কথাবাৰ্তা
#কথাবাৰ্তা : ✍
অনাহক অভিযোগ, কিছুমান ব্যক্তিগত প্ৰশ্ন, তাচ্ছিল্যভৰা মন্তব্য ইত্যাদি উত্থাপন নকৰাকৈ কৰা কথাবতৰা...য’ত ইতিবাচক ভাৱ আৰু ৰসবোধ থাকে, মোৰ মতে সেয়াই উৎকৃষ্ট বাৰ্তালাপ৷
কথাবাৰ্তা আচলতে সেইসকল লোকৰ লগতহে ফলপ্ৰসূ৷ যিজনে আপোনাৰ কথাবোৰ বুজি পায় আৰু গুৰুত্ব দি শুনে৷ নহ’লে মানুহৰ কথা কোৱাৰ প্ৰৱণতা ইমানেই বেছি যে বহুতে বেলেগে কোৱাতো কেতিয়াও নুশুনে৷ কিন্তু নিজৰটো যেনেতেনে হলেও শুনাব৷ কথাই কথাই অনৰ্থক উপদেশ দি থকা কথাষাৰো মই সমৰ্থন নকৰো৷ উপদেশ তেতিয়াহে দিব লাগে যেতিয়া কোনোবাই বিচাৰে, তাকো সেয়া আদেশৰ দৰে হ’ব নালাগে৷ পৰামৰ্শহে হোৱা উচিত৷ এনে দুইধৰণৰ ব্যক্তিবিশেষৰ লগত কথা পতাৰ পৰা মই পৰাপক্ষত আতৰি থাকিবলৈ ভাল পাম৷ শ্ৰুতাই শুনিব নুখুজিলে কৈ একো লাভেই নহয়৷ কেতিয়াবা আকৌ এনে হয় যে মই ক’ব খোজো এটা আৰু বুজোতাই বুুজে বেলেগ এটা৷ হয়তো মই বুজাব নাজানো আৰু নহ’লে ইজন বুজিবলৈ অক্ষম৷ এইধৰণৰ বাৰ্তালাপৰো কোনো অৰ্থ নাই৷
মোক বৰকৈ ব্যক্তিগত প্ৰশ্ন সুধি থাকিলে বেয়া পাওঁ৷ মই নিজেও অইনৰ কথা খুচৰি নুফুৰো৷ কোনোবাই নিজ ইচ্ছাৰে মোৰ আগত যিমানখিনি ব্যক্ত কৰে সিমানখিনিতে মই সন্তুষ্ট৷ সকলোৰে একান্ত ব্যক্তিগত ঠাইকণত বেলেগৰ অনাধিকাৰ প্ৰৱেশ নিষিদ্ধ হোৱাই ভাল৷ মই হলো নিজৰ মনটোৰ মতে চলা মানুহ৷ ইচ্ছা নহ’লে মই কথাও বৰকৈ নকওঁ৷ উত্তৰ দিয়াতো বহু দূৰৈৰ কথা৷ আগতে পৰীক্ষা দিওতে বহীত উত্তৰ লিখাৰ ক্ষেত্ৰতো মই তেনেকুৱাই আছিলো৷ লিখিবলৈ ইচ্ছা নহ’লে চমু কৰি থৈ দিও৷ একেটা কথাকে দুবাৰ কবলৈ পালেও ভাল নাপাওঁ৷ মাত্ৰ ফৰমেলিটি মেইনটেইন কৰি কৰা অনাৱশ্যক বাৰ্তালাপ মোৰ অপচন্দ৷
ফোনত মই বৰকৈ কথা নাপাতো৷ একেবাৰে দৰকাৰী নহ’লে মই ফোনত কথা পতাৰ পৰা বিৰত থাকো৷ তাৰ বাবে মোক বহুতেই বেয়া পায়৷ মই খবৰ নোলোৱাৰ অভিযোগ তোলে৷ কিন্তু মোৰ উপায় নাই৷ দুৰ্ঘটনাই দি যোৱা কিছুমান অসুবিধাৰ বাবে মই to do আৰু not to do লিষ্ট এখন মানি চলিব লাগে৷ ফোনত কথাপতাটো এই “নট টু ডু” লিষ্টত পৰে৷ মই প্ৰতিদিন সকলোৰে দৰে দুখোজ চলিবলৈ কিছু অতিৰিক্ত পৰিশ্ৰম কৰিব লগা হয়৷ এই সকলোবোৰ স্বাস্থ্যজনিত৷ এইটো কাৰণতে মই থিয়েটাৰত চিনেমা চোৱাৰ পৰাও বিৰত থাকো৷ মনোৰঞ্জনেই য’ত বাদ দিছো তেনেস্থলত বাধ্যবাধকতাকনো কেনেকে মানি ল’ম!
