লেচেৰি বুটলা বাটেদি-৫

লেচেৰি বুটলা বাটেদি-৫ ✍ #বিতু

স্কুললৈ যাওঁতে কিতাপ পত্ৰৰ লগতে সিহঁতে ঢাৰি কঠো লগত লৈ যাব লাগে৷ তাত বহিবলৈ ডেক্স বেঞ্চ নাই৷ মজিয়াতে ঢাৰি পাৰি বহিব লাগে৷ স্কুল ছুটীৰ পিচত বাকী লগৰীয়াৰ লগত কিতাপে কঠে টোপোলা বান্ধি প্ৰায় আধা কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি তাই ঘৰলৈ উভটে৷ ভৰিত ছেণ্ডেলো নাথাকে৷ কাৰণ স্কুললৈ ছেণ্ডেল পিন্ধি আহিব পৰাকৈ প্ৰায়বোৰ ল’ৰাছোৱালীৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়৷ সেয়ে শ্ৰেণীকোঠাত তেনে সহপাঠীৰ মনত বৈষম্যভাৱ যাতে নাহে তাৰ বাবে সিহঁতবোৰেও স্কুললৈ ছেণ্ডেল পিন্ধি নাযায়৷ স্কুলঘৰটো দিঘলীয়া৷ মাজত বেৰ নাই৷ ইটো শ্ৰেণীৰপৰা সিটো শ্ৰেণী দেখি থাকি৷ স্কুলত চকীদাৰো নাই৷ চাৰ বাইদেওক স্কুল আহি পোৱা দেখিলে কোনোবাই গৈ বেলটো বজাই দিয়ে আৰু স্কুুল আৰম্ভ হৈ যায়৷ আকৌ ছুটীৰ পৰত চাৰ, বাইদেউয়ে কয় “আজিলে যাগৈ যা”, সিহঁতৰ স্কুুল ছুটী হৈ যায়৷

এদিনৰ কথা৷ বাকীবোৰতকৈ সিহঁতৰ শ্ৰেণী সোনকালে ছুটী হয়৷ ঘৰখনৰ বাকীসকল ল’ৰা-ছোৱালীতকৈ তাই সোনকালেই ঘৰ পায়হি৷ গাৱঁৰ স্কুল৷ গাৱঁলীয়া ৰাস্তা৷ আহি থাকোতে লগৰবোৰে ক’লে যে কূঁৱাৰ একেবাৰে তলৰ পানীখিনি বৰ ঠাণ্ডা৷ বাল্টিটোৰ ৰছীডাল যিমান পাৰি তললৈ এৰি দিলে এই ঠাণ্ডা পানীখিনি বাল্টিত উঠি আহিব আৰু এইখিনি পানীৰে গা ধুৱাৰ মজাই বেলেগ৷ কথাতো শুনি তাইৰো সেই ঠাণ্ডা পানীকণেৰে গা ধুই চাবলৈ বৰ মন গ’ল৷ কিন্তু পিছ মুহূৰ্ততে দুখো লাগিল৷ কাৰণ সিহঁতৰ ঘৰত সৰু ল’ৰা ছোৱালী কূঁৱাৰ পাৰলৈ যোৱা নিষেধ৷ কূঁৱাৰ পৰা পানী তোলাতো দূৰৈৰে কথা৷ তাতে সিহঁতৰ কূঁৱাটো বহুত দ’ আৰু তেতিয়া পাৰ বন্ধা কাম চলি আছে আৰু একেবাৰে ওপৰৰ ৰিংটো লগোৱা হোৱাই নাই৷ সেয়ে কূঁৱাৰ পাৰলৈ যোৱাটোত সিহঁতৰ সৰুকেইটাৰ বাধানিষেধ৷

গৰম দিনৰ দুপৰীয়া ৰ’দত ঘামি জামি স্কুলৰ পৰা আহি ঘৰত বেগ আৰু কঠখন থৈ তাই কূঁৱাৰ পাৰলৈ আহিল৷ আহোতে ভাবি আহিছিল, ঘৰৰ কোনোবা ডাঙৰ মানুহক কূঁৱাৰ পৰা ঠাণ্ডা পানী উঠাই দিবলৈ ক’ব৷ কিন্তু ওচৰত তাই কাকো নেদেখিলে৷ তাইৰ দেউতা-মা’কৰ স্কুল ছুটী হোৱালৈকো আৰু বহুপৰ৷ সোনকালে ঘৰ আহি পোৱাৰ আশা নাই৷ বৰদেউতাকৰ পঞ্চায়ত আৰু দদাইদেয়েকৰো স্কুলত চাকৰি৷ বৰমা আৰু খুড়ীয়েকহঁতো তেতিয়া ভিতৰত কামে কামে৷ দিনত সাধাৰণতে গাৱঁৰ মানুহবোৰ নিজৰ নিজৰ কামতেই ব্যস্ত থাকে৷ বাকী ঘৰৰ আটাইবোৰ ল’ৰাছোৱালী তেতিয়া স্কুলত৷ কি কৰা যায়! তাইৰ যে কূঁৱাৰ ঠাণ্ডাপানীকণেৰে গা ধুবলৈ ইমান মন গৈছে! নিজেই এবাৰ চেষ্টা কৰি চাব নেকি! গালি পাৰিবলৈকোতো তেতিয়া বাহিৰত কোনোৱেই নাই! 

ভিতৰৰ পৰা চোলা এটা আনি তাই কূঁৱাৰ পাৰতে থলে৷ গা ধুই পিন্ধিব লাগিব৷  এটা বাল্টিত ঢেকী লগোৱা আছে৷ বাল্টিটো কূঁৱাৰ বেছি গভীৰলৈ নিব নোৱাৰি৷ আৰু এটা বাল্টিত ৰছী লগোৱা আছিল৷ বাল্টিটো কোনোমতে দাঙি কূঁৱাৰ ভিতৰলৈ দি ৰছীডাল চোচৰাই দিলে৷ ঢপংকৈ শব্দ এটা হোৱাত তাই গ’ম পালে যে বাল্টিটো পানী পালেগৈ৷ তেতিয়াহে তাই কূঁৱাটোত ভূমুকিয়াই চালে৷ লৰি থকা পানীখিনি দেখি অলপ ভয়ো লাগিল৷ কিন্তু এবাৰলৈকো ভাবি নাইচোৱা যে সেই অকনমানি হাতদুখনেৰে সেই গধূৰ পানী বাল্টিটো তাই কেনেকৈ কূঁৱাৰ পৰা উঠাই আনিব! তাইৰ মগজত তেতিয়া মাথোন কূঁৱাৰ ঠাণ্ডাপানীৰে গা ধুৱাৰ ভূতে পাইছিল৷ হাতখনেৰে যিমান পাৰে বাল্টিৰ ৰছীডাল তললৈ দি দিলে৷ অকনমানি দেহাটোৰে তাই সিমান ওখও নহয় যে কূঁৱাৰ পৰা পানী উঠাব পাৰিব৷ সেয়ে বেঙা মেলিব লগা হৈছিল৷ আৰু কূঁৱাৰ একেবাৰে তলৰ ঠাণ্ডাপানীকণৰ অন্বেষণত বেঙা মেলোতে মেলোতে এটা সময়ত ৰছী আৰু বাল্টিৰে সৈতে তাই কূঁৱাৰ ভিতৰলৈ সৰি পৰিল৷

