লকডাউন

✍✍✍
হেৰৌ মানুহবোৰ
দুৱাৰমুখত মৃত্যুৰ কিৰিলি
তই জানো শুনা নাই
কাক লৈ কৰ ইমান অহংকাৰ
হাজাৰ উপদেশক কৰ নৎসাত
আছে নেকি তোৰ অমৰ হোৱাৰ আশীৰ্বাদ
সজাগ হ’ মানুহ সময় থাকোতেই
জীৱন মানে কোনো জুৱাখেল নহয়
কিম্বা জয় পৰাজয়
জীৱন মানে এক উদযাপন
আত্মঅন্বেষণৰ
সুখ দুখৰ সংমিশ্ৰণ
জীৱনবোধৰ
সহাৱস্থান সময়ৰ চকৰীত
পৰিৱেশ পৰিস্থিতিৰ

চকু মেলি চা এবাৰ চৌপাশে
পৃথিৱীৰ যে অসুখ সৰ্বত্ৰে
এয়াতো নহয় সময় বিজয়োৎসৱৰ
অথবা বোকা চটিওৱাৰ
গিৰিপ গিৰিপ শবদেৰে
সেয়া আগমন মৃত্যুদূতৰ
এয়াতো নহয় তোৰো যোৱাৰ সময়
তেন্তে কিয় ইমান উত্ৰাবল
মৃত্যুমুখী হোৱাৰ!

সময় কঠোৰ
সিদ্ধান্ত তোৰ
অ’ মোৰ
অবোধ মানুহ!!! ✍#বিতু

#Covid19 #StayHomeBeSafe #BreakTheChain
#MakeTheWorldSafe 🙏🙏🙏

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা