সংখ্যা...বাঢ়ি অহা কিছু চিন্তা

সংখ্যা...বাঢ়ি অহা কিছু চিন্তা

✍ © #বিতু

এটি এটিকৈ বাঢ়ি আহিল সংখ্যাবোৰ৷ এক দুই তিনি চাৰি পাচ ছয় সাত... সংখ্যাবোৰ ক্ৰমাৎ যুৰীয়া হ’ল৷ লাহে লাহে এশ-হাজাৰ-লাখ-মিলিয়ন৷ ধাৰাসাৰ সংখ্যাৰ প্লাৱন হে যেন নামিল৷ এপলক দুপলক সময়তো বাঢ়িব ধৰিলে সংখ্যা৷ অংকবোৰ ডাঙৰ হৈ আহিল৷

ডিচপেনচাৰীৰ এক ফাইল ক্লৰকুইন, এতিয়া আমাৰ দৰে ঘটিৰাম বাতিৰামৰ নহয়৷ ডলাৰৰ দেশ আমেৰিকাতো এতিয়া ইয়াৰ কদৰ৷ বাঢ়ি যায় ডিমাণ্ড৷ হাত ধুই ভাত নোখোৱাজনেও যেতিয়া হিচাপ ৰাখে, ষ্টকত আৰু চেনিটাইজাৰ কেইটা আছে! “প” উচ্চাৰণ কৰিব নোৱাৰাজনেও ঘনাই ক’ব পৰা হ’ল পিপিই কিটৰ কথা৷ এই সকলোবোৰ সংখ্যাৰেই অংক৷ কেতিয়াবা জিভাৰ আৰু কেতিয়াবা কেলকুলেটৰৰ কিপেডৰ, সময়ৰ আৰু সমস্যাৰ৷

কভিড কৰ’নাৰ সংখ্যা বাঢ়িল
বিশ্ব অৰ্থনীতিত অৰ্থৰ দৰ কমিল
সংক্ৰমণৰ সংখ্যা বাঢ়িল
ঔষধৰ সংখ্যা কমিল
হস্পিতালৰ ব্যস্ততা বাঢ়িল
ৰোগীৰ বাবে ঠাই কমিল
মৃতদেহৰ সংখ্যা বাঢ়িল
কফিনৰ ষ্টক কমিল
লকডাউনৰ সংখ্যা বাঢ়িল
যান বাহন সংস্থাবোৰৰ আয় কমিল
নিবনুৱাৰ সংখ্যা বাঢ়িল
পলিউচনৰ মাত্ৰা কমিল
নাটনিৰ মাজত বয় বস্তুৰ দাম বাঢ়িল
পাকঘৰত ফৰমাইচৰ সংখ্যা কমিল
আৰ্তজনৰ দুখত মানৱতাৰ নিদৰ্শন বাঢ়িল
আগতে ডাঙৰ যেন লগা অন্যান্য সমস্যাবোৰ তল পৰিল
সুবিধাবাদীৰো সংখ্যা বাঢ়িল
অল্পমতিসকলৰো মুৰ্খতা উজ্জ্বলিল
ধনীৰ আয় কমিল
দুখীয়াৰ সংখ্যা আৰু বাঢ়িল
প্ৰতিযোগিতাৰ সংখ্যা কমিল
জীয়াই থকাৰ চিন্তা বাঢ়িল

মুঠতে সকলোতে অংক৷ শূন্যটোৱে নাজানে, সংখ্যাৰ পিছত বহি ই কি বঢ়াইছে আৰু কি কমাইছে! সংখ্যাবোৰ মাথো প্ৰতীক৷ অংকবোৰ তাৰ ব্যাকৰণ৷ সংখ্যাৰ বঢ়া তুতাতেই সমস্ত অংক৷ ইয়েই বঢ়ায় ব্যৱধান৷ ধনী আৰু দুখিয়াৰ, কম আৰু বেছিৰ, মুৰ্খ আৰু তীখৰৰ, প্ৰিয় আৰু অপ্ৰিয়ৰ, জন্ম আৰু মৃত্যুৰ, সৃষ্টি আৰু ধ্বংসৰ৷
সঁচাকৈয়ে বাৰু আমি শেষ সন্ধিক্ষণত নেকি! দেশে দেশে সমাধিস্থ গনকবৰবোৰৰ হিচাবেই বা কিমান সংখ্যাৰে লিখি শেষ কৰিব! ভোকাতুৰৰ সংখ্যা বাঢ়িছে৷ মৃত্যুৰ ক্ষণ গনি এতিয়াও লক্ষ লক্ষ ৰোগী-নিৰোগী৷ কোনেও নাজানে এই অংকৰ শেষ ক’ত! কোনেও নাজানে আৰু কিমান শূন্যই শূন্য কৰিব কিমানৰ জীৱন! চিন্তাৰো সংখ্যা বাঢ়ে৷ আমিও হ’বলৈ গৈ আছো নেকি...হাজাৰ বছৰৰ পিচত কোনো পত্নতাত্বিকৰ খনন কাৰ্য্যত উদ্ধাৰ হোৱা স্পেচিমেন! তেতিয়া মোকো হয়তো এটা নাম দিব সংখ্যাৰে...প্ৰজেক্টৰ ব’ৰ্ডত লিখা থাকিব এনেদৰে :
সময় : খ্ৰীষ্টাব্দ দুহেজাৰ কুৰি (আনুমানিক)
মৃত্যুৰ কাৰণ : কৰ’না মহামাৰী...✍ © #বিতু

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা