#ভ্ৰমণকাহিনী #জুকুভেলীলৈ
ফুলৰ উপত্যকাত...
সপোনবোৰ য’ত ফুল হৈ ফুলে
“বতাহ যেনিয়েই বয় ব'বলৈ দিয়া
মই সেইফালেই যাম
যিফালে এদিন যাম বুলি সপোন গুজি দিছিলা…”
অ-আ-ক-খ পঢ়িবলৈ আৰম্ভ কৰা দিনৰে কথা৷ দেউতাই মোক এখন ভূচিত্ৰাৱলী আনি দিছিল৷ পৃথিৱীৰ মেপখন চিনাকি কৰি দি মহাদেশ মহাসাগৰৰ কাহিনী শুনাইছিল৷ দেউতাৰ মুখতে শুনিছিলো কিদৰে এখন সাগৰৰপৰা বৃহৎ হিমালয়ৰ উৎপত্তি হৈছিল৷ মনত বাহ লৈছিল উৎসুকতাই৷ পৃথিৱীখনক নতুনকৈ চোৱাৰ দুৰ্বাৰ হেঁপাহে সৰুতেই মোক ভ্ৰমণপিয়াসী কৰি তুলিছিল৷ ভাবনাতেই পৰিভ্ৰমণ কৰি ফুৰিছিলো সমগ্ৰ বিশ্ব৷ সেই তেতিয়াৰে পৰাই মেপবোৰত আঙুলি ফুৰাই পৃথিৱীখনৰ প্ৰতিটো কোণতে বিচৰণ কৰি ফুৰাতো মোৰ নিঁচাত পৰিণত হৈছিল৷
ইয়াতেই কিজানি অংকুৰিত হৈছিল মোৰ যাযাবৰী জীৱনৰ বীজ৷ আঙুলিৰ ফাকেদি সৰকিছিল সেউজীয়া ৰং সনা জোনাকী সময়৷ ফুলে ফুলে নানাৰঙী অসংখ্য পখিলাৰ নৃত্য৷ সপোনৰ দেশত মোৰ অবাধ বিচৰণ l পৃথিৱীৰ চুকে কোণে, দিহিঙে দিপাঙে ঘুৰি না না কথা শিকি জীৱনটোক সৰ্বাংগসুন্দৰ কৰাৰ মন৷ কিন্ত মন কৰিলেই জানো হ’ব৷ যদিহে পথৰ কাইট আঁতৰাই আগুৱাবলৈ চেষ্টা নকৰো! এটি ভয়াৱহ পথ দুৰ্ঘটনাই তচনচ কৰি যোৱা মোৰ শৰীৰত অসংখ্য আঘাত৷ কিন্তু মনটো বান্ধি ৰাখো কিদৰে!
আকৌ আৰম্ভ হৈছিল যাযাবৰী জীৱনৰ কাহিনী৷ সহস্ৰ বাধানিষেধ নেওচি উপস্থিত হলোগৈ মোৰ হেঁপাহৰ ফুলৰ উপত্যকাত৷ আজি ক’বলৈ ওলাইছো উত্তৰ-পূৱৰ ফুলৰ উপত্যকাৰূপে খ্যাত “জুকুভেলী”লৈ যাত্ৰাৰ কাহিনী৷
#জুকুভেলী
প্ৰকৃতিৰ সংস্পৰ্শত পাহাৰ ভৈয়াম একাকাৰ কৰি অলৌ তলৌ ঘুৰি ফুৰা মোৰ দৰে যাযাবৰীসকলৰ বাবে ট্ৰেভেলগৰ বাকেটলিষ্টত অন্তৰ্ভুক্ত এখনি ঠাই “জুকুভেলী”৷ ইয়ালৈকে এদিন যোৱাৰ আশাৰে ইন্টাৰনেটত ঠাইখনৰ বিষয়ে খুচৰি খুচৰি অধ্যয়ন কৰিছিলো৷ সাগৰপৃষ্ঠৰ পৰা ২৪৫২ মি: উচ্চতাত অৱস্থিত এই ঠাইখন নানাবিধ ফুলৰ ৰম্যভূমি৷ দুৰ্ঘটনাই জুকুলৈ যোৱাৰ সম্ভাৱনা প্ৰায় নিশেষ কৰি দিছিল৷ কিন্তু আশা এৰা নাছিলো৷ সপোনবোৰো আলফুলকৈয়ে ৰাখিছিলো৷
সময় আছিল ২০১৭ চনৰ জুলাই মাহ৷ কাৰ্যালয়ত তেতিয়া অত্যাধিক কামৰ বোজা৷ গতিকে ছুটি নোপোৱাটোৱেই খাটাং৷ সেয়ে চতুৰ্থটো শনিবাৰ আৰু দেওবাৰৰ বন্ধটোকে উপলক্ষ কৰি মই আৰু সহকৰ্মী ভন্টি ডেইজী ওলালো “জুকু”লৈ৷ “তই যাব পাৰিবি জানো?” বুলি বাধা দিয়া মানুহ অনেক৷ কিন্তু উৎসাহ দিয়া মানুহ তেনেই কম৷ দুৰ্ঘটনাই জৰ্জড়িত কৰা শৰীৰটোৰে মই অৱশ্যে কিছু দুঃসাহসেই কৰিবলৈ ওলালো৷ নিজকে জুখি চাবলৈ, ক্ৰমান্বয়ে দুৰ্বল হ’ব ধৰা আত্মবিশ্বাস পুনৰ উভটাই আনিবলৈ মোক এনে এটা সিদ্ধান্তৰ খুবেই প্ৰয়োজন আছিল৷ জুকু যোৱাৰ ইচ্ছা বহুবছৰ ধৰি মনত পুহি ৰাখিছিলো৷ অফিছত কথাটো উলিয়াওতে ডেইজীয়ে একেআষাৰে ক’লে “মইও যাম৷” লগে লগে পৰিকল্পনা কৰিয়েই পেলালো৷ আমাৰ স’তে ৰীতাবাও যাবলৈ ওলাল৷ এসময়ত ক্ৰিকেট খেলিছিলোঁ আৰু সেই ক্ৰিকেট খেলাৰ জগততে তেওঁৰ সৈতে মোৰ চিনাকি আৰু আত্মীয়তা৷ লগত ওলাল তেওঁৰ স্কুলত পঢ়া পুত্ৰ৷
শুকুৰবাৰে দিনটো অফিছ কৰি আহি দৌৰাদৌৰিকৈ কাপোৰ কানি ভৰাই ৰেডি হৈ পল্টনবজাৰ ষ্টেচনৰ পৰা ডিমাপুৰলৈ বুলি ট্ৰেইন ধৰিলোঁ৷ নগালেণ্ডৰ মাজেৰে তিনিমাহৰ আগতে ম্যানমাৰলৈ বুলি এটা আন্তৰাষ্ট্ৰীয় পিচ কাৰ ৰেলীত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ৷ সেইসূত্ৰেই এইবাৰ পুনৰ কোহিমাৰ মাজেৰে জুকুৰ দৰে দুৰ্গম অঞ্চললৈ যোৱাৰ সাহসকণ গোটাব পাৰিলো৷ হ’লেও অচিনাকি পথত অথন্তৰ নহ’বৰ বাবে এজন গাইডৰ সন্ধান কৰিছিলো আৰু পাইও গলো৷ জুকুভেলীলৈ আগতে যোৱা মোৰ এগৰাকী বান্ধৱী ৰীতুৰ জৰিয়তে গাইডৰ বন্দবস্ত আগতিয়াকৈ কৰি ল’ব পাৰিলো৷ সি আমাক কহিমাত লগ দিয়াৰ কথা৷
পুৱা ট্ৰেইনৰ পৰা নামি কহিমালৈ এখন টেক্সি ভাড়া কৰি ললো৷ বৰষুণত বিধ্বস্ত ৰাজপথ৷ ফ’ৰ লেন বনোৱাৰ প্ৰস্তুতিৰ বাবে পথটো বাৰিষাৰ পথাৰখনৰ দৰেই ওখোৰামোখোৰা৷ কেইবা ঠাইতো ভূমিস্খলন হৈ ৰ’ব লগা হ’ল৷ পুৱা ন’ বজাৰ আগতেই কহিমা গৈ পাম বুলি ভাবিছিলো যদিও এঘাৰ বজাৰ পিছতহে কহিমা পালোগৈ৷ সৰুফুটীয়া নগা ল’ৰাজন ৰাতিপুৱাৰে পৰা আমালৈ বাট চাই আছিল৷ ফটফটীয়াকৈ ইংৰাজী কোৱা ল’ৰাজনে হিন্দী ভালকৈ নাজানে৷ তাৰ নাম ভিচেইলি নেইহো৷ কথা পাতি গম পালো, সি জাফো খ্ৰীষ্টান কলেজৰ পৰা এডুকেছনত এম এ পৰীক্ষা দিছে৷ তাৰ মাজতে গাইডৰ কাম কৰি হাতখৰছ উলিয়াইছে৷ এনেই ধিতিঙালি কৰি নুফুৰি কাম কৰি খোৱা ল’ৰাজনক লগ পাই বৰ ভাল লাগিল৷
নাগালেণ্ডৰ কহিমা চহৰৰ পৰা পয়ত্ৰিছ কিলোমিটাৰ নিলগত অৱস্থিত ভিচ্ছামা ভিলেজৰ পৰা আৰম্ভ হয় জুকু ভেলীৰ ট্ৰেক৷ জাখামা ভিলেজৰ পৰাও জুকুলৈ যোৱাৰ অইন এটা চুটি পদপথ আছে, যদিও সেইটো পথ তুলনামূলকভাৱে কঠিন হোৱা বাবে আমি ভিচ্ছামাৰ পথটোৰে যোৱাটোৱেই ঠিৰাং কৰিলো৷ সি ক’লে যে ট্ৰেকিং পইণ্টলৈকে আমি অইন এখন গাড়ীৰে যাব লাগিব যদিও ভূমিস্খলন হোৱা বাবে আধালৈহে গাড়ী যাব৷ এইটো হৈছে এছিয়ান হাইৱে’ নং এক৷ মনিপুৰ হৈ এই ৰাজপথটোৰে ম্যানমাৰৰ মাজেদি বেংককলৈকে যাব পাৰি৷ কিন্তু বাৰিষা পথচোৱা যথেষ্ট বিপদসংকুল হৈ পৰে৷ পদে পদে ভূমিস্খলনৰ আশংকা৷ আমিও এই অভিজ্ঞতাৰেই সমুখীন হ’ব লগা হ’ল৷
ইফালে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ অমি ৰেইনকোটবোৰ পিন্ধি ল’লো। গাড়ীৰ পৰা নামি পিঠিত বেগ বান্ধি ট্ৰেকিঙৰ পৰীক্ষা দিবলৈহে যেন আমি প্ৰস্তুত হৈছিলো৷ ভূমিস্খলন হৈ ৰাজপথটো খহি পৰা বাবে আৰ্মীৰ লোকে পাহাৰৰ ওপৰেৰে জংঘল কাটি ৰছী বান্ধি দিয়া পিছল বাটেৰে বৰষুণত তিতি তিতি খুপিখুপি কোনোমতে পথচোৱা পাৰ হলো৷ তাৰপৰা আকৌ এখন বেলেগ গাড়ী বন্দবস্ত কৰি আমাৰ মূল ট্ৰেকিং পইণ্টটো গৈ পালোগৈ৷ বৰষুণ অবিৰাম গতিত আহি আছিল ৷
সময় তেতিয়া দুই বাজিবৰ হৈছিল৷ গাইডজনে কোৱা মতে আমাৰ যথেষ্ট পলম হৈছিল৷ গতিকে ৰাস্তাত জিৰণিৰ অৱকাশ নাছিল৷ হাতত একোডাল লাখুটি লৈ আমি পাহাৰৰ ষ্টেপ বগাবলৈ আৰম্ভ কৰিলো৷ এই ষ্টেপবোৰ প্ৰথমতে শিলেৰে বন্ধা আছিল যদিও পিছলৈ এইবোৰ গছৰ শিপাৰে বন্ধা দেখা পালোঁ৷ ঘন জংঘলৰ মাজে মাজে বৰষুণত পিছল হৈ পৰা পথটোৰে আমি ষ্টেপত ভৰি দি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিলো৷ কিন্তু খুৱ সোনকালেই ভাগৰি পৰিলো৷ আমাৰ খোজৰ গতি লাহেলাহে কমি আহিল৷ মই গাইডৰ লগে লগে গৈ আছিলো যদিও আমাৰ দলৰ এগৰাকী সদস্য ইতিমধ্যেই লেবেজান হৈ পৰিল৷ বেগ দাঙিব নোৱাৰা অৱস্থা৷ ক্ষন্তেক সময়লৈ মনত লাগিল যে এনেকৈ কেনেকৈ গৈ পাম৷ সেইখিনিৰ পৰা উভটি গ’লেও একেই দশা হ’ব৷ ইতিমধ্যে আমি গৈ থাকোঁতে জুকুৰ পৰা উভটি অহা কেইবাটাও দল লগ পালো৷ এটা দলত এজন ডেকা ল’ৰা গাইডজনৰ হাতত ধৰি কান্দি কান্দি আহি থকা দেখি মই খোজ দিবলৈকে পাহৰি গৈছিলো৷ সি ক’লে, “আপোনালোকে ভালেই কৰিছে সৰু বেগ আনিছে৷ মোলৈ চাওকচোন, ইমান ডাঙৰ বেগ আনিলো আৰু এতিয়া কঢ়িয়াই মছলা বাহিৰ হৈ গৈছে৷ জুকু বৰ ধুনীয়া৷ কিন্ত জুকুৰ ৰাস্তা বৰ সাংঘাতিক৷ লাহে লাহে গৈ থাকক৷” বেচেৰাৰ ছাগে পূৰ্বতে ট্ৰেকিঙৰ অভিজ্ঞতা নাই৷ সেয়ে কষ্ট সহ্য কৰিব পৰা নাই৷ বাকীসকলেও জুকু সম্পৰ্কে ধুনীয়া ধুনীয়া বৰ্ণনা দি গ’ল৷ তেওঁলোকে দিয়া সুন্দৰ বৰ্ণনাই আমাক পুনৰ উৎসাহিত কৰি তুলিলে৷ প্ৰায় এঘন্টা সময় ঠিয় পথটোৰে বগাই গৈ অৱশেষত মই অতি ওখ ঠাইখণ্ডত উপস্থিত হ’লোগৈ ৷
ইমান সুন্দৰ! ভৰিৰ তলত যেন আকাশখন৷ জিৰি জিৰিকৈ বৈ গৈছে স্বচ্ছজলধাৰা ৷ গালে মুখে পানী মাৰি জুৰিৰ পানী হেঁপাহ পলোৱাই সেৱন কৰিলো৷ কি সুস্বাদু পানী৷ দেহৰ ভাগৰ কৰবাতে যেন আতৰি পলাল৷ ঠাইখনত এটা জিৰণিচ’ৰা৷ তাতে দুজনমান যাত্ৰীয়ে দেহৰ ভাগৰ মাৰিছিল৷ ট্ৰাইপদসহ ডাঙৰ ডাঙৰ লেন্সৰ কেমেৰাকেইটা দেখিয়েই অনুমান কৰিলো পৰ্যটককেইজন প্ৰফেচনেল ফটোগ্ৰাফাৰ৷ মোক তাতে ৰ’বলৈ দি আমাৰ গাইডজন আকৌ নামি গৈছিল দলৰ বাকীসকলক আগুৱাই আনিবলৈ ৷ মইও বেগৰপৰা মোৰ কেমেৰাটো উলিয়াই দুখনমান ফটো ক্লিক কৰিলো৷ কিন্তু পুনৰ বৰষুণ আৰম্ভ হোৱাত কেমেৰাটো পলিথিনেৰে মেৰিয়াই বেগত ভৰাই থলো৷ পিঠিখন বিষাইছিল৷ ৰাজহাড়কে ধৰি সৰ্বশৰীৰত দুৰ্ঘটনাই দি যোৱা অসংখ্য ফ্ৰেকচাৰ লৈ মই জুকুলৈ আহিছো৷ কেমেৰাটোৱে মোৰ পিঠিৰ বেগটো অধিক গধূৰ কৰি তুলিছিল৷ কিন্ত কেমেৰা নিলিলে জুকুৰ সুন্দৰতাক কেনেকৈ ধৰি ৰাখিম !
বেগটো পিঠিত লৈ ঠিয় হৈ থকাতো মোৰ বাবে বৰ কষ্টকৰ হৈ পৰিছিল৷ জিৰণিচ’ৰাটোতে মইও কিছুপৰ বহি পৰিলো৷ আধাঘণ্টা হৈ গ’ল, কিন্ত মোৰ দলৰ সদস্যকেইজন আহি পোৱা নাই৷ চিন্তাও লাগিবলৈ ধৰিলে৷ অন্যান্য পৰ্যটকৰ সৈতেও বাৰ্তালাপ হ’ল৷ দুজনমান বিদায় লৈ আগবাঢ়িল৷
অৱশেষত ডেইজিহঁত আহি পালেহি৷ সিহঁতেও নিজৰাৰ সুস্বাদু পানী খাই কিছুপৰ জিৰালে৷ গাইডে ক’লে, “এতিয়া পাহাৰৰ অকোৱাপকোৱাই দি মাথো খোজ কাঢ়িব লাগিব৷ কিন্ত উচ্চতা বগাব নালাগে৷ তাত আৰু দেৰি নকৰিলো৷ কাৰণ সেইদিনাৰ যাত্ৰীসকলৰ ভিতৰত আমিয়েই হয়তো আটাইতকৈ শেষত আছিলো৷ এন্ধাৰ হোৱাৰ আগতেই আমি গন্তব্যস্থান গৈ পাবগৈ লাগিব৷
গাঢ় সেইজীয়া উদ্ভিদেৰে ঢাক খাই থকা পাহাৰৰ গাতে খাজ কাটি পথ উলিওৱা হৈছে৷ লুংলুঙীয়া এই পথেৰে মাথো খোজ কাঢ়ি গৈ থাকা৷ নিজৰাৰ কুলুকুলু ধ্বনিয়ে কৰ্ণকুহৰত দেৱধ্বনিৰ লহৰ তুলিছিল৷ ডাৱৰৰ লুকাভাকু, বৰষুণৰ চিপ্চিপনি, নিজান নিতাল পৰিৱেশে সময়খিনিক যেন ৰহস্যময় কৰি তুলিছিল৷ চিনাকি হৈ পৰা সপোন এটাই অচিনাকি পথেৰে হাতত ধৰি যেন আগবঢ়াই লৈ গৈ আছিল আৰু মইও মন্ত্ৰমুগ্ধ হৈ সপোনটোৰ পিছে পিছে বাট বুলিছিলো৷ এটা পাহাৰৰ ভাঁজ শেষ হ’লে আকৌ আনটো পাহাৰ আৰম্ভ হয়৷ এনেদৰেই পাহাৰীয়া পথেৰে পদব্ৰজে গৈ থাকিলো৷ অদূৰত লক্ষ্যস্থান ৰিণিকি ৰিণিকি দেখা পালেও সেয়া যে প্ৰকৃততে তেতিয়াও বহুদূৰত বুজিবলৈ আমাক কিছু সময় লাগিল৷ গাইডজনে মোক লাহে লাহে আহি থাকিবলৈ কৈ নিজে খৰখোজেৰে আগুৱাই গ’ল৷ কাৰণ ৰাতি গৈ পাই আমি থাকিবৰ বাবে যোগাৰপাতিখিনি সি আগতিয়াকৈ কৰিবগৈ লাগিব৷ মই বেগটো পিঠিত লৈ ঠিয় হৈ থাকিব পৰা নাছিলো আৰু বৰষুণত তিতি থকা ঠাইবোৰত বেগটো নমাই থ’বও পৰা নাছিলো৷ সেয়ে জিৰণিবিহীনভাবে গৈ থকাৰ বাহিৰে মোৰ গত্যন্তৰ নাছিল৷ মই দলৰ বাকীসকলতকৈ আগত আহি আছিলো৷ মাজে মাজে চিঞৰি বাকীসকলক মাত লগাও, উভটি চালে কেকুৰীবোৰত দেখা পাও৷ ডেইজী মোৰ পিছে পিছে৷ ৰীতাবা কিছু পিচ পৰিছে৷ ৰীতাবাৰ ইতিমধ্যে পৰ্বতাৰোহণ কৰাৰ অভিজ্ঞতাও আছে৷ কিন্তু জুকু যাত্ৰা যেন কিছু পৃথক৷ একা বেকা পথবোৰে সকলোকে ভাগৰাইছে৷ মইতো মোক লৈহে চিন্তিত আছিলো যে ইমান কঠিন পথটো অতিক্ৰম কৰিবলৈ পাৰিমনে নাই বা! দেহৰ ভগাচিগা অংগবোৰৰ বিষে বিধিপথালিয়েই দিয়ে নেকি!
কিন্ত ঈশ্বৰৰ ইচ্ছা৷ এন্ধাৰ হ’বলৈ ধৰাৰ আগে আগে আমি জুকু উপত্যকা দৰ্শনৰ বাবে যোৱা পৰ্যটকসকলৰ বাবে থকা একমাত্ৰ অতিথিশালাটোত গৈ উপস্থিত হলোগৈ ৷ ন্যুনতম সা-সুবিধাকণৰ বাহিৰে তাত অধিক আশা কৰি নোযোৱাই ভাল৷ ইতিমধ্যে আমি তিতিবুৰি জুৰুলিজুপুৰি হৈছিলো৷ জোতা তিতি বোকাৰে লুতুৰিপুতুৰি৷ সলাই মেলি আমি মুখ হাত ধুলো ৷ পানীবোৰ আছিল হীমচেঁচা৷ গাইডে আমাৰ বাবে জুই ধৰি গৰমপানীৰ ব্যৱস্থা কৰিছিল৷ আমিও কানিকাপোৰ সলাই জুইৰ ওচৰত বহিলোগৈ৷ ইলেকট্ৰিছিটিৰ ব্যৱস্থা নাই বাবে টৰ্চ বা চাৰ্জ লাইটৰ পোহৰত কাম কৰিব লাগিব৷ তাত খোৱা-বোৱাৰো ব্যৱস্থা আছে যদিও আমি নিজে খিচিৰিকে ৰান্ধি খোৱাৰ সিদ্ধান্ত ললো৷ গাইডৰ পৰামৰ্শমতে আমি কিছু ৰান্ধিখোৱা সামগ্ৰী লগত লৈ গৈছিলো৷ জুই ফুৱাওতে চাহো বনাই খালো আৰু খিচিৰিও বনাই খালো৷ জুকুভেলীৰ এই খিচিৰিকণৰ সোৱাদ অৱশ্যেই কেতিয়াও পাহৰা নাযাব৷
ভাগৰেও হেঁচা মাৰি ধৰিছিল৷ অতিথিশালাৰ কাঠৰ ফ্লৰতে আমাৰ গাইডে মেট পাৰি বিছনা ৰেডি কৰি দিছিল৷ কিছু মূল্যৰ বিনিময়ত লোৱা কম্বলএকোখন পাৰি লৈ আৰু একোখন গাত লৈ শুই পৰিলো৷ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ শৰীৰত ভলিনি স্প্ৰে’ মাৰি লোৱা বাবে মোৰ খুৱ ঠাণ্ডা লাগিছিল৷ তাতে বাহিৰত অবিৰাম গতিত মুষলধাৰ বৰষুণ৷ ৰাতিলৈ ডেইজিৰ জ্বৰ উঠিল৷ তাইৰো বৰ ঠাণ্ডা লাগিল৷ দৰকাৰ হ’লে ল’বলৈ থোৱা কম্বলখন জাপি দিয়াৰ পিছতো তাই কঁপিয়েই থাকিল৷ উপাই নেপাই লগত নিয়া বেডছিটখনকে গাত দিলো৷ টেবলেট এটা খুৱাই দিয়াৰ পিছত যেনিবা তাইৰ টোপনি আহিল৷ মোৰ মনত তেতিয়া অনেক চিন্তাৰ ভিৰ৷ পুৱা উঠিব নোৱাৰা হ’লে কি হ’ব৷ এই পাণ্ডৱবৰ্জিত ঠাইখনত ডাক্তৰো নাই আৰু যাতায়াতৰ অইন ব্যৱস্থাও নাই৷ ঈশ্বৰ চিন্তি মই শুই পৰিলো৷
পুৱা সোনকালেই সাৰ পালো৷ শৰীৰত আচৰিত ধৰণে বিষৰ চিনমোকাম নাই৷ ডেইজিক জগাই দিলো৷ তাইৰো জ্বৰ পলাল৷ কেমেৰাটো লৈ ওলাই গ’লো৷ চকুত পৰিল ডাৱৰৰ লুকাভাকুৰ মাজত সেয়া সুদৃশ্য ফুলৰ উপত্যকা জুকু৷ মনটো প্ৰফুল্লিত হৈ পৰিল৷ এইখিনি চাবলৈকেতো ইমান কষ্টেৰে বাটকুৰি বাই আহিছো৷ আগদিনা আহি পাওতে বাহিৰত এন্ধাৰ হৈ থকা বাবে একোকে দেখা পোৱা নাছিলো৷
লৰালৰিকৈ সাজু হৈ আমি উপত্যকালৈ নামি গলো৷ বাটত এখন অস্থায়ী হেলিপেড চকু পৰিল৷ হওক তেও, বিপদত পৰিলে কিবা ব্যৱস্থাতো আছে৷ অৱশ্যে এই ব্যৱস্থা কিমান সক্ৰিয় নাজানিলো৷ উপত্যকাৰ সমতল গৈ পাওতে আধাঘন্টা লাগিল৷ নামি যাওতে বিশেষ কষ্ট হোৱা নাছিল৷ সৰগৰ পথত যেন দেৱতাইও আশীৰ্বাদ বৰষিছিল৷
চাৰিওফালে অসংখ্য ফুলৰ সমাহাৰ৷ ফুলবোৰত নানাৰঙী পখিলা৷ বিবিধ প্ৰজাতিৰ ফুলৰ মাজত বগা ৰঙৰ এবিধ ফুল যথেষ্ট পৰিমাণে দেখা পালো৷ গোলপীয়া বৰণৰ লিলিবিধ হৈছে জুকুভেলীৰ অন্যতম আকৰ্ষণ৷ ফুলেৰে ঢকা সমতলৰ মাজেৰে অকোৱাপকোৱা বাট৷ খোজ কাঢ়ি গৈ থাকোঁতে এনে লাগিছিল, আমি যেন সপোনৰ ৰাজ্যতহে বিচৰণ কৰি আছো৷ ডেইজিয়েতো আনন্দতে গীতেই জুৰিলে৷ জুকুৰ আনটো ফালে মনিপুৰৰ সীমা৷ সেইফালেৰেও এটা ট্ৰেকিঙৰ পথ আছে যদিও পৰ্যটকৰ বাবে তেতিয়াও সিমান পপুলাৰ হৈ উঠা নাই৷ মাজেদি বৈ যোৱা সৰু নৈখনে ফুলৰ উপত্যকাখনিৰ সৌন্দৰ্য অধিক মোহনীয় কৰি তুলিছে৷ নৈখনৰ ওপৰত সৰু এখন কাঠৰ সাকো৷ তাৰ ওপৰত উঠি সকলোৱে ফটো লৈছে৷ নাতিদূৰৈত এটি গুহা৷ সেই ঠাইত বহুতে কেম্পিঙো কৰে৷ বহুতে অতিথিশালাত নাথাকি নিশা তাতে টেন্ট তৰি কটায়৷ গুহাটোত কিছুমান স্থানীয় লোক চকুত পৰিল৷ পিকনিক কৰিবৰ বাবে আহিছে৷ বাটত আমি দুজনমানক লগো পাইছিলো৷ চঞ্চলা হৰিণীৰ দৰেই আমাৰ কাষেদি পাৰ হৈ গৈছিল হাঁহিমুখীয়া নগা যুৱক-যুৱতী৷ পাৰ হৈ যাওতে তেওলোকে সম্ভাষণ জনাবলৈ নাপাহৰিছিল ৷
বেছ কিছুসময় জুকুৰ সমতলত ফুলৰ মাজত কটাই আমাৰ উভটি আহিবলৈ হ’ল৷ মনটো গধুৰ হৈ পৰিছিল৷ উভটিবলৈ মনেই যোৱা নাছিল৷ কিন্তু সিদিনাই আমি তাৰ পৰা আহি ডিমাপুৰত ট্ৰেইন ধৰিবহি লাগিব৷ গতিকে আহিবতো লাগিবই৷ কিন্ত উভটাৰ পথ ইমান সহজ নাছিল৷ যাওতে দৌৰি দৌৰি নামি যোৱা বাটটোৰে এইবাৰ খুপিখুপি উঠি আহিব লগা হৈছিল৷ লগত অনা পানীও শেষ হৈছিল আৰু পিয়াহত অন্ত কণ্ঠ শুকাই গৈছিল৷ ইতিমধ্যে ৰ’দেও ভুমুকি মাৰিছিল৷ দুভৰিত ন যযৌ ন তস্তৌ খোজ৷
অতিথিশালাত ফ্ৰাইডৰাইছেৰে পুৱাৰ আহাৰ কৰি দুপৰীয়া এঘাৰবজাৰ পিছতে জুকুক বিদায় জনাই যোৱা বাটেৰে উভটি আহিলো৷ আহোতে বৰষুণৰ পৰিমাণ কম আছিল আৰু আমাক বেছি সময়ো লগা নাছিল৷ ট্ৰেকিঙৰ ষ্টাৰ্টিং পইণ্টত আমাৰ বাবে আগদিনাৰ গাড়ীখন ৰৈ আছিল৷ ভূমিস্খলনৰ ঠাইটুকুৰা খোজ কাঢ়ি পাৰ হলো যদিও আগদিনাৰ দৰে পাহাৰ বগাব লগা নহ’ল৷ আৰ্মীৰ লোক আৰু বৰ্ডাৰৰোড্ছৰ মানুহে দিনে নিশাই কাম কৰি হাইৱে’টোৰ খহি যোৱা অংশৰ মেৰামতিৰ কাম বহুখিনি আগবঢ়াই নিছে৷
আবেলি কহিমাৰ এখন হোটেলত আহাৰ গ্ৰহণ কৰি পুনৰ এখন টেক্সি ভাড়া কৰি গাইড ল’ৰাজনক ধন্যবাদ জনাই আমি ডিমাপুৰলৈ বুলি গাড়ীত উঠিলো৷ দেওবাৰে নগামানুহে ছুটি লয়৷ সেয়ে গাড়ীৰ সংখ্যাও কম৷ যোৱাৰ সময়তকৈ তুলনামূলকভাৱে আমি ঘুৰি আহোতে গাড়ীৰ বাবদ দুগুন ভাড়া ভৰিব লগা হৈছিল৷
পিছদিনা পুৱা গুৱাহাটী আহি পাই সময়মতেই কাৰ্যালয়তো উপস্থিত হলোগৈ৷ ভৰি অহা মনৰ জোৰত দেহৰ ভাগৰে আমাক জুৰুলা কৰিব পৰা নাছিল৷
মন ভৰি থাকিলে দেহৰ ভাগৰ নো কি! বহুদিনলৈ তৃপ্ত হৈ থাকিল সময়৷ মনত এইবাৰ নতুন আশা৷ নতুন ঠাইৰ ভিন্নসুৰী স্বাদৰ সপোন৷ বাট চাই ৰলো আকৌ এটি নতুন এডভেন্সাৰলৈ৷

Comments
Post a Comment