#ভ্ৰমণকাহিনী #জুকুভেলীলৈ
ফুলৰ উপত্যকাত... সপোনবোৰ য’ত ফুল হৈ ফুলে “বতাহ যেনিয়েই বয় ব'বলৈ দিয়া মই সেইফালেই যাম যিফালে এদিন যাম বুলি সপোন গুজি দিছিলা…” অ-আ-ক-খ পঢ়িবলৈ আৰম্ভ কৰা দিনৰে কথা৷ দেউতাই মোক এখন ভূচিত্ৰাৱলী আনি দিছিল৷ পৃথিৱীৰ মেপখন চিনাকি কৰি দি মহাদেশ মহাসাগৰৰ কাহিনী শুনাইছিল৷ দেউতাৰ মুখতে শুনিছিলো কিদৰে এখন সাগৰৰপৰা বৃহৎ হিমালয়ৰ উৎপত্তি হৈছিল৷ মনত বাহ লৈছিল উৎসুকতাই৷ পৃথিৱীখনক নতুনকৈ চোৱাৰ দুৰ্বাৰ হেঁপাহে সৰুতেই মোক ভ্ৰমণপিয়াসী কৰি তুলিছিল৷ ভাবনাতেই পৰিভ্ৰমণ কৰি ফুৰিছিলো সমগ্ৰ বিশ্ব৷ সেই তেতিয়াৰে পৰাই মেপবোৰত আঙুলি ফুৰাই পৃথিৱীখনৰ প্ৰতিটো কোণতে বিচৰণ কৰি ফুৰাতো মোৰ নিঁচাত পৰিণত হৈছিল৷ ইয়াতেই কিজানি অংকুৰিত হৈছিল মোৰ যাযাবৰী জীৱনৰ বীজ৷ আঙুলিৰ ফাকেদি সৰকিছিল সেউজীয়া ৰং সনা জোনাকী সময়৷ ফুলে ফুলে নানাৰঙী অসংখ্য পখিলাৰ নৃত্য৷ সপোনৰ দেশত মোৰ অবাধ বিচৰণ l পৃথিৱীৰ চুকে কোণে, দিহিঙে দিপাঙে ঘুৰি না না কথা শিকি জীৱনটোক সৰ্বাংগসুন্দৰ কৰাৰ মন৷ কিন্ত মন কৰিলেই জানো হ’ব৷ যদিহে পথৰ কাইট আঁতৰাই আগুৱাবলৈ চেষ্টা নকৰো! এটি ভয়াৱহ পথ দুৰ্ঘটনাই তচনচ কৰি যোৱা মোৰ শৰীৰত অসংখ্য আঘাত৷ কিন্তু মনটো বান্ধ...