যোগ্য ভোগ্যা বসুন্ধৰা
কভিড নাইন্টিন ভাইৰাছত ত্ৰস্ত স্তব্ধ আজি সমগ্ৰ পৃথিৱী৷
সামগ্ৰিক প্ৰেক্ষাপটত মোৰ কিছু অনুভৱ~~~✍ #বিতু
“যোগ্য ভোগ্যা বসুন্ধৰা”
সামগ্ৰিক প্ৰেক্ষাপটত মোৰ কিছু অনুভৱ~~~✍ #বিতু
“যোগ্য ভোগ্যা বসুন্ধৰা”
(এক)
শুই ল’ পৃথিৱী অলপ জিৰাই ল’
বিজ্ঞান-প্ৰযুক্তিৰ কৰাঘাতত তোৰ শৰীৰত অজস্ৰ আঘাত
কোনো পেইন থেৰাপিয়ে খহাব নোৱাৰে
তোৰ শৰীৰত থুপখোৱা বিষৰ ভঁৰাল
কোনো হাই পাৱাৰৰ লেন্সে উভটাই দিব নোৱাৰে
কল-কাৰখানাৰ ধোৱাই বিধ্বস্ত কৰা তোৰ দুুুুুুচকুৰ জোনাক
সেউজীয়াবোৰ তোক কোনে ঘুৰাই দিব!
প্ৰদুষিত ধূলিময় বায়ুমণ্ডলত কেনেকৈনো ল’বি উশাহ
ভেন্টিলেটৰেও দিবলৈ অপাৰগ তোক কৃত্ৰিম শ্বাস-প্ৰশ্বাস
মই জানো, উজাগৰী ৰাতি তোৰ উচ্পিচনিৰ কথা
যান্ত্ৰিকতাৰ আস্ফালনত দিন ৰাতি চৰি ফুৰা
ফ্লাইট-গাড়ী-ৰে’ল আৰু কতযে কি!
কটা মৰা, গুলিয়াগুলি, বম ব্লাষ্ট, হত্যা-ধৰ্ষণ সন্ত্ৰাসবাদৰ সঁচ
ধৰ্মৰ নামত অৰিয়াঅৰি, ধনীদুখীয়াৰ উচ্চ-নিচ্চ
পৰশ্ৰীকাতৰতা, দন্দ্ব-খৰিয়ালবোৰ আৰু এখোপ চৰা
আধুনিকতাৰ ষ্টাম্প মাৰিও ধৰ্মান্ধতাৰে বিবেচনা কৰা
এয়া মানৱ জাতি
আনৰ পিঠিত ভৰি থৈ আকাশ চুব খোজা
এটা খিয়ালি জাতি
আনৰ বৰ্তমান মাৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিব খোজা
এটা স্বাৰ্থপৰ জাতি

(দুই)
জীৱশ্ৰেষ্ঠৰ দাবীদাৰ মানৱৰ মুৰ্খামিয়ে
আজি নিজেই নিজৰ চিতা সাজিলে
ক্ষুদ্ৰ অনুকণা অনুজীৱ ভাইৰাছ কৰ’না
এয়াইটো আছিল ধাৰণা
উদঙালে পৰিচয় মানুহৰ দাম্ভিকতাৰ
অত্যাধুনিক আত্মবিশ্বাসত গড্ গড্ অহংকাৰী মানৱে
সময় থাকোতেই নুবুজিলে কভিড নাইন্টিনৰ পোচাকত
হাতৰ মুঠিতে যে চৰি ফুৰিছিল মৃত্যুদূত ইঠাই সিঠাই
কপটতাৰে বিলাই দিলে বিপদ ইদেশ সিদেশ
ভোকাতুৰ পেটবোৰ বুজাবলৈ বৰ টান
ই নুবুজে দুৱাৰমুখত আজি অতিথি হৈ অহাজন সুহৃদ নহয়
চৌদিশে মৃত্যুৰ কিৰিলি হাজাৰ হাজাৰ
ক্ৰন্দনৰত আজি ধৰিত্ৰী আই

(তিনি)
অলপ জিৰাই ল’ পৃথিৱী
বহুদিন তোৰ আকাশত শব্দৰ সংঘৰ্ষ নাই
চৌপাশ এতিয়া নীৰৱ নিস্তব্ধ
নিজৰ শৰাধ পাতি নিজেই শোকস্তব্ধ আজি মানৱ জাতি
তই ঠিকেই কৈছিলি সকলোৰে সীমা থাকে
এদিন তইও সুস্থ হবি
মনৰ চকুজুৰিৰেই চাচোন এবাৰ
সেউজীয়াবোৰ প্ৰসাৰিত হৈছে
মানুহবোৰ আজি বন্ধকোঠাত
জীৱকুলৰ মুকলি বিচৰণ জন অৰণ্যত
সেইয়া শুনিছনে চৰাইৰ কলৰব
প্ৰাণ ঢালি গাইছে তোৰ প্ৰিয় সেই নিচুকনি গীত
“আমাৰে মইনা শুব এ” আৰু “শিয়ালী এ নাহিবি ৰাতি”
নিদ্ৰাদেৱীৰ কোলাত এৰি থৈ কৌটি কৌটি বিষাদ
পৃথিৱীৰ প্ৰতিটো অংগ আজি সতেজ মাৰ্জিত
প্ৰকৃতি আজি আশ্বস্ত, পুনৰুৰ্জ্জীৱিত

কালৰ বুকুত গঠা হ’ব
সাম্প্ৰতিক সময়ৰ এই নিৰ্মম গাথা
যেন শৰতৰ শেতেলিত আইতাৰ সাধুকথা
“যোগ্য ভোগ্যা বসুন্ধৰা” ~~~✍ #বিতু
সাম্প্ৰতিক সময়ৰ এই নিৰ্মম গাথা
যেন শৰতৰ শেতেলিত আইতাৰ সাধুকথা
“যোগ্য ভোগ্যা বসুন্ধৰা” ~~~✍ #বিতু
Comments
Post a Comment