লেচেৰি বুটলা বাটেদি~২


লেচেৰি বুটলা বাটেদি~২ ✍ #বিতু

বায়েকহঁতৰ লগত আজিকালি তাই মাজে মাজে স্কুললৈ যাবলৈ লৈছে৷ নাম অৱশ্যে লগোৱাই নাই৷ গাৱঁত তেনেকুৱাই৷ দুদিনমান যোৱাৰ পিচত স্কুলত মন বহিলেহে নাম লগাই দিয়া হয়৷ তাতে তাইৰ স্কুল যাবলৈ হোৱাই নাই৷ তথাপিও ঘৰৰ বাকীবোৰ ল’ৰাছোৱালী স্কুললৈ যোৱা দেখি তাইও যাওঁ যাওঁ লগোৱাত দেউতাকে যাবলৈ দিছে৷ তাইৰ মাকও এম.ই. স্কুলৰ চাকৰিয়াল৷ মাকৰ স্কুলখন প্ৰাইমাৰী স্কুলৰ লগতে হোৱা বাবে চিন্তাৰ কোনো কাৰণো নাই৷ কিবা হ’লে চাব পাৰিব৷ অলপ দেৰি থাকি তাইৰ আমনি লগা যেন দেখিলে মাষ্টৰে ঘৰলৈ পঠাই দিয়ে৷ আমনিটোও আকৌ বৰ সোনকালে লাগে নহয় তাইৰ৷ হ’ল বুলিনো  'অ' 'আ' 'ক' 'খ' কেইটাকে আৰু কিমান লিখি থাকিব! মাষ্টৰণী বাইদেওৱে আক’ তাতকৈ বেছি লিখিবও নিদিয়ে৷ ইফালে একেটা জেগাতে সদায় বহিও তাইৰ ভাল নালাগে৷ এদিন তাই বেলেগ এটা শ্ৰেণীত বহিব খোজোতে মাষ্টৰণী বাইদেওৱে বুজাই দিলে যে এটা শ্ৰেণীত এবছৰ পঢ়ি পাছ কৰিলেহে তাই সেইটো শ্ৰেণীত বহিবগৈ পাৰিব৷ তেতিয়ালৈকে অ-আ-ক-খ পঢ়াৰ বাহিৰে গত্যন্তৰ নাই৷ তাই মনে মনে ভাবে, এইবোৰ দেখোন তাই ঘৰতে পঢ়ি পাৰিছেই, গতিকে দেউতাকক কৈ তাইৰ নামটো পিচৰতো শ্ৰেণীত লগাই দিবলৈ ক’ব৷ তেতিয়া তাই নতুন নতুন পাঠ পঢ়িবলৈ পাব৷ পিছে দেউতাকক সেয়া কোৱা নহয়গৈ৷ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অনবৰত ব্যস্ত থকা দেউতাকক তাই কাতচিৎহে কাষত পায়৷ 

স্কুলপৰা অহাৰ পিচতে তাইৰ আমনি লাগিবলৈ আৰম্ভ কৰে৷ ঘৰত তাইৰ লগত খেলিবলৈ কোনো নাই৷ ভায়েকটোও সৰু হৈ আছে, তাইৰ দৰে তলৌ তলৌ ঘুৰি ফুৰিব পৰাকৈ ডাঙৰ হোৱা নাই৷ খুড়ীয়েক বৰমাকহঁতো এইখিনি সময়ত নিজৰ নিজৰ কামতে ব্যস্ত থাকে৷ সেয়ে উপাই নাপাই  তাই লগৰীয়াৰ লগত খেলিবলৈকে ঘৰৰ পৰা ওলাই আহে৷ লগৰীয়াবোৰেও যেন বাট চাই থাকে তাই অহালৈ৷ ৰ’দ বেছি যেন থাকিলে ঘৰৰ মানুহে বাধা দিয়ে, কয়...ৰ’দটো অলপ কমিলে যাবি দে’৷ তাই ৰৈ দিয়ে৷ কেনেকৈনো পাহৰিব তাই! এদিন বাধা নামানি দেও দি দি ওলাই গৈছিল৷ হামকুৰি খাই পৰি আঠু দুটা চেলচেলি খুৱাই ঘৰলৈ উভটিব লগা হৈছিল৷ তাৰপিচত তিনি দিনলৈ খেলা বন্ধ৷ ডাফলীবনৰ কৃপাত যেনিবা তাইৰ ঘাবোৰ সোনকালেই শুকায়৷ কিন্তুু ভৰি দুখন বেকা কৰিবলৈকে এই দুদিনত যিহে কষ্ট৷ ডাঙৰৰ কথা নুশুনা বাবে ভগৱানে জগৰ ধৰা বুলিয়েই বৰমাকে তাইক কৈছিল৷ তেতিয়াৰ পৰা তাই ভৰ দুপৰীয়া খেলিবলৈ নোযোৱা হ’ল৷ কিন্তুু মাক স্কুলৰ পৰা আহি পালেই মাকক মাত দি তাই খেলিবলৈ দৌৰ মাৰে৷ তাইৰ মতে মাকৰ স্কুল ছুটী হোৱা মানেই আবেলি হোৱা৷

গাৱঁৰ বেচিভাগ মানুহেই সিহঁতৰ সম্পৰ্কীয়৷ তাইৰ খেলৰ লগৰীবোৰৰো বেচিভাগ পৰিয়ালৰে ল’ৰাছোৱালী৷ সেয়ে খেলাধূলাৰ ক্ষেত্ৰত ইঘৰ সিঘৰ গ’লে কাৰো ঘৰত ইমান হকাবাধা নাই৷ মাথো ঘৰত বিচাৰিলেই যেনিবা হাজিৰ হ’বহি লাগে৷ নহ’লে কৰোবাৰ কাৰোবাৰ মাকে হাতত চিটিপনি লৈ বিচাৰি আহে৷

ইফালে অলপ অভং স্বভাৱৰ ছোৱালীজনীক লৈ মাকহঁতৰ চিন্তাত ত’ত নাই৷ কোনোবাই জোকালেও তাই বৰ বেয়া পায়৷ মুখখন ফুলি এপাচি হয়৷ মানুহে ওচৰ চপাই মৰম কৰিব খুজিলেও তাই বৰ বেয়া পায়৷ ঠেহটো বৰ বেছি৷ কেতিয়াবা ঠেহটো জিদ হৈ পৰে৷ ঘৰৰ মানুহবোৰে সেয়ে পৰাপক্ষত তাইক জোকাই নলয়৷ খোৱা বোৱাতো ঢেৰ বাচ বিচাৰ৷ পৃথিৱীত তাই কেৱল এজন মানুহক ভয় কৰে৷ সেইজন তাইৰ দেউতাক৷ আৰু তাইৰ বাবে "মা"ক হৈছে অন্নপূৰ্ণা৷ তাই ভাবে যে, তাইৰ মাকৰ ওচৰত পৃথিৱীৰ সকলো ঐশ্বৰ্যই মজুত আছে৷ কিয়নো তাই যি বিচাৰে মাকে তাকেই যতনাই দিয়ে৷ পুৱাৰ পৰা নিশালৈকে ঘৰৰ কাম, স্কুলৰ চাকৰি, খেতি পথাৰৰ কাম, আলহিয়ে অতিথিয়ে অনবৰত গিজগিজাই থকা ঘৰখনত যন্ত্ৰৱত কাম কৰি থকা মাকজনীক তাই কেতিয়াও ভাগৰা দেখা নাই৷ তাই অনবৰতে মাকৰ আচলৰ আগটো ধৰি মাকৰ লগে লগে থাকিব খোজে৷ কিন্তু সেয়া সম্ভৱ হৈ নুঠে৷ মাকৰ দায়িত্ব অনেক৷ আনকি নিশা সিহঁত যেতিয়া টোপনিত লাল কাল দিয়ে, তেতিয়াও মাকৰ হাতৰ মুঠিত বিচনীখন ঘুৰিয়েই থাকে৷

এদিন দুদিন কৰি এনেকৈয়ে এদিন তাই দ্বিতীয় শ্ৰেণীলৈ উত্তীৰ্ণ হয়৷ মনত তাইৰ বৰ ফুৰ্তি৷ এতিয়াৰ পৰা নতুন শ্ৰেণীত বহিবলৈ পাব৷ নতুন কিতাপ পঢ়িবলৈ পাব৷ খুব উৎসাহেৰে খবৰটো তাই বৰমাক আৰু খুড়ীয়েকহঁক দিয়েহি৷ খুড়ীয়েকে তাঁত লগাইছিল৷ সকলোৱে মিলি তাঁতবাটি কৰি আছিল৷ চুবুৰিৰে অইন মহিলাও আহি সহায় কৰি দিছিল৷ স্কুলৰ পৰা আহিয়েই আনন্দত জপিয়াই জপিয়াই আহি খবৰটো দিওতে চুবুৰীৰে মহিলা এগৰাকীয়ে সুধিলে তই কেই নম্বৰত পাছ কৰিলি পিছে৷ তাই দুগুন উৎসাহেৰে এক নম্বৰত  পাছ কৰা বুলি জনালে৷ তেতিয়া তাইক জোকাও বুলিয়েই মহিলা গৰাকীয়ে ক’লে বোলে অতদিন স্কুলত পঢ়ি এক নম্বৰহে পালি নে অ’ আই৷ তাই মানুহজনীক কি বুলি বুজাব ভাবি নাপালে আৰু পাছ কৰাৰ আনন্দকণো তাইৰ নোহোৱা হৈ গ’ল৷ মিছাও নহয় তাই এক নম্বৰত পাছ কৰিছে৷ কিন্তুু মাষ্টৰণী বাইদেউৱে দেখোন কৈছিল তাইয়ে শ্ৰেণীত সকলোতকৈ বেছি নম্বৰ পাই পাছ কৰিছে৷ তেনেহ’লে এক নম্বৰ কেনেকৈ হ’ল তাই নিজেও বুজি নাপালে আৰু মনৰ দুখতে কান্দিবলৈ ধৰিলে৷ বৰমাকে কথা বিষম দেখি ইজনী মানুহক ধমক দিয়াৰ দৰে গালি পাৰি দেখুৱালতহে যেনিবা কন্দাতো সাম কাটিল৷ কিন্তুু বহুপৰলৈকে তাই তাতে বহি ফেকুৰিয়েই থাকিল৷

কনমানি মনবোৰ বৰ কোমল৷ চিন্তাবোৰ যেনি তেনি শিপায়৷ কাৰোবাৰ সাধাৰণ যেন লগা ধেমালিবোৰে কেতিয়াবা সলনি কৰি দিব পাৰে জীৱনৰ গতিপথ৷ কন কন লৰাছোৱালীবোৰৰ সেয়া চিন্তাত পাখি গজাৰ সময়৷ জীৱনক জুকিয়াবলৈ শিকাৰ সময়৷ তাইৰ মনতো যে নানানটা চিন্তাৰ উন্মেষ৷ প্ৰতিটো দিনত এটি এটি নতুন পাঠ৷ কিন্তু সিদিনাৰ পাঠত তাইৰ বাবে সৃষ্ট হ’ল কিছুমান উত্তৰবিহীন প্ৰশ্নহে৷ যাৰ উত্তৰো তাই নিজেই বিচাৰিব লাগিব৷ অনবৰতে ওঠত প্ৰশ্ন লৈ ফুৰা ছোৱালীজনীক দেউতাকে এদিন কৈছিল, উত্তৰবোৰ হেনো কাষে পাজৰেই থাকে, মাথো বিচাৰিব জানিব লাগে৷ সেয়ে তাই নিজেই অন্বেষণ অব্যাহত ৰাখে৷ আৰু ক’ব নোৱাৰাকৈয়ে বৃদ্ধি হয় তাইৰ অনুসন্ধিৎসাৰ৷ তাই বাট চাই থাকে এটি নতুন সূৰ্যোদয়লৈ৷ সমাধান কঢ়িয়াই অনা এটি নতুন দিনলৈ~
#বিতু

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা