মানুহ
মানুহ হোৱাৰ জোখাৰে
অভিজ্ঞতাৰ অচিলাৰে ~~~
সমাজত বহু ধৰণৰ মানুহ আছে৷ প্ৰতিজন মানুহৰ স্বভাৱ চৰিত্ৰ লক্ষ্য কৰিলে ভিন ভিন শ্ৰেণীৰ লোক চকুত পৰে৷ এই ভিন্ন শ্ৰেণীৰ লোকসকলে সমাজ আৰু দেশ গঠনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱ পেলায়৷ মই হ’লো ইঠাই সিঠাই ঘুৰি ফুৰা মানুহ৷ কৰ্মস্থলী বেলেগত হোৱা হেতু নিজৰ ঘৰখনলৈকো ৰাতি বিয়লি অহা যোৱা কৰো৷ বেছিভাগ অকলেই ইঠাই সিঠাই যাত্ৰা কৰিব লগা হয়৷ এনে সময়বোৰত মোৰ কামটোৱেই হৈছে মানুহ অধ্যয়ন৷ মই লগ পোৱা মানুহবোৰক গতিবিধি অধ্যয়ন কৰি বিভিন্ন শ্ৰেণীত ভাগ কৰি লওঁ৷ অভিজ্ঞতাৰ বাহিৰে কোনো বৈজ্ঞানিক ভিত্তি এই অধ্যয়নত নাই৷ মানুহক জানিবলৈকে অব্যাহত মোৰ মানৱ অধ্যয়ন---
*অতিজ্ঞানীসকলৰ ক্ষেত্ৰত :
ভাৰ্চুৱেল পৃথিৱীখনত এতিয়া প্ৰত্যেকেই নিজকে Intellectual বুলি জাহিৰ কৰাৰ যেন এক প্ৰতিযোগিতাহে চলে৷ প্ৰতিজনেই যেন একো একোজন সৰ্বজান্তা৷ ইজনতকৈ মইহে বেছি জানো, মোৰ জ্ঞান অধিক৷ এই শ্ৰেণীৰ লোকসকলে বাকীবোৰৰ জ্ঞান নিজতকৈ তলত বুলি দেখুৱাবলৈ ইতিকিঙৰো আশ্ৰয় লয়৷ অথচ জ্ঞানৰ বন্তিগচ জ্বলোৱাৰ ক্ষেত্ৰত অতিকে কৃপন৷
*ধূৰ্তসকলৰ ক্ষেত্ৰত :
নিৰাপদ দূৰত্বত নীৰৱে থাকি উচতাই জোল খায়৷ স্বাৰ্থ সিদ্ধিৰ বাবে তৈলমৰ্দনৰ বাবে সদা প্ৰস্তুত৷ যিকোনো তিৰস্কাৰ হেলাৰঙে নিলাজৰ দৰে কণ্ঠস্থ কৰিও কাম আদায় পৰিব পৰাকৈ লিকটিয়া৷
*অল্পমতিসকল ক্ষেত্ৰত :
অতিপাত অন্ধবিশ্বাসী৷ মিঠা মিঠা কথাৰে অইনৰ পিঠিত ভৰি থৈ ওপৰলৈ উঠিব খোজা সুবিধাবাদীসকলৰ অন্ধভক্ত৷ ধনীক শ্ৰেণীটোৱে যে তেওঁলোকৰ জীৱনটো নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে সেই কথা মানি ল’ব নোখোজে৷ নিজৰ মগজেৰে বিবেচনা কৰিবলৈ কেতিয়াও প্ৰস্তুত নহয়৷ লাগিলে প্ৰাণ দিব৷ কিন্তুু মুৰ্খতা নেৰে৷ নেতাজাতীয় বা ধৰ্মগুৰুসকল এওঁলোকৰ বাবে ভগৱান স্বৰূপ পথ প্ৰদৰ্শক৷ লাগিলে সেই বাট অবাটেই যাওক৷
*সুবিধাবাদীসকলৰ ক্ষেত্ৰত :
অইনৰ বিপদকাল এওঁলোকৰ বাবে সম্পদ কাল৷ প্ৰতি মুহূৰ্ততে মোনাফা লোটাৰ ধান্দাত মগ্ন৷ সমাজত জৰুৰীকালীন অৱস্থাই দেখা দিলে এওঁলোকৰ গা সাতখনআঠখন কৰে৷ কাৰণ নিজৰ অৱস্থা স্বচ্চল কৰাৰ বাবে আপদকালক এওঁলোকে ষোল্লঅনাই ব্যৱহাৰ কৰিব পাৰে৷
*ধাৰ্মিক আৰু ধৰ্মভীৰু :
প্ৰকৃত ধাৰ্মিকজনে ধৰ্মৰ গূঢ়াৰ্থ বুজি ভাল ভাল বানীসমূহ সমাজত প্ৰচাৰ কৰি শান্তিৰ বানী বিলায়৷ আনহাতে ধৰ্মৰ নামত এচাম অধৰ্মীয়ে সমাজত কুসংস্কাৰ অন্ধবিশ্বাস প্ৰচলন কৰি মানুহক যুক্তিবাদৰ পৰা আতৰাই এলান্ধুকলীয়া যুগলৈ পিচুৱাই নিব খোজে৷ পাপে চোৱাৰ ভয়তে সত্যা সত্য বিবেচনা নকৰি অধৰ্মীসকলক অন্ধঅনুকৰণ কৰাসকল ধৰ্মভীৰু৷
*উগ্ৰ চিন্তাধাৰা সমৰ্থনকাৰীসকলৰ ক্ষেত্ৰত :
সমাজত উশৃঙ্খলতাৰ সৃষ্টি কৰি পৰিৱেশটো অনবৰতে স্পৰ্শকাতৰ কৰি ৰাখিবলৈ হিংসাৰ আশ্ৰয় লয়৷ দুৰ্বল শ্ৰেণীটোক ভীতিগ্ৰস্ত কৰি নিজৰ লিপ্সা বাসনা চৰিতাৰ্থ কৰিবলৈ অশান্ত বাতাবৰণৰ সৃষ্টি কৰে৷ যাৰফলত সামাজিক অৰ্থনৈতিক শৈক্ষিক সকলো দিশতে বাধাৰ সৃষ্টি হয়৷
*সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত :
এইটো শ্ৰেণীত সকলো বিবেকবান মানুহেই পৰে৷ এই শ্ৰেণীত ধনীদুখীয়া, শিক্ষিত অশিক্ষিত কোনো কথা নাই৷ জ্ঞানৰ পোহৰ বিলাই পৰোপকাৰ সাধন কৰি সমিলমিলেৰে জীয়াই থাকি সমাজখনক সমতুল্য কৰি ৰাখিবলৈ এইসকলে সাধ্যানুসাৰে আত্মনিয়োগ কৰে৷ এওঁলোক অত্যন্ত সহনশীল আৰু ধৈৰ্য্যশীল হয়৷ পৰিস্থিতিৰ গূঢ়াৰ্থ অনুধাৱন নকৰালৈকে তেওঁলোকে কোনো সিদ্ধান্ত নলয়৷ অইনক অপকাৰ কৰিব পৰা যিকোনো কামৰ পৰা বিৰত থাকে৷ আনক সন্মান কৰিব পৰাতো তেওঁলোকৰ এটা প্ৰধান গুন৷ বিপদে আপদে অইনক সহায় কৰাৰ লগতে, নিজৰ উপৰিও সমাজখনকো আগুৱাই নি সামাজিক দায়িত্ব পালনত এওঁলোক সদায়ে আগৰণুৱা৷ সত্য এইটোৱেই যে, এই শ্ৰেণীটোৰ কাৰণেই পৃথিৱীত মানৱতা এতিয়াও জীয়াই আছে৷
এইকেইটা শ্ৰেণীৰ বাহিৰেও এটা শ্ৰেণী আছে, ঘনে ঘনে স্বভাৱ সলোৱা এই শ্ৰেণীতো মোৰ আওতাৰ বাহিৰত৷ বৰ বিচিত্ৰ মানুহৰ এই মনঃস্তত্ত্ব, বুজাৰ সাধ্য কাৰ! সেয়ে ছাগে বহুত সাৱধানতাৰ পিচতো মানুহৰ মন বুজাত ভুল ৰৈ যায়৷
🤗🤗🤗
Comments
Post a Comment