সোঁৱৰণিৰ টোপোলাটো খুলি চালো ঝণঝণাই সৰি পৰিল অসংখ্য ৰঙা নীলা কণিকা তাৰে কিছুমান দুখ আৰু কিছুমান সুখ ল’ৰালিৰ পেঁৰাটোত সোমাই আছিল  এসাগৰ হাঁহিৰ সঁফুৰা খিলখিলাই উঠিল মনৰ জোনাকবোৰ কেতিয়াবা এন্ধাৰ নিশা জোনাকী পৰুৱা হৈ কেতিয়াবা পূৰ্ণিমাৰ জোন হৈ নাচি উঠিল বহুৰঙী মনৰ পখিলা সুখবোৰ হয়তো এনেকুৱাই দুখৰ মাজত থাকিও হৃদয় জুৰায় ... #বিতু

বৰষুণ~~~এটি কবিতা

বৰষুণ  - ১ সন্ধিয়া মোৰ ঘৰলৈ এজাক বৰষুণ আহিছিল মোৰ পদূলি তিয়াই এচাৰকণিৰে দুভৰি তিয়াই সুধিলেে কেনে আছা সখী গোটেইজনী বুৰিছিলো শব্দৰ স্পৰ্শত বৰষুণজাকত নিতিতাকৈয়ে~~~ ✍#বিতু বৰষুণ  - ২ দুপৰ নিশা জোনাকত তিতি মোৰ উৰুখা পঁজাৰ নঙলা খুলি সোমাই আহিছিল এটি সপোন সাৰ পাই বুকুত সাৱটিবলৈ নৌপাওঁতেই এৰি থৈ গুছি গ’ল এজাক বৰষুণ মোৰ পদূলি তিয়াই ~~~ ✍#বিতু বৰষুণ  - ৩ তুমি মোক দোকমোকালিতে মাতিছিলা মই জোনজনীয়ে খোজ কঢ়ালৈকে ৰৈ আছিলো তুমি নাহিলা তাৰপাছত আকাশফালি সৰি পৰিল এজাক বৰষুণ মোৰ দুচকুৰে টোপ টোপ কলিজাৰ বিষাদ ~~~ ✍#বিতু বৰষুণ  - ৪ জোনাকে ডাৱৰে বিষাদ নাছিল ৰ’দে হেৰোৱা নাছিল হেন্দোলিত আকাশৰ ডেউকা সেইবাবেই ৰ’দে নাজানে কিমান গধুৰ হ’ব পাৰে দুচকুৰে বাগৰা বৰষাৰ বন্যা ~ ✍#বিতু বৰষুণ  - ৫ মোৰ খিৰিকিত জিলমিল ৰ’দৰ বতাহ বৰষুণ হৈ নামি আহে এসোপা জোনাক এন্ধাৰত সপোন সিঁচিবলৈ সপোনবোৰেই ভাল সেউজীয়া বিয়পায় ~~~ ✍#বিতু ××××××××××××××××××××××× ................................................

শুৱনি আমাৰ গাওঁ

মৃত্যুৰ দুৱাৰদলিৰ পৰা... জীৱনৰ ধামখুমীয়াত স্মৃতিৰ পৰা বহু কথাই বিলুপ্ত হৈ গ’ল যদিও শৈশৱৰ বহু কথা, ঘটনা মোৰ এতিয়াও জলজলপটপটকৈ মনত আছে৷ তাৰে কিছুমান ঘটনা মনত পৰিলে আজিও শিহৰিত হৈ উঠো৷ মোৰ এল পি স্কুলৰ দিনৰে কাহিনী৷ তেতিয়া আমাৰ স্কুলত বহিবৰ  বাবে আজিৰ দৰে ডেক্স বেঞ্চ নাছিল৷ নিজে ঢাৰি কঠ লগত লৈ যাব লাগিছিল৷ দুপৰীয়া বাকী লগৰীয়াৰ লগত কিতাপে কঠে টোপোলা বান্ধি প্ৰায় আধা কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি ঘৰলৈ উভটিছিলো৷ ভৰিত ছেণ্ডেলো নাছিল৷ কাৰণ স্কুললৈ ছেণ্ডেল পিন্ধি আহিব পৰাকৈ প্ৰায়বোৰ ল’ৰাছোৱালীৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নাছিল৷ সেয়ে শ্ৰেণীকোঠাত তেনে সহপাঠীৰ মনত বৈষম্যভাৱ যাতে নাহে তাৰ বাবে আমিবোৰেও স্কুললৈ ছেণ্ডেল পিন্ধি নগৈছিলো৷ স্কুলঘৰটো আছিল দিঘলীয়া৷ মাজত বেৰ নাই৷ ইটো শ্ৰেণীৰপৰা সিটো শ্ৰেণী দেখি থাকি৷ স্কুলত চকীদাৰো নাই৷ চাৰ বাইদেওক স্কুল আহি পোৱা দেখিলে আমাৰ মাজৰে কোনোবাই বেলটো বজাই দিয়ে আৰু স্কুুল আৰম্ভ হৈ যায়৷ আকৌ ছুটীৰ পৰত চাৰ, বাইদেউয়ে কয় “আজিলে যাগৈ যা”, আমাৰ স্কুুল ছুটী হৈ যায়৷  এদিনৰ কথা৷ মই তেতিয়া এল পি স্কুুুলৰ  প্ৰথম শ্ৰেণীৰ ছাত্ৰী৷ বাকীবোৰ শ্ৰেণীতকৈ আমাৰ স...

