লেচেৰি বুটলা বাটেদি~৩
লেচেৰি বুটলা বাটেদি~৩
✍ #বিতু
সন্ধিয়া প্ৰাৰ্থনা গোৱাতো সিহঁতৰ নিত্য নৈমিত্তিক কাৰ্যসূচী৷ গৰম দিনৰ গধুলীবোৰত ঘৰৰ আহল বহল চোতালখনত চকী বেঞ্চ উলিয়াই লৈ সকলো বহে৷ দেউতাকেও চোতালত কেৰমখাটখন তৰি লৈ মাজে মাজে জিৰণি লয়৷ তেতিয়া কোনোবা আলহী আহিলেও চোতালতে চকী পাৰি বহে৷ গৰমত কোনেও ভিতৰত সোমাবলৈ ইচ্ছা নকৰে৷ ধান ৰ’দত দিয়া আৰু মৰণা মৰা ইত্যাদিৰ বাবে মাকহঁতে প্ৰায়ে চোতালখন গোবৰ মাটিৰে মোচে৷ গধুলী মহ নাহিবলৈ চোতালৰ একোনত খেৰৰ জুমুঠি এটা জ্বলাই ৰখা হয়৷ বিচনী মাৰি মাৰি বিভিন্ন বিষয়ৰ কথা আলোচনা হয়৷ জাকৰোৱা ঘৰ৷ এগালমান মানুহ৷ আলহীয়ে অতিথিয়ে গিজগিজাই থকা ঘৰখনত অনবৰতে সবাহ এখন হৈ থকাৰ দৰেই৷ সিহঁতৰ ঘৰত খেতিৰ কাম, ঘৰ আৰু বাৰীৰ কামৰ সহায়ৰ বাবে কেইবাজনো বাহিৰা মানুহ থাকে৷ ইয়াতেই তেওঁলোকৰপৰা দিনটোৰ কাম কাজৰ খটিয়ান লোৱা হয় আৰু পৰৱৰ্তী দিনৰ বাবে কাৰ্যপন্থা লোৱা হয়৷ ৰেডিঅ’ত তেতিয়া বাজি থাকে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ গঞা ৰাইজৰ অনুষ্ঠান, চাহ শ্ৰমিকৰ আচৰ৷
সন্ধিয়াৰ প্ৰাৰ্থনাৰ পিচতে ঘৰৰ লৰাছোৱালীবোৰৰ পঢ়াৰ সময়৷ বৰদেউতাক, দদায়েক আৰু সিহঁতৰ পৰিয়ালটো একেলগে থাকে৷ আটাইৰে পাকঘৰ সুকীয়া যদিও সেয়া যেন কেৱল নিয়ম মাফিক৷ ভোক লাগিলে যিটো পাকঘৰতে খোৱা বস্তু থাকে তাতেই খায় সিহঁতে৷ ঘৰখনত মানুহ বহুত বেছি হোৱা বাবে তাইৰ দ’টিয়েকে (ককাকে) তিনিওটা ককাই ভাইকে পাকঘৰকেইটা বেলেগ কৰি দিছিল৷ কিন্তুু চোতাল আছিল একেখনেই৷ আচুতীয়া পাকঘৰৰটোৰ পৰা সিহঁতে থকা ঘৰলৈ কিছু দূৰত্ব৷ বাইয়ে ('বাই’ আচলতে দেউতাকৰহে বায়েক, কিন্তুু ডাঙৰবোৰে 'বাই’ বুলি মতা দেখি দেখি ঘৰৰ লৰাছোৱালীবোৰেও তেওঁক 'বাই’ বুলিয়েই মাতিবলৈ শিকিলে৷) সিহঁতে পঢ়াৰ সময়ত কাষতে বহি থাকে৷ কেতিয়াও স্কুল পঢ়ি নোপোৱা বাই হৈছে সকলো সাধুকথাৰে উৎস, সাথৰৰ ভাণ্ডাৰ, ডাকৰ প্ৰতিটো বচন আৰু লগতে আইনাম, বিয়ানাম ইত্যাদি সকলো তেওঁৰ কণ্ঠস্থ৷ সিহঁতে পঢ়ি থাকোতে বাইয়েও চিলটত নিজৰ নামটো লিখিবলৈ শিকে৷ তেওঁৰ বাবে সেইটো সদায়ে আছিল হোমৱৰ্ক৷ ইদিনাতকৈ সিদিনা আখৰবোৰ ধুনীয়া হৈ আহে৷ সিহঁতে চাই বাহ বাহ দিয়ে, বাইৰ মুখৰ ৰং পোহৰ হৈ উঠে৷
এটা সময়ত পঢ়া পৰ্ব শেষ হয় আৰু সিহঁতবোৰ চোতাললৈ ওলায় আহে৷ পাকঘৰত খোৱা সাজু হয় মানে বৰদেউতাকে সিহঁতক প্ৰায়ে মহাভাৰত ৰামায়নৰ কাহিনী শুনায়৷ বাইয়ে শুনায় বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু৷ দেউতাকেও আকবৰ বীৰবলৰ সাধুৰ বৰ ৰস লগাকৈ কয়৷ মাজে মাজে ভূগোলৰ সাধু কয়৷ তাই আকাশৰ তৰাবোৰ লেখি লেখি কল্পনা সাগৰত সাঁতুৰি ফুৰে৷ বৰমাক খুড়ীয়েকৰ কণ্ঠত আইনামবোৰ তাইৰ বৰ হেঁপাহৰ৷ বায়েকহঁতৰ মাতবোৰো বৰ মিঠা৷ সিহঁতৰ চোতালত মাজে মাজে গধুলীৰ এনে সময়বোৰ সংগীতমুখৰ হৈ উঠে৷ তাই মাথো মন্ত্ৰমুগ্ধ হৈ শুনি থাকে৷ মুকলিৰ আকাশৰ হাটীপতিৰ পিঠিত উঠি কল্পনাৰ ৰকেট সাজি তাইও গৈ কোনোবাখিনি পায়গৈ
মা’কে মাজে মাজে বিচনীখন মাৰি মাৰি ভুমুকি এটা মাৰে, কিন্তু নিজে একো নকয়৷ পুনৰ পাকঘৰলৈ দৌৰে জুটি লগাই সকলোকে এসাজ খোৱাবলৈ৷ ভাতৰ পাতত দেউতাকে জুটি বিচাৰে৷ কচু কণবিলাহীৰ পিতিকা, সৰু মাছ পাতত দিয়া, কঠাল গুটি পুৰা, আলু বেঙেনাৰ পুৰা পিতিকা, পানীটেঙা, খৰিছা ইত্যাদি জুটি বুধি কাহীৰ কাষত দেউতাকক লাগিবই৷ লগত থাকিব ডাঙৰ মাছৰ তৰকাৰী আৰু মাংস৷ ভাত মাত্ৰ এমুঠিমান খায় দেউতাকে৷ কিন্তুু লগত এইবোৰ ব্যঞ্জন সদায় লাগিব৷ গৰম দিনতো দেউতাকে গৰম পানীয়েই খায়৷ সেয়ে মাকে খোৱা বোৱা যতনাওতে অতিৰিক্ত পৰিশ্ৰম কৰিব লগীয়া হয়৷ তাই মাংস একেবাৰে নাখায়৷ সৰু বগা মাছ কৰকৰীয়াকৈ ভাজি দিলে কেতিয়াবা খায়৷ প্ৰথমে আঙুলিৰে হেঁচি চায়৷ পাপৰৰ দৰে কৰকৰীয়া নহ’লে তাই নাখায়৷ মাকে তাইৰ বাবে সদায় সৰু আলু ভাজি দিয়ে, কণীৰ আমলেট বনাই দিয়ে৷ মাছ মাংস নোখোৱা জীয়েকক কণীকে অকন খোৱাই হলেও স্বাস্থ্যবান কৰাৰ মন মাকৰ৷ নহ’লে তাই মাছ মাংস নোখোৱা বাবে মাকেহে মাজে মাজে কথা শুনিবলগা হোৱা তাই দেখিছে৷ মাছে মঙহে বিধে বিধে ৰান্ধি ৰাইজক খুওৱা তাইৰ মাকজনী ভাল ৰান্ধনী বুলি এটা নাম আছে৷ হাতেৰে চুই দিলেই যেন চব সোৱাদ হৈ পৰে৷ কিন্তুু তাইৰ মাকে নিজে কিন্তুু মাংস নাখায়৷ বাচি বাচি কেইবিধমান বগা মাছহে খায়৷ গতিকে জীয়েকে মাছ মঙহ নোখোৱা বাবে মাককে বহুতে জগৰীয়া কৰি কৈয়ে দিয়ে বোলে মাকে নাখায়, জীয়েকে ক’ৰপৰা খাবলে শিকিব! কথাতো তাই একেবাৰে ভাল নাপায়৷ অৱশ্যে দেউতাকৰ দৰে মাছ মাংস নাখালেও বাকীবোৰ জুটিবুধি বিচৰাৰ ক্ষেত্ৰত কিন্তুু দেউতাকক তাই ঠিকেই অনুকৰণ কৰে৷ কঠালৰ গুটি পুৰা, আলু-বেঙেনা-বিলাহীৰ পুৰা পিটিকা, কচু-কনবিলাহীৰ পুৰাপিতিকা, গাজৰ চাটনি ইত্যাদি তাইৰো প্ৰিয়৷
বতৰ ভাল থাকিলে নিশা দেউতাকহঁত কেতিয়াবা জোৰ কাটিবলৈ ওলায়৷ সন্ধিয়াৰ আগে আগে কোনোবা এটা কাম পৰা মানুহৰ দায়িত্ব পৰে পথাৰত চেপাঁ পাতিবলৈ৷ পিছদিনা যেতিয়া চেপাবোৰ উঠাই আনে তাত ঢেৰ মাছ লাগি আহে৷ ৰাতিপুৱাই আৰম্ভ হৈ যায় মাছ বচাৰ কাম৷ সৰু পুঠি, দৰিকণাবোৰ বাচি লৈ মাকে থাউকতে কলপাত এখন কাটি আনেগৈ৷ তাতে মাছবোৰ বান্ধি দি জুইত পুৰিবলৈ দিয়ে৷ উদ্দেশ্য স্কুললৈ যোৱাৰ আগতে ভাতসাজ খাওতে দেউতাকৰ কাহীত মাছৰ পিটিকা অকন যোগাৰ কৰা৷ সুগন্ধিৰ বাবে কুমলিয়া নেমু পাতো লগত বান্ধি দিয়ে৷ তাইৰ দেউতাক - মা’ক দুয়ো শিক্ষকতা কৰে৷ পুৱাৰ যুদ্ধ সদৃশ ব্যস্ততা সামৰি মা’ক চাকৰিলৈ বুলিও দৌৰিব লাগে৷ আচৰিত হয় তাই, ঘৰ-চাকৰি-কামৰ জোৰা মাৰিও যেন কাহানিও নাভাগৰে তাইৰ মাক৷ হয়তো ভাগৰে৷ কিন্তুু উশাহ সলোৱাৰ সময়ে বা ক’ত! ✍ #বিতু
Comments
Post a Comment