প্ৰতিজন মানুহৰ চিন্তাধাৰা, ৰুচিবোধ সুকীয়া সুকীয়া৷ যিজনে মোৰ চিন্তাধাৰা বুজি পায় আৰু মোৰ ৰুচিবোধক আদৰ কৰে মই তেনেলোকৰ লগতে বাৰ্তালাপ কৰিবলৈ ভাল পাম৷ অভিজ্ঞতাৰ আদান প্ৰদানে মোকো সমৃদ্ধ কৰিব৷ মই কেতিয়াও কাকো মোৰ দৰে নোহোৱা বাবে সমালোচনা নকৰো৷ সকলো মানুহ নিজৰ নিজৰ দৃষ্টিত শুদ্ধ৷ ভাল বেয়া বুজি পোৱাতো নিজৰ সামথ্যৰ কথা৷ অবুজনক যিদৰে বুজাই লাভ নাই, সেইদৰে বুজিব নুখুজা জনকো বুজাবলৈ চেষ্টা কৰা বৃথা৷ অল্পমতি অথবা অতিজ্ঞানীসকলক মোৰ দূৰতে নমস্কাৰ৷ বাকী জ্ঞানী আৰু অভিজ্ঞজনৰ লগত বাৰ্তালাপ কৰিবলৈ সদায় আগ্ৰহী৷ শিক্ষাই মানুহক বিদ্বান কৰে আৰু অভিজ্ঞতাই সমৃদ্ধ কৰে৷ নজনাতো জানিবলৈ, জীৱনবোধৰ পাঠ শিকিবলৈ মই বাট চাই থাকো৷
কেতিয়াবা এনেও হয়, শ্ৰুতাই বৰ ধুনীয়াকৈ শুনি থকা যেন লাগিলে বহুত কথাই কৈ পাওঁ৷ কিন্তু শেষত এনে এটা প্ৰশ্ন শুধি দিব, এনেহে লাগে যে ইমানদেৰিনো মই কি কৈ আছিলো! আপুনিও হয়তো এজন ভাল বক্তা৷ কিন্তুু মোৰ চিন্তাধাৰাৰ লগত নিমিলিলে মই কথা পাতিবলৈ ভাল নাপাম৷ নিজৰ ইপ্সিত বিষয়বোৰত অৱশ্যে মই এজন ভাল শ্ৰুতা৷ ভাল লগা বিষয়বোৰ, বাৰ্তালাপবোৰ...ঘন্টাৰ পিছত ঘন্টা মই মন্ত্ৰমুগ্ধ হৈ শুনি যাব পাৰো৷ যিবোৰ বাৰ্তালাপে দুটা কথা নতুনকৈ শিকায়, মনৰ সংশয় আতৰায়, মন মুকলি কৰে, নতুনকৈ কিবা কৰাৰ প্ৰতি আগ্ৰহী কৰি তোলে...তেনে বাৰ্তালাপ জীৱনৰ বাবে মহৌষধ৷
সময়ে মোক বেলেগৰ পৰা একো আশা নকৰিবলৈ শিকাইছে৷ কাৰণ মই নিজেও বেলেগক সন্তুষ্ট কৰিব পৰাকৈ একো কৰিব নোৱাৰো৷ কথাবাৰ্তাৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য৷ মোক কোনে কি ক’ব সেয়া কওঁতাইহে জানিব৷ তাত মোৰ কৰিবলগীয়া একো নাই৷ কিন্তুু মই কি ক’ম আৰু কি ন’কম তাত মোৰ নিয়ন্ত্ৰণ থকা উচিত৷ দুয়োপক্ষৰ সহমৰ্মিতাইহে বাৰ্তালাপ ফলবৰ্তী কৰিব পাৰি৷ নহ’লে চব গালো বালো খোলাকটিৰ তাল... ✍#বিতু
Comments
Post a Comment