এনেকৈ বহু সময় পাৰ হৈ গ’ল৷ কূঁৱাৰ ভিতৰত ঘটি যোৱা ঘটনাটোৰ বিষয়ে কোনেও একো গমকে নাপালে৷ বৰমা, খুড়ীহঁতেও ছাগে তেতিয়ালৈকে তাই স্কুলৰ পৰা উভটি অহা বুলি গমেই পোৱা নাই৷ সিহঁতৰ ঘৰত সেইসময়ত ভোনা নামৰ মানুহ এজনে কাম কৰিছিল৷ ভোনাকাইৰ ঘৰ পিলখানাত৷ তেওঁৰ চুৰেন নামৰ ভটিজা ল’ৰাটোকো সিহঁতৰ ঘৰত ৰাখিছিল, গৰু চৰাবলৈ৷ সেইদিনা ভোনাকায়ে পিছফালৰ বাৰীত কাম কৰি আছিল৷ পিয়াহ লগাত বোধহয় কূঁৱাৰ পাৰলৈ আহিল (নে ঈশ্বৰে পঠালে কিজানি!) পানী খাবলৈ৷ কূঁৱাৰ পাৰত থৈ দিয়া চোলাতো দেখি আৰু বাল্টিটো নেদেখি ভোনাকাইৰ মনে গোন্ধালে৷ কূঁৱাৰ ভিতৰত ভূমুকিয়াই চাই  দেখিলে পানীত তাইৰ ভৰিৰ পটা দুখন উপঙি আছে৷ মুৰটো পানীৰ তলত৷ হুচ বোধহয় ওপৰৰ পৰা সৰি পৰোতেই হেৰাল৷ ভোনাকায়ে চিঞৰি তালফাল লগালে৷ যেয়ে য’তে পাৰে তৰা নৰা চিঙি কূঁৱাৰ পাৰলৈ ঢপলিয়ালে৷ বাকীবোৰ আহি পাইহি মানে ভোনাকায়ে কূঁৱাৰ ৰিং বগাই নামি গ’ল আৰু তাইক কূঁৱাৰ ভিতৰৰপৰা পাৰলৈ উঠাই আনিলে৷ তাইক আগফালৰ চোতালত শুৱাই দিয়া হ’ল৷ শৰীৰৰ কেইবাঠাইতো আঘাতৰ চিন৷ তললৈ সৰি পৰোতে কূঁৱাৰ ৰিঙত খুন্দা খাই কেইবাঠাইতো তেজ বিৰিঙিছিল৷ সকলোৰে মনত আশংকা৷ ছোৱালীজনী বাচিব নে নাই বা! চেতনা নথকা শৰীৰৰ পৰা হেচি হেচি মুখেৰে পানী উলিওৱা হ’ল৷ তাইৰ মাকবাপেক তেতিয়ালৈকে স্কুলৰ পৰা আহি পোৱাহিয়েই নাছিল৷

কিন্তু গাৱঁত বনজুইৰ দৰে বিয়পি পৰা খৱৰটোত সিহঁতৰ ডাঙৰ চোতালখনতো মানুহে নধৰা হ’লগৈ৷ কোনোবাই তাৰ মাজতে চাইকেল মাৰি মা’কক খবৰ দিবলৈ যাবলৈ ওলাল৷ কিন্তু তেনে সময়তে মাক আহি পালেহি৷ ৰাস্তাতে তেওঁক কোনোবাই তাই পানীত পৰাৰ খবৰটো দিলে৷ সিহঁতৰ পদুলীতে এজোপা নাৰিকল গছ আছে৷ খবৰটো পাই মাক উধাতু খাই আহি নাৰিকল জোপাৰ তলতে শিল পৰা কপৌৰ দৰে ৰৈ দিলেহি৷ ঠিক সেই সময়তে তাইও সম্বিত ঘুৰাই পাইছিল৷ চেতনা অহাৰ পিছত তাই প্ৰথমে মা’ককে দেখা পালে৷ ঈশ্বৰৰ কৃপা৷  তাই সেইবাৰলৈ মৰাৰ পৰা বাচিল৷ দেউতাক আহি পাবলৈ তেতিয়াও বাকী৷ দেউতাকৰ স্কুল তিনি কিলোমিটাৰ দূৰৈত৷ তাইৰ চেতনা ঘুৰি অহা পিছত ৰাইজ ঘৰা ঘৰি গ’লগৈ৷ কিন্তু ভয়ংকৰ বিপদৰ পৰা বাচি গ’লেও তাই ইফালে ভয়ত কম্পমান৷ দেউতাকে আজি ঘৰলৈ আহি তাইক কি কৰে ঠিক নাই৷ কূঁৱাৰ পাৰলৈ নাযাবি বুলি দঢ়াই দঢ়াই কোৱাৰ পিছতো যে তাই কূঁৱাৰ পানী তুলিবলৈ গ’ল!

তাইক লৈ ঘৰৰ মানুহৰ চিন্তাৰ অন্ত নাই৷ য’তে ত’তে পৰি দুখেই পাই থাকে ছোৱালীজনী৷ সদায়ে এটা এটা অঘটন৷ কূঁৱাত পৰা কথাটোও সহজভাৱে ল’ব পৰা নাছিল৷ সকলোৱে তাইৰ পৰা জানিব খুজিলে, পানীৰ তলত তাই কি দেখিলে৷ চেতনাহীন অৱস্থাটো বোধহয় টোপনিত সপোন দেখা অৱচেতন মনৰ দৰেই৷ বগা পাগুৰি মৰা আৰু নীলা চোলা পিন্ধা মানুহ এজনে তাইক হাত মেলি দাঙি ধৰাৰ দৰে অনুভৱ হৈছিল তাইৰ৷ সকলোৱে ধৰি ল’লে সেয়া নিশ্চয় বুঢ়া ডাঙৰীয়া৷ নামঘৰৰ কাষে পাজৰে খেলাৰ নামত তাই কম বন বনাই ফুৰে নে! কিন্তু সেয়া প্ৰকৃততে আছিল নীলা আকাশত বগা ডাৱৰৰ পাগুৰি৷ পানীত প্ৰতিবিম্বিত আকাশৰ প্ৰতিচ্ছবি৷ এজনী সৰু ছোৱালীৰ মনাকাশত আকি যোৱা এখন জীয়া ছবি৷

সকলোবোৰ জনাৰ পিছত তাই আশা কৰা ধৰণে অৱশ্যে দেউতাকে একো গালি-গালাজ নকৰিলে৷ সেই কথাই যেন তাইৰ অপৰাধবোধ আৰু বঢ়াইহে তুলিলে৷ তাই মৰ্মাহত হ’ল৷ ভৱিষ্যতলৈ এনে কাম নকৰিবলৈ মনে মনে সংকল্প গ্ৰহণ কৰিলে৷ কিন্তুু অঘটন ইয়াতেই শেষ নহ’ল৷ এনেকুৱা আৰু কেইবাটাও ঘটনা পৰৱৰ্তী সময়ত তাইৰ জীৱনত আকৌ ঘটিল, যাৰ পৰা তাই শিকিছে মাথোন৷ ভাৱি চিন্তি নকৰা কামৰ প্ৰতিফলন হাতে হাতে পাইছে তাই৷ প্ৰত্যেকবাৰেই আঘাতপ্ৰাপ্ত হৈছে৷ আঘাত কেতিয়াবা হৈ পৰে অতি গুৰুতৰ৷ কেতিয়াবা মৃত্যুৰ আশংকাও আহে৷ কিন্তু প্ৰতিবাৰেই এটি এটি শিকনি লৈ মৃত্যুৰ মুখৰপৰা তাই উলটি আহে৷ ভুলৰ পৰাও শিক্ষা ল’ব পাৰি৷ খোজে প্ৰতি সাৱধানতা বৃদ্ধি পাইছিল৷ কিন্তু দুৰ্ঘটনাই হ’লে তাইৰ পিছেই নেৰিছিল৷...✍ #বিতু

Comments

Popular posts from this blog

কিতাপ...এক নষ্টালজিয়া

ছবি ... এটি কবিতা