জীৱনৰ বাটত
#জীৱনৰবাটত
✍ #বিতু
✍ #বিতু
মাটিৰ মানুহ মই৷ মাটিতেই মোৰ জীৱন লেখা৷ বাট বুলি বুলি বহুদূৰেই পালোহি৷ জীৱনৰ পথ বৰ একাবেকা৷ ৰৈ দিবও নোৱাৰি৷ আঘাত নোপোৱাকৈ গৈ থকাও এক প্ৰত্যাহ্বান৷ সকলো দীক্ষাৰ শিক্ষা পদে পদে আহৰণ কৰি মইও আপোনাৰ দৰেই এজন পঠিক৷ পৰিস্থিতি সাপেক্ষে প্ৰকৃতিৰ প্ৰাথমিক অৱস্থাৰ সৈতে মোৰো সহাৱস্থান৷
কেতিয়াবা মই জুই হওঁ৷ সৰ্বগ্ৰাহী হৈ ভক্ষণ কৰো মোৰ সমষ্ট দুখ ভাগৰ চিন্তা আৰু সমস্যাৰ ভাণ্ডাৰ৷ ভাগৰি পৰো কেতিয়াবা৷ অলপ জিৰাব খুজিলেও হালি পৰোঁ৷ যিমানেই সময়ৰ সৈতে মোৰ সম্পৰ্ক পুৰণি হৈছে সিমানেই যেন মই পুৰঠ হৈছো, লগতে হৈছো থুনুকা৷ কিন্তু অভিজ্ঞতাৰ ভিটামিনেৰে সমানে পুষ্ট হৈছো৷ আজিকালি এলাপেচা আঘাতত মোৰ খোজ থমকি নৰয়৷ কিন্তুু কেৱল গৈ থকাও জানো কম সহজ কথা! সময়ে শিকাইছে গৈ থাকিবলৈ৷ কেতিয়াবা পাৰিছো দৌৰিছো, কেতিয়াবা খোজ কাঢ়িছো৷ আৰু যদি পৰা নাই, তেন্তে চুচৰিছো৷ কিন্তুু ৰৈ যোৱা নাই ক’তো৷ গৈয়ে আছো, ইপাৰৰ পৰা সিপাৰলৈ, পূৱৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ৷ জুই হৈ দহি গৈছো শোক, সমস্যা, পীড়া, প্ৰত্যাহ্বান৷ অগ্নিস্নাতা হৈ শক্তিশালী হৈছো লোৰ দৰে৷
কেতিয়াবা মই পানী হওঁ৷ পৰিৱেশে যেনেদৰে খুৱায়, তেনেদৰে খাওঁ, যেনেদৰে পিন্ধায়, তেনেদৰে পিন্ধো, যেনেদৰে ৰাখে, তেনেদৰে থাকো৷ মানুহবোৰে হাঁহিলে হাঁহো আৰু কান্দিলে কান্দো৷ মানুহে নাচিলে নাচো, চাবি দিয়া পুতলাৰ দৰে৷ কাৰণ মই যেতিয়া পানী হওঁ, তেতিয়া মোৰ নিজস্ব কোনো ৰং নাথাকে৷ পানীৰ পোচাকত মোৰ বুলি একো নাথাকে৷ কেৱল অইনৰ পোচাক যাতে নাফাটে তেনে দায়িত্ববোধৰ অভিজ্ঞতা৷ মানৱতাৰ পাঠ শিকি মানৱ হোৱাৰ প্ৰচেষ্টা৷ সময়ৰ চক্ৰত পৰি মই কেতিয়াবা ৰঙীন হওঁ৷ আৰু কেতিয়াবা বৰণহীন৷ ক্ষন্তেক পিছত কি হ’ব মই নাজানো৷ কিন্তুু মই জীয়াই থাকো চগাটোৰ দৰে৷
আকৌ উভতি আহো মই শূন্যৰ পৰা মোলৈ৷ এইবাৰ মই বায়ু হওঁ৷ ভাল লাগিলে মই মলয়াৰ পোচাক পিন্ধো৷ আৰু বেয়া লাগিলে মই বৰদৈচিলা হওঁ৷ স্বভাৱত মই মৌচুমী৷ কৃষকৰ বাবে হওঁ লখিমী৷ কিন্তুু কেতিয়াবা মই কাল ৰূপতো সজ্জিত হওঁ৷ বায়ুৰ অৱস্থাত মোৰ আশা সপোনবোৰ চূড়ান্ত শিখৰত অৱতৰণ কৰে৷ ইতিবাচক চিন্তাৰে মই পৰিৱেশ গঢ়ো মোৰ নিজৰ বাবে, সকলোৰে বাবে৷ আনন্দ, ধৈৰ্য্য আৰু প্ৰাপ্তি মোৰ লক্ষ্য৷ বিষ ব্যাধিৰ হলাহল পান কৰি মই হওঁ নীলকণ্ঠ৷ দুখ মোৰ বাবে কোলাৰ কেচুৱা৷ দুখবোৰক মই মৰম কৰোঁ৷ সুখ মোৰ বাবে এক বিলাসিতা৷ আৰু মই বিলাসিতা ভাল পাওঁ৷
এনেদৰেই মই গৈ থাকোঁ৷ মই ভাল পাওঁ হাঁহিবলৈ৷ মই ভাল পাওঁ সুখী হ’বলৈ৷ কালিৰ বাবে কোনো আক্ষেপ নাই৷ কাইলৈৰ বাবে প্ৰতীক্ষা আছে৷ সূৰ্য্যাস্তত মোৰ জন্ম হৈছিল৷ নিশাবোৰলৈ মোৰ ভয় নাই৷ অকলশৰীয়া বুলি নাভাবো নিজক৷ পৃথিৱীৰ সকলো অনাথ মোৰ সহোদৰ৷ মোৰ কোনো শত্ৰু নাই৷ কিয়নো মই সকলোকে সুহৃদ বুলি ভাবো৷
ঘটনাবোৰ ঘটিবই৷ মোৰ সাধ্যৰ বাহিৰত প্ৰাপ্য বিচাৰি মই অন্তত হাবাথুৰি নাখাওঁ৷ অশান্তিবোৰ মনৰ সৃষ্টি৷ জীৱনৰ বাবে আত্মঘাতী৷ মোৰ বাৰীত মই নিজে নিসিচিলে গুটি নোলায়৷ মোৰ জীৱনৰ বাঘজৰী মোৰ হাতত৷ পথৰ সঠিক নিৰ্বাচন এক পৰীক্ষা৷ কেতিয়াবা ভুল হ’ব৷ আকৌ শুদ্ধ কৰিম৷ জীৱনৰ পাঠবোৰ এনেকৈয়েতো শিকিম!✍#বিতু
Comments
Post a Comment