লেচেৰি বুটলা বাটেদি -১
লেচেৰি বুটলা বাটেদি~১
✍ #বিতু
নাৰিকল তেল সনা চুলিবোৰত ঠাণ্ডা বতাহ লাগি লডা লডা হৈ পৰে৷ তাই চুই চায়৷ এক অদ্ভুত অনুভূতি৷ গোটেই আবেলিতো লগৰীয়াৰ লগত সমুখৰ পথাৰখনত দৌৰি ফুৰে তাই৷ কেতিয়াবা গছত উঠে, কেতিয়াবা মাটিৰ পুতলা সাজে, কেতিয়াবা বাঁহেৰে সাজি দিয়া সৰু ঢেকীটোৰে ধেমালিতে ধান বানে, কেতিয়াবা লগৰীয়াৰ লগত দৰা কইনা খেলে আৰু কেতিয়াবা কুৰুকাত বালিভাত ৰান্ধে৷ ল’ৰালিৰ আলফুলীয়া সময়৷ নখে মাটি লিখাৰ সময়৷ অকৃত্ৰিম আৰু আপুৰুগীয়া৷ সোণসেৰীয়া সময়ৰ ভাজত গঢ় লয় এটি জীৱনে৷ শিকে সময়ৰ আদিপাঠ৷
কিমানযে খেল! গোল্লা, গুটিবহা, দায়েৰা, আই আমাৰ গোলাপফুল, চেংগুটি, মাৰ্বল...সদায়ে খেলৰ সূচী সলনি হয়৷ লগবোৰে দুটা দল হৈ যিবোৰ খেল খেলে তাত প্ৰথমে দুজন দলপতি ঠিক কৰা হয়৷ বাকীবোৰে দুজন দুজনকৈ চাম পাতি দলপতিৰ ওচৰলৈ আহে একোটা ক’ড লৈ৷ এজনে যদি “বন” লয় তেন্তে আনজনে লয় “মাটি”৷ তাৰপিচত দলপতি দুজনৰ ওৰলৈ আহি কয়, “আজ কাজ৷” দলপতি এজনে ক’ব “বেংগুন ভাজ” (মুখে মুখে প্ৰচলিত)৷ চাম পতা দুজনে সুধিব : “বন লাগে নে মাটি লাগে?” তেতিয়া দলপতিয়ে বিচৰা ক’ডটো যাৰ হয়, তেওঁ সেইটো দলৰ সদস্য হয়৷ তাইৰ খাচ লগৰীয়াবোৰে একেটা দলত পৰিবলৈ কম ছিটিং নকৰে! সিহঁতে দলপতিক আগতিয়াকৈ ক’ডটো জনায় থয় যাতে একেটা দলত পৰে৷ অৱশ্যে ডাঙৰবোৰৰ লগত খেলিব লগা হ’লে সিহঁতৰ এই চিটিং নচলে (যদিও চিটিং কৰা কামটো সিহঁতে ডাঙৰবোৰৰ পৰাই শিকা)৷ তেতিয়া দলপতিজনো ডাঙৰ কোনোবাই হয়৷ গোল্লা আৰু গুটিবহা খেলটো বেছিভাগ ডাঙৰৰ লগতে খেলা হয়৷ কিয়নো খেলৰ বাবে পথাৰ একেখনেই৷
সদায় একেবিধ খেলতে তাইৰ মন নবহে৷ আজি যদি পথাৰত খেলিলে তেন্ত কাইলৈ চোতালত খেলিবলৈ মন যাব৷ “আই আমাৰ গোলাপফুল” খেলটো খেলিও তাইৰ ভাল লাগে৷ এই খেলত এটা পাৰ্টিৰ সদস্য এজনৰ চকুত ইটো পাৰ্টিৰ দলপতিজনে চকু জপাই ধৰে আৰু তেওঁৰ দলৰ কোনোবা এজনে আহি কপালত টুকুৰীয়াই যায়৷ তাৰপিচত চকু জপাই ধৰাজনৰ চকু মুকলি কৰি দি সোধা হয়, সেইজন কোন আছিল৷ শুদ্ধকৈ ক’ব পাৰিলে তেওঁৰ দলে নম্বৰ পাব আৰু ক’ব নোৱাৰিলে ইটো দলে নম্বৰ পাব৷ দলপতিবোৰ টেঙৰ হোৱা দলেই বেছিভাগ জিকেগৈ৷ তেওঁ নিজৰ সদস্যসমুহক আকাৰে ইংগিতে টুকুৰিওৱা জনৰ পৰিচয়টো বুজাবলৈ চেষ্টা কৰে৷ সদস্যবোৰেও দলপতিৰ ইংগিত বুজি পালে নামটো ক’ব পৰা হয়৷ এই ক্ষেত্ৰত জমনি কথা এটা আছে৷ চকু জপাই ধৰোতে দলপতিজনে ক’ব লাগে “মাথা হেড”, আৰু সকলোৱে তললৈ মুৰ কৰে৷ মুখ বাগৰি অহা খেলবিধৰ নিয়মত তেতিয়া স্কুলৰ মুখ নেদেখা ল’ৰাছোৱালীবোৰে কেনেকৈনো বুজি পাব যে “হেড” আৰু “মাথা” একেটাই!
এইধৰণৰ আৰু এবিধ খেল আছে৷ পথাৰত যদি ডাঙৰচামে খেলিবলৈ আহে আৰু সিহঁতক লগত নলয়, তেনেহ’লে সিহঁতে ইষ্টেচন ইষ্টেচন খেলে৷ গাঁৱৰ অনাখৰী ল’ৰাছোৱালীবোৰে খেলত ইংৰাজী শব্দ ব্যৱহাৰ কৰে ক’ব নোৱাৰাকৈয়ে৷ কিন্তুু স্পষ্টতা নজনাৰ বাবে উচ্চাৰণবোৰৰ সংগতি নাথাকে৷ এই খেলত দুজনে হাত দুখন একেলগে ওপৰমোৱাকৈ ধৰি মাজেৰে মাজেৰে মানুহ যাব পৰাকৈ সুৰুঙা ৰাখে৷ বাকীবোৰে ইটোৰ বাহুত ইটোৱে হাত দি ৰে’লগাড়ীৰ দৰে ঝক ঝক কৰি তাৰ তলেৰে পাৰ হৈ যায়৷ তেতিয়া এটা গীত গোৱা হয়...“অপেন ইউৰ বায়’স্ক’প, নাইন টেন টেলিস্কোপ, চুলতানা বিবিয়ানা, চাহাববাবুৰ বৈঠকখানা...”৷ কিন্তুু স্কুলৰ মুখ নেদেখা ল’ৰাছোৱালীবোৰে গায় এনেকৈ, “অপেনটো বাইশটো, নাইন টেইন টেলিচটো...”৷ খেলৰ মাধ্যমেৰেও এয়া এক শিক্ষাই৷ মাথো উচিত অনুচিত শিকাবলৈ তেতিয়া তাত কোনো শিক্ষক নাথাকে৷ ঘৰলৈ আহি যেতিয়া এইবোৰ আওৰাই থাকে তেতিয়াহে দেউতাকহঁতে শুনিলে শুধৰাই দিয়ে৷
নতুনকৈ পুখুৰী খান্দিলে তাত খেলিবলৈ আৰু জপিয়াবলৈ বৰ ভাল৷ তামোলৰ ঢকুৱাত বহি ৰাস্তাৰ এঢলীয়াইদি চুচৰিবলৈকো বৰ ভাল৷ মুকলি পথাৰত বহি চিলা উৰুৱাবলৈ, দ’ পথাৰত চেচু খান্দিবলৈ, লুকাভাকু খেলিবলৈ, লেচেৰি বুটলিবলৈ, নৰাৰে পেঁপা সাজি বজাবলৈ, মুগা চুমনিত গৈ বাটলু গুটিৰে বাদুলি খেদিবলৈ, শিলগুটি মাৰি বগৰী-শিলিখা-জলফাই পাৰিবলৈ...এই সকলোবোৰ কিযে মজা!
কেতিয়াবা সিহঁতে বস্তু লুকুৱাৰ খেল খেলে৷ এজনে গছৰ পাত বালিত পুতি থয় আৰু সেইটো বাকীবোৰে বিচাৰি উলিয়াব লাগে৷ যিজনে প্ৰথম বিচাৰি উলিয়ায়, তেওঁ বিজয়ী হয়৷ এবাৰ কি হ’ল, এইদৰে খেলোতে তাই নিজৰ পিন্ধি থকা সোণৰ চেইনডালকে মাটিত পুটি দিলে আৰু সেইদিনা সেইডাল কোনেও বিচাৰি উলিয়াব নোৱাৰিলে৷ তাইও তেনেকেই ঘৰলৈ ঘুৰি আহিল৷ খেলি অহাৰ পিছত মাকে গৰম পানী কৰি হাত ভৰি ধুবলৈ দিওঁতে দেখিলে যে তাইৰ ডিঙিত চেইনডাল নাই৷ সোধাত তাই ফিটাহি মাৰি কলে বোলে সেইডাল আজি লুকুৱালো আৰু কোনেও বিচাৰি উলিয়াব নোৱাৰিলে৷ মাকে লগে লগে তাইক লৈ গৈ সেইদিনা খেলিবলৈ যোৱা বৰদেউতাক এজনৰ চোতালত যেনিবা সকলোৰে সহযোগত বিচাৰ খোচাৰ কৰি বালিত পুতি থোৱাৰ পৰা সোণৰ চেইনডাল উদ্ধাৰ কৰিলেগৈ৷ সেইদিনা তাই বিৰাত ভয় খাইছিল৷ এটা বস্তু যে ইমানো মূল্যৱান হ’ব পাৰে তাই সেইদিনা সেই শিক্ষা পাইছিল৷ মাকে কিন্তু তাইক অকনো গালি পৰা নাছিল৷ বৰঞ্চ তাইক মৰমেৰে বুজাইছিল৷ অৱশ্যে সেইদিনাৰপৰাই তাইৰ ডিঙিৰ পৰা সোণৰ চেইনৰ শোভাৰো অন্ত পৰিল৷ পিন্ধি থকা কানফুলিৰ ৰিং দুটাও খুলিব নোৱাৰাকৈ জইন কৰি দিলে৷
গাৱঁত বছৰেকীয়া ভাওনা পাতিলে সিহঁতৰ খেলৰ কাৰ্যসূচী আৰু উপকৰণ কিছুদিনলৈ দুয়োটাই সলনি হয়৷ সিহঁতে সেইকেইদিন সকলো কথাবাৰ্তা ভাওনাৰ বচনৰ সুৰতে কয়৷ ঘৰতে নিৰ্মাণ কৰি লয় ধনু-কাড়, গদা, যাঠি৷ তাৰপিচত চলে প্ৰতিযোগিতা, কোনে কিমান দূৰলৈ কাড় মাৰিব পাৰে, গদা যুদ্ধত কোনে কাক বগৰাব পাৰে৷ খেলৰ নামতে নিপুন হৈ উঠে কৌশল৷ কেতিয়াবা খেলৰ বিষয় হয় নাটক৷ কোনোবা ৰজা, কোনোবা মন্ত্ৰী আৰু কোনোবা প্ৰজা৷ পথাৰতে মঞ্চস্থ হয় অনাখৰী কনমানিহঁতৰ শ্ৰেষ্ঠ অভিনয় প্ৰতিভাৰে একোখন অখ্যাত নাট৷ যাৰ ৰচনাও হয় ঠাইতে৷ য’ত কোনো আখৰা নাথাকে, দৰ্শক নাথাকে৷ কিন্তু নিজৰ নিজৰ অভিনয় প্ৰতিভাক নিজে নজনাকৈয়ে সুন্দৰ ৰূপত উপস্থাপন কৰে সিহঁতে৷ খিলখিল হাঁহিৰ মাজতো কন কন মগজুত উকমুকাই উঠে সৃষ্টিশীলতা৷ সময়ৰ সোঁতত তাৰে কিছুমানৰ ঢাৰ বাঢ়ি যায় আৰু কিছুমানৰ লুপ্তপ্ৰায় হৈ পৰে৷
কনমানি মনটোত অজস্ৰ উৎসুকতা৷ কি ক’ত কিয় নানানটা প্ৰশ্ন৷ দূৰন্ত গতিত দৌৰি ফুৰে তাইৰ মন৷ সদায় নতুন নতুন কথাই আকৰ্ষণ কৰে তাইক৷ তাই নাজানে, সময়ে তাইক কোনবাটে নিয়ে, সময় তাইৰ কোন বাটে যায়!

Comments
Post a Comment