লকডাউন

#লকডাউন ✍

সময়ৰ পিচল বাট
খুপি খুপি আগুৱাই জীৱন
সংঘাতৰ ধুমুহাত পাখি ভাগি
ধপ্ ধপাই উঠে কলিজা...
মনে বিচাৰি হাহাকাৰ কৰে
সময়ে আজুৰি নিয়া হাঁহিৰ জুলুঙা...

কাহানিও হাবাথুৰি খোৱা নাই জীৱনৰ সংজ্ঞা বিচাৰি … 
অথচ জটিলতাবোৰে সংজ্ঞা হৈ পিছে পিছে খেদে ~~~~

ঘৰত আবদ্ধ হোৱা আজি বাৰটা দিন অতিবাহিত হ’ল৷ কিন্তু মনটো কিদৰে বান্ধি ৰাখো! মন যে মোৰ উৰি গুছি যায় দূৰ দূৰণিলৈ৷ মুকলি আকাশৰ তললৈ৷ জন কোলাহলৰ পৰা নিলগত৷ চিন্তা ভাৱনাৰ পৰা আতৰত৷ বিৰক্তি আৰু বিৰোধৰ পৰা নিজকে একাষৰীয়া কৰি মনে কৰে শান্তিৰ সন্ধান৷ কিন্তু সময় যে এতিয়া দুঃসহ ব্যাধিৰে ব্যথিত৷ দুঃস্বপ্নৰ পৰা আতৰাই ৰাখো কিদৰে! 

দুধোৰ মুধোৰ মনৰ দুৱাৰমুখ৷ ধূসৰিত সন্মুখৰ পথ৷ কি কৰোঁ, কি নকৰোঁ! ক’তে বা বিচাৰি পাওঁ জীৱনৰ আঁত৷ তথাপিও বিচলিত হ’ব নোখোজো৷ আশাৰ বোকোচাত উঠি যেন থপিয়াই আনিম হেৰাই যোৱা সেই ভাল সময়৷ সোঁৱৰণিৰ গাত ভেজা দি বিচ্ছুৰিত সপোনবোৰ সামৰি উভটি আহো মই মোৰ পৰা মোলৈ৷ এলবামৰ পাটত আকৌ গুজিম মোৰ উৰণীয়া পাখিৰ কাহিনী৷ দৌৰি ফুৰিম দিহিঙেদিপাঙে৷ পুৱাৰ বেলিটিয়ে আবেলি যাবৰ পৰত গাই যাব মোৰ সেই চিনাকি গান...দূৰে দূৰে~~~

নেজানো সময়ে মোক কলৈ লৈ যায়৷ সময় মোৰ কোন বাটে যায়~~~#বিতু

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা