সংখ্যা...বাঢ়ি অহা কিছু চিন্তা
সংখ্যা...বাঢ়ি অহা কিছু চিন্তা ✍ © #বিতু এটি এটিকৈ বাঢ়ি আহিল সংখ্যাবোৰ৷ এক দুই তিনি চাৰি পাচ ছয় সাত... সংখ্যাবোৰ ক্ৰমাৎ যুৰীয়া হ’ল৷ লাহে লাহে এশ-হাজাৰ-লাখ-মিলিয়ন৷ ধাৰাসাৰ সংখ্যাৰ প্লাৱন হে যেন নামিল৷ এপলক দুপলক সময়তো বাঢ়িব ধৰিলে সংখ্যা৷ অংকবোৰ ডাঙৰ হৈ আহিল৷ ডিচপেনচাৰীৰ এক ফাইল ক্লৰকুইন, এতিয়া আমাৰ দৰে ঘটিৰাম বাতিৰামৰ নহয়৷ ডলাৰৰ দেশ আমেৰিকাতো এতিয়া ইয়াৰ কদৰ৷ বাঢ়ি যায় ডিমাণ্ড৷ হাত ধুই ভাত নোখোৱাজনেও যেতিয়া হিচাপ ৰাখে, ষ্টকত আৰু চেনিটাইজাৰ কেইটা আছে! “প” উচ্চাৰণ কৰিব নোৱাৰাজনেও ঘনাই ক’ব পৰা হ’ল পিপিই কিটৰ কথা৷ এই সকলোবোৰ সংখ্যাৰেই অংক৷ কেতিয়াবা জিভাৰ আৰু কেতিয়াবা কেলকুলেটৰৰ কিপেডৰ, সময়ৰ আৰু সমস্যাৰ৷ কভিড কৰ’নাৰ সংখ্যা বাঢ়িল বিশ্ব অৰ্থনীতিত অৰ্থৰ দৰ কমিল সংক্ৰমণৰ সংখ্যা বাঢ়িল ঔষধৰ সংখ্যা কমিল হস্পিতালৰ ব্যস্ততা বাঢ়িল ৰোগীৰ বাবে ঠাই কমিল মৃতদেহৰ সংখ্যা বাঢ়িল কফিনৰ ষ্টক কমিল লকডাউনৰ সংখ্যা বাঢ়িল যান বাহন সংস্থাবোৰৰ আয় কমিল নিবনুৱাৰ সংখ্যা বাঢ়িল পলিউচনৰ মাত্ৰা কমিল নাটনিৰ মাজত বয় বস্তুৰ দাম বাঢ়িল পাকঘৰত ফৰমাইচৰ সংখ্যা কমিল আৰ্তজনৰ দুখত মানৱতাৰ নিদৰ্শন বাঢ়িল আগত...