শুৱনি আমাৰ গাওঁ৷৷

গৰমবন্ধ, এক নষ্টালজিয়া... বাৰিষা আহিলেই মই য’তেই নাথাকো, মোৰ জন্মগত গাওঁখনলৈ খুৱ মনত পৰে ৷ বাৰিষাৰ গাৱঁলীয়া জীৱনৰ এই সুকীয়া অনুভৱে মোক এতিয়াও এৰি অহা শৈশৱলৈ লৈ যায় ৷  এল পি স্কুলত পঢ়া সময়চোৱাত আমি পুৰণিঘৰত বৰদেউতাৰ পৰিয়াল আৰু দদাইদেউৰ পৰিয়ালৰ লগত একেলগে আছিলো৷ তেতিয়া গধূলিবোৰৰ স্মৃতি আৰু অধিক সাধুকথাৰ দৰে৷ জাকৰোৱা ঘৰ৷ এগালমান মানুহ৷ আলহীয়ে অতিথিয়ে গিজগিজাই থকা ঘৰখনত অনবৰতে সবাহ এখন হৈ থকাৰ দৰেই৷ গৰমৰ দিনত কাৰেণ্ট প্ৰায়ে নাথাকে৷ সন্ধিয়া হ’লে দেউতাই চোতালত কেৰমখাটখন তৰি লৈ জিৰণি লয়৷ মহ নাহিবৰ বাবে অলপ আঁতৰত খেৰৰ জুমুঠি এটা জ্বলি থাকে৷ কোনোবা আলহী আহিলেও চোতালতে চকী পাৰি বহে৷ গৰমত কোনেও ভিতৰত সোমাবলৈ ইচ্ছা নকৰে৷ বিচনী মাৰি মাৰি বিভিন্ন বিষয়ৰ কথা আলোচনা হয়৷ দেউতাই আকবৰ বীৰবলৰ সাধুৰ পৰা আৰম্ভ কৰি বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুলৈকে সকলো প্ৰসংগ উলিয়াই৷ মাজে মাজে ভূগোলৰ সাধু কয়৷ আমি তৰাবোৰ লেখি লেখি কল্পনা সাগৰত সাতুৰি ফুৰো৷ তাৰ মাজতে ভাত ৰান্ধিবলৈ মাক শাক পাচলি যোগাৰ কৰি সহায় কৰি দিও৷ কঠালৰ গুটি পুৰি ভাতৰ লগত খাবলৈ বৰ ভাল৷ গৰমৰ দিনত আমাৰ ঘৰত মাছ পাতত দিয়া প্ৰায় সদায়ে থাকে৷ এনেবোৰ গাৱ...

কিতাপ...এক নষ্টালজিয়া

কিতাপ পঢ়ি ভাল পাওঁ৷ কিতাপৰ পৰা ওলোৱা গোন্ধটো নাকত লাগিলে এতিয়াও স্কুল-কলেজৰ দিনবোৰলৈ ঘুৰি যোৱা যেন লাগে৷ অ, আ, ক, খ শিকিয়েই কিতাপৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ৷ মোৰ জীৱনত প্ৰভাৱ পেলোৱা যথেষ্টসংখ্যক কিতাপ আছে৷ মোৰ প্ৰিয় কিতাপৰ তালিকাখনো বহুত দিঘলীয়া৷ মই দ্বিতীয় শ্ৰেণী পাওতেই বাহিৰা কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ মা’ৰ কিতাপ পঢ়াৰ নিচা আছিল৷ যথেষ্ট ব্যস্ততাৰ অন্ততো মা’য়ে কিতাপ পঢ়াৰ বাবে সময় উলিয়াইছিল৷ আৰু মা’য়ে পঢ়িবলৈ আনি থোৱা কিতাপবোৰকে মইও পঢ়িবলৈ আৰম্ভ কৰিছিলোঁ৷ যুক্তাক্ষৰ শিকিবলৈ লওতেই প্ৰথম উপন্যাসখন পঢ়িছিলো হিতেশ ডেকাৰ “এয়েতো জীৱন”৷ কাহিনীটো সঁচা বুলি ভাবি বহুত কান্দিলোঁ৷ সেইয়াই আৰম্ভণি ৷ এখন এখনকৈ ঘৰত থকা সকলো কিতাপ পঢ়ি শেষ কৰিলোঁ ৷ কিতাপ পঢ়াত ইমানেই নিচা লাগিছিল যে ৰামায়ন মহাভাৰতো বাদ নপৰিল৷ মোৰ বাহিৰা কিতাপ পঢ়াৰ গতি দেখি মা’য়ে কিতাপ পঢ়া কমাই দিছিল৷ কাৰণ তেতিয়া মই এল.পি.স্কুলত৷ স্কুলৰ কিতাপ নপঢ়িম বুলি মাহঁতে চিন্তাই কৰিছিল৷ মাজতে “গ্ৰন্থবান্ধব” প্ৰকল্পত জৰিত আছিলোঁ৷ সেইসূত্ৰে যথেষ্টসংখ্যক কিতাপ পঢ়াৰ সুযোগ পালোঁ৷ কিতাপৰ নাম মনত ৰাখিব নোৱাৰাকৈ কিতাপ পঢ়িলোঁ৷ কিতাপৰ সৈতে আত্মীয়তা...

মৰুভূমিত সূৰ্য্যাস্ত

হাতৰ মুঠিতে হেৰাল হেঁপাহ প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ উভতাইও আনিব নোৱাৰোঁ এৰি থৈও যাব নোৱাৰোঁ বাটলৈ চাই চাই সৰকি গৈছে সময় সোঁৱৰণিৰ ফাঁকে ফাঁকে ওখ হৈ গৈ থকা সপোনটোৱেও জুখি জুখি ভাগৰিছে আকাশ আৰু মাটিৰ দূৰত্ব কি কৰোঁ বেলিটোও যেন এই ডুবো ডুবো...!