মহাসমৰৰ মহাসৈনিক


“মহাসমৰৰ মহাসৈনিক” 
~✍ #বিতু

“আপোনাৰ মোৰ সেৱাত তেওঁলোক এতিয়া অহৰহ ব্যস্ত
যেন মহাসমৰত সাহসী বীৰ যুঁজৰ সৈনিক”


এক

বিলাসী বিমানেৰে অতি সংগোপনে
বজালেহি ৰণশিঙা দেশৰ মাটিত
চীনৰ পৰাই সংক্ৰমিত
বিষাক্ত ভাইৰাছ কৰুনা কভিড নাইন্টিন
গৰিলা যুদ্ধৰ যেন পাকৈত সৈনিক
সূৰ্যাস্ততো বন্ধ নহয় যুঁজৰ আখৰা
সূৰ্যোদয়লৈকে বা কোনে বাট চায়!
দিন ৰাতিৰো চেদ-ভেদ নাই
অজাত শত্ৰুয়ে যুঁজ কৰে লুকাই লুকাই
হাতৰ তলুৱাৰে সৰকে বিপদ
কিমান চলাব আৰু শব্দভেদী বান
চাবোন,  হেণ্ডৱাছ অথবা চেনিটাইজাৰ
প্ৰতিৰোধ আমাৰ সাধাৰণ জনতাৰ
গৃহবন্দী আজি পৃথিৱীবাসী
ভূ লন্ঠিত আজি বিশ্ব অৰ্থনীতি
অসহায় মানৱৰ মৃত্যুৰ কিৰিলি
প্ৰযুক্তি আজি অসহায়
এতিয়ালৈকে এই ভাইৰাছৰ কোনো এন্টিডট নাই
কভিড ৰূপী কৰ’নাৰ সংহাৰ অভিযান
ৰণত পৰিছে ৰজা-ৰাণী-পাৰিষদ ৰাষ্ট্ৰপ্ৰধান
সমগ্ৰ বিশ্ব আজি ত্ৰস্তমান৷

দুই

চিকিৎসাকৰ্মী, নিৰাপত্তাৰক্ষী আৰু চাফাইকৰ্মী
এই যুঁজত সকলোৰে আগৰ শাৰীত
তেওঁলোকৰ ছোলাবোৰ বাৰু
এন্টি ভাইৰাছৰ সূতাৰে গঠা নেকি
নে কবচ কুণ্ডল লৈ জন্ম চিকিৎসাকৰ্মীৰ
সংক্ৰমণৰ শংকাকো আতৰাই ৰাখি
চিকিৎসা কৰিছে একেবাৰে কাষত থাকি
ৰাখিব পাৰিছেনে আক্ৰান্ত ৰোগীৰে এক মিটাৰ দূৰত্ব!
কিমানজনে বাৰু পিন্ধিব পাৰিছে প্ৰতিৰোধী পোচাক
পিপিই অথবা এন নাইন্টিভাইভ মাস্ক
ভোক পিয়াহৰ কথা নকলোৱেইবা
এই পোচাক পিন্ধাও জানো সহজ কথা!
তিনিতৰপীয়া পিপিই, গ্ল’ভছ, হেয়াৰ কেপ, চচমা
ঘৰ্মাক্ত শৰীৰ গৰমত জেপজেপীয়া
ঘন্টাৰ পিছত ঘন্টা ৰোগীৰ শুস্ৰুষা
পদে পদে সংক্ৰমণৰ আশংকা
কৰযোৰে প্ৰাৰ্থনা হে সৃষ্টিকৰ্তা
আটাইকে যেন কুশলে ৰাখা৷

তিনি

ডিউটিলৈ ওলাওঁতে কোনোবাই পিন্ধাই পঠিয়াইছেনে
তেওঁক কবচ কাপোৰ!
ৰেচনৰ দোকানত উবুৰি খাই পৰোতে
অথবা পাচলি বজাৰত মোনা ভৰাই ফুৰোতে
ভাবি চাবচোন এবাৰ তেওঁৰ কথা
লকডাউন উলংঘা কৰি ৰাস্তাত ঘুৰি ফুৰোতে
এবাৰ ভাবি চাব তেওঁৰ কথা
নোখোৱা নোবোৱাকৈ আপোনাকেই বচাবলৈ
দৌৰি ফুৰিব তেওঁ ঘন্টাৰ পিছত ঘন্টা
প্ৰটেক্টিভ পোচাকৰ কঠিন আৱৰণত
বন্দী তেওঁৰ সকলো ইচ্ছা
তেওঁৰো এখন ঘৰ আছে
ভাইৰাছ সংক্ৰমণৰ ভয় আছে
তথাপিও মানৱ সেৱাত উৎসৰ্গিত বৃত্তি
স্মৰণীয় আজি প্ৰতিজন কৰ্মী

প্ৰাৰ্থনা সহযোগিতা আৰু শুভকামনা
তোমালোকলৈ জনালো অযুত কৃতজ্ঞতা
আটায়ে যেন কুশলে থাকা৷
🙏🙏🙏
...
#Covid19 ভাইৰাছৰে যু্ঁজখনত একেবাৰে সন্মুখত থাকি প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সেৱা আগবঢ়াই অহা প্ৰতিজন চিকিৎসাকৰ্মী, নিৰাপত্তাৰক্ষী, চাফাইকৰ্মী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সতে জৰিত প্ৰতিজনলৈ অশেষ কৃতজ্ঞতাৰে মোৰ অনুভৱৰ দুৱাষাৰ 🙏🙏

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা