লেচেৰি বুটলা বাটেদি~৪
লেচেৰি বুটলা বাটেদি~৪
✍ #বিতু
“ৰাতি পুৱালে, উঠ” বুলি দেউতাকে পুৱা যেতিয়া খিৰিকীবোৰ খুলি দিয়ে, তাৰপিছত আৰু শুই থাকিবলৈ কাৰো সাধ্য নাই৷ ইফালে ৰাতিপুৱা সিহঁতবোৰ শুই উঠে মানে, পথাৰত হালোৱাক দিবৰ বাবে মাকৰ ভাত ৰন্ধা হৈয়ে যায়৷ ভাতৰ টোপোলাৰ লগতে হাজিৰা কৰা কেইজনৰ বাবে জ’গত বেলেগকৈ চাহ আৰু ঠাণ্ডাপানী৷ দেউতাকৰ সৈতে সেইবোৰ লৈ ৰাতিপুৱা তাইও বায়েকহঁতৰ লগত পথাৰলৈ যায়৷ হালোৱাকেইটাই ভাত খাই মানে দেউতাকে হালত ধৰে৷ তাই কেতিয়াবা মৈ’ত উঠিবলৈ পায়৷ মৈ’ত উঠিবলৈ তাই বৰ ভাল পায়, কিন্তু বেলেঞ্চৰ দৰকাৰ হয়৷ নহ’লে পৰি যোৱাৰো ভয়৷
পথাৰলৈ যোৱাটো তাইৰ বাবে এটা প্ৰিয় খেলৰ নিচিনাই৷ সৰু সৰু ভৰি কেইটাৰে পথাৰৰ আলিবোৰত খোজ কাঢ়ি গৈ থাকোতে পানী ভৰ্তি দুয়ো কাষৰ পথাৰত প্ৰতিফলিত হোৱা ডাৱৰবোৰ যেন তাইৰ লগত লুকা ভাকু খেলিবলৈকে ৰৈ থাকে৷ কেতিয়াবা তাই তাতে ৰৈ দিয়ে৷ পানীত জুপুক কৰি লুকাই দিয়া লালুকীবোৰকে তাই মাছ বুলি ধৰিবলৈ চেষ্টা কৰে৷ ইতিমধ্যে বহুদূৰ গৈ পোৱা বায়েক বা দেউতাকে 'ক’ত ৰৈ গ’লি, নাহ’ কেলেই’ বুলি চিঞৰিলেহে তাই আকৌ লৰ ধৰে পিছে পিছে৷
কেতিয়াবা তাই ৰুৱনীসকলৰ লগত কঠিয়া ৰুবলৈ চেষ্টা কৰি বোকাত নামে৷ জোকলৈ আক’ তাইৰ বৰ ভয়৷ বোকাত একে জেগাতে ৰৈ থাকিলে জোকে কামোৰাৰ আশংকা, সেয়ে তাই খোজ কাঢ়িয়েই ফুৰে৷ তথাপিও কেতিয়াবা জোকে ধৰে৷ যিদিনা তাইৰ ভৰিত জোক লাগে সেইদিনা বহুদূৰলৈকে সকলোৱে গম পাই যায়৷ জোকৰ ভয়ত তাই যিহে গগনফলা চিঞৰ ধৰে! লগে লগে ইডৰা মাটিৰ পৰা সিডৰালৈ তাইৰ দৌৰ, পিছে পিছে জোক এৰুৱাবলৈ আকৌ কোনোবা এটাৰ দৌৰ৷ কিবাকৈ জোক এৰিলেও সেই দিনটোৰ বাবে পথাৰৰ আলিৰ পৰা তাইক আৰু কোনেও বোকাত নমাব নোৱাৰে৷ হাঁহি ফুৰ্তি কৰি উৎপাত কৰা ৰং ৰহইছ সেই দিনটোৰ বাবে স্তব্ধ হৈ পৰে৷
একেদিনাই বহুত মাটি বোকা ৰুব লগা হ’লে ৰুৱনীবোৰলৈ চাহৰ লগতে ভাতো নিব লগা হয়৷ মাকে কেতিয়াবা মুৰি আৰু পকা কঠাল বান্ধি দিয়ে৷ ঘৰত তাই মুঠেও জলপান নাখায়৷ কিন্তু পথাৰত কেতিয়াবা ৰুৱনীহঁতৰ লগতে তাইও চাহৰ ভাগ লয়৷ গৰম চাহত মুৰিকেইটা পেলাই দিওতে উলোৱা গোন্ধটো আৰু মুৰিকেইটা পমি যোৱাৰ আগতে হোৱা শব্দটো তাইৰ বাবে পথাৰৰ ধেমালিৰে যেন একোটা খেল৷ ৰ’দ বেছি টানকৈ ওলালে বা একেৰাহে বৰষুণ দি থাকিলে সৰু সৰুকেইটাক ঘৰলৈ পঠাই দিয়ে৷ তেতিয়া আহিবলে মন নগ’লেও তাই ঘৰলৈ উভটিব লগা হয়৷ কিন্তু পথাৰত দিয়া বৰষুণজাক তাইৰ বৰ প্ৰিয়৷ তিতিবলৈ মন যায়৷ কেতিয়াবা তিতেও৷ কিন্তু ডাঙৰৰ চকুত পৰিলে সেই খেলটোও তাতে সামৰিব লগা হয়৷ কাৰণ, নহ'লে দেউতাকক লগাই দিম বুলি কয় আৰু দেউতাকলৈ যে তাইৰ ছাঁটোয়েও ভয় কৰে৷
গৰমৰ বন্ধৰ সময়চোৱাত ঘৰত কৰিবৰ বাবে অলপ খেতিৰ মাটি নিজে কৰিবলৈ ৰাখি বাকীবোৰ দেউতাকে আধিয়াৰক দি দিছিল৷ নিজে কৰিবৰ বাবে ৰখা খেতি কৰিবলৈ ঘৰত দুই চাৰিজন হালোৱা ৰাখে৷ লগতে গৰু ৰখিবলৈ গৰখীয়া৷ তাৰ বাহিৰেও ঘৰত কাম কৰিবৰ বাবে দৈনন্দিন হাজিৰা কৰিবলৈ জুলুকাই, কৃষ্ণকাই, ৰমেশকাইহঁত আহে৷ সেইদৰে মাটি ৰুবলৈকো গাৱঁৰে মহিলাকেইগৰাকীমান আহে৷ সিহঁতৰ ঘৰত প্ৰায়ে দুই এজনী ছোৱালী থাকিছিল৷ স্কুলত পঢ়াশুনা কৰাৰ উপৰিও ঘৰ সৰা, চোতাল সৰা আদি ঘৰুৱা কামবনতো সিহঁতে মাকক মাকক সহায় কৰি দিয়ে৷ হালোৱাই হাজিৰাই, আলহীয়ে দুলহীয়ে অতবোৰ মানুহক ৰান্ধি বাঢ়ি খোৱাই বোৱাই মাকে তাৰ মাজতে স্কুলত চাকৰিও চলাই নিছে৷ তথাপি পুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈকে তাই মাকক এক মিনিটৰ বাবেও জিৰণি লোৱা দেখা নাই৷ পাচমিনিটৰ বাবে সময় পালেও মাকে হয় পেপাৰ পঢ়িব নহ’লে ফুলৰ টাব খুচৰিব নহ’লে টাকুৰিত সুতা কাটিব৷
সিহঁতৰ ঘৰৰ সকলো লৰাছোৱালীয়ে গৰমৰ বন্ধত ঘৰৰ কাম বন কৰাৰ উপৰিও পথাৰতো কাম কৰে৷ দেউতাকৰ মতে সেইয়াও শিক্ষাৰে অংগ৷ এয়া কষ্ট আৰু কঠোৰ পৰিশ্ৰমৰ মৰ্যাদা শিক্ষাৰ পাঠ৷ এজন মানুহে দুবেলা দুমুঠি খাবলৈ কিমান কষ্ট কৰে আৰু কৰ্মৰ বিনিময়ত পোৱা প্ৰাপ্যৰ মূল্য কিমান, সেই সম্পৰ্কে ব্যৱহাৰিক জ্ঞান দিবলৈকে দেউতাকে সিহঁতকক সৰুৰেপৰাই শিকাইছিল হাতৰ বিদ্যা৷ ৰ’দত শুকাই, বৰষুণত তিতি, ঠাণ্ডাত কপি কপি পথাৰত কাম কৰি থকা মানুহবোৰৰ কঠোৰ পৰিশ্ৰমৰ আঁৰৰ কষ্টবোৰ হৃদয়ংগম কৰিব পৰাকৈ অনুভৱৰ বীজ সেই কনমানি মনবোৰতো অংকুৰিত হ’বলৈ ধৰিছিল তেনেকৈয়ে৷
ধান চপোৱাৰ দিনতো একেই কথা৷ স্কুলৰ পৰা আহি পায়েই সিহঁতে দৌৰ মাৰে পথাৰলৈ৷ কাতিমাহত খেতি নথকা মানুহবোৰৰ খাবলৈ টনাটনি হয়৷ সেইকেইদিনত কামো সিমান নাপায়৷ সেয়ে ওচৰৰ চাওতালী গাওঁখনৰ প্ৰায়ভাগ মানুহ সিহঁতৰ ঘৰৰপৰা ধান নিবলৈ আহে৷ বিনিময়ত আঘোন মাহত পথাৰত ধানদাই দিয়েহি৷ বন্ধৰ দিনত মাকহঁতো ধান দাবলৈ যায়৷ বন্ধৰ দিনা প্ৰায়ে হাৰিয়া মাতে৷ “হাৰিয়া মতা” মানে বহুত মানুহ একেলগে একেদিনাই কামলৈ মতা৷ সিহঁতৰ খেতি মাটিবোৰ বেলেগ বেলেগ ঠাইত আছে৷ সেয়ে হাৰিয়া মাতি কোনোবা এটা ছাইডত একেদিনাই ধান কাটি উঠাই অনা হয়৷ সেইদিনা পথাৰত ধান দাই থকা দাৱনীহঁতক খোৱাবলৈ ভোজৰ দৰে আয়োজন হয়৷ সময়ে সময়ে চাহৰ যোগান ধৰাৰ লগতে ভাতৰো আয়োজন হয়৷ মাকে গোটেইবোৰ মানুহৰ বাবে ৰন্ধা বঢ়া কৰি ভাগে ভাগে টোপোলা কৰে আৰু সকলোৰে সহযোগত পথাৰলৈ লৈ যায়৷ তাতে ধান দাই থকা মানুহবোৰে পথাৰতে নৰা কাটি লৈ বহে আৰু মাকহঁতে সকলোকে ভাত বিলাই দিয়ে৷ কলপাতত বাঢ়ি দিয়া ভাত-দাইল, মাছ ভজা আৰু বাৰীৰে লাইশাকৰ ভাজিৰ মিশ্ৰিত গোন্ধটো তাইৰ নাকত আঘোণমহীয়া গোন্ধটো হৈ বিয়পি পৰে৷
এইবাৰ আহে লেচেৰী বুটলাৰ পাল৷ দাৱনীয়ে ধান দাই যাওঁতে ৰৈ যোৱা ধানৰ থোকবোৰ সিহঁতে গোটাই ফুৰে৷ সেইবোৰ ঘৰত আহি জমা কৰে আৰু পিছত তাৰপৰা গুটি ধান উলিয়াই দোকানত বিক্ৰী কৰিবলৈ যায়৷ সেয়া সিহঁতৰ নিজৰ উপাৰ্জন৷ কষ্টৰ উপাৰ্জন৷ কনমানি মনবোৰ ৰঙিয়াল হৈ উঠে৷ প্ৰাপ্তিক জানো ওজনেৰে জুখিব পাৰি!
ধান চপোৱাৰ শেষৰ দিনা ঘৰলৈ লখিমী আনে৷ প্ৰথম দিনা ধান কাটোতে পথাৰত গৈ নিয়ম কৰাৰ দৰে শেষৰ দিনাও মাকহঁতে পথাৰতে নিয়ম কৰে৷ তিনিগোছা তিনিগোছা কৰি ধানৰ দুটা গোছা বান্ধি তলত কলপাতত তামোল পান আগবঢ়াই দি লখিমী আইক প্ৰাৰ্থনা কৰা হয়৷ তাৰপিচত তাৰে এগোছা একে উশাহে কাটি কলপাত এখনেৰে মেৰিয়াই নতুন গামোছা এখনেৰে সামৰি ঘৰলৈ লৈ অহা হয়৷ পথাৰৰ পৰা ঘৰলৈ লখিমী আনিবলৈ সিহঁতৰ মাজত হেতা উপৰা লাগে৷ অৱশ্যে বৰদেউতাক, দদায়েক আৰু সিহঁতৰ তিনিভাগ লখিমী আনিবলৈ তাই কোনোবা এটা ভাগ পায়েই৷ লখিমী মুৰত লৈ আহি থাকোতে পিচলৈ ঘুৰি চাব নাপায়৷ কথাও ক’বলৈ নাপায়৷ সেয়ে লগত অহাসকলে তাইক জোকাই মাত উলিয়াব বিচাৰে৷ কিন্তুু তাই নাচুৰবান্দাঁ৷ যিমান জোকালেও বাটত তাই মুখেৰে টু শব্দ এটাও নকৰে৷ লখিমীভাগ ঘৰলৈ আহি পালে টামোল গছ এজোপাত বান্ধি থোৱা হয়৷ যেতিয়ালৈকে কঠিয়া লোৱা আৰু ধানবোৰ মৰণা মাৰি, বা’ দি শেষ কৰি ভঁৰালত সোমোৱাই অতোৱা নহয়, তেতিয়ালৈকে লখিমী টামোল গছতেই বন্ধা থাকে৷ কিয়নো লখিমী ভঁৰালত ভৰোৱাৰ পিচত এমাহলৈ ভঁৰালৰ দুৱাৰ বন্ধ থাকে৷
ঘৰৰ আগফালে পথাৰ, পিছফালে পথাৰ৷ পথাৰৰ লগতে তাইৰ শৈশৱ৷ আগফালে কিছু দূৰৈতে সিহঁতৰ চুমনিখন৷ দ’টিয়েকে তাত মুগা পুহে৷ তাতে সৰু কুটীৰ এটা সাজি থোৱা আছে৷ মুগাই ভৰপক দিয়া সময়ত প্ৰয়োজনত মাজে মাজে কোনোবা কোনোবা মুগা ৰখিবলে তাত থাকেও৷ চুমনিখনত অসংখ্য গছ৷ শিলিখা, জামু, জলফাই, আম, কঠাল, অমৰা, টেঙামৰা, ঔটেঙা কি নাই তাত! আলতিয়া মাটিৰে দ’টিয়ে বাটলু গুটি বনায়৷ বাদুলি আহিলে ধনুখনেৰে বাটলু গুটি মাৰি খেদে৷
তাইৰ বাবে চুমনিখনেই এখন বৃহৎ অৰণ্য৷ তাই ভাবে, ৰামায়ণৰ ৰামে ইয়াতেই ছাগে বনবাস খাটিছিল! গধুলী ৰামায়নৰ সাধু শুনি থাকোতে তাই ৰাম-সীতা-লক্ষ্মণক বনবাসৰ কালচোৱাত কল্পনা কৰে সিহঁতৰ চুমনিখনত৷ কাৰণ তাই তাতকৈ ডাঙৰ অৰণ্য তেতিয়ালৈকে যে কতো আৰু দেখাই নাছিল! কল্পনাৰ সাগৰত উটি ভাহি ফুৰা তাইৰ মনটোৱে প্ৰতিটো কাহিনী মনৰ মাজতে দৃশ্যায়ন কৰি লয়৷ মনৰ ডেউকা উৰি ফুৰে দিহিঙে দিপাঙে৷ ক’ব নোৱাৰাকৈয়ে তাইৰ মনত গঢ় লৈ উঠিছিল সদায় দেখি থকা বস্তুটোকে নতুনকৈ চোৱাৰ হেঁপাহ৷ চৌপাশৰ সকলোবোৰ নতুনকৈ আৱিষ্কাৰ কৰাৰ হেঁপাহ! ✍ #বিতু
Comments
Post a Comment