কেনে আছা তুমি...এটি কবিতা
কবিতা : কেনে আছা তুমি
ৰচনা : বিনীতা বিতু বৰগোহাঞি
পাঠ : ড°বৰ্ণালী বৰা
সময় নাই কাৰো বাবে, সময়ৰ বাবে সময়কে পাহৰি সময়ৰ পিছত আমি মাথো দৌৰিছো৷ পাহৰিছো নিজক, পাহৰি গৈছো আপোনজনক৷ কিন্তু কিহৰ বাবে! আজি সময় স্তব্ধ৷ কৰ’না মহামাৰিৰ গ্ৰাসত অসহায় আজি মানৱ সভ্যতা ৷ দিশহাৰা বিজ্ঞান প্ৰযুক্তিও৷ কিন্তু সময়ৰ পৰা আমি জানো কিবা শিকিছো৷ কৰি চাইছোনে আত্মবিশ্লেষণ৷ আগবঢ়ালো মোৰ কিছু অনুভৱ~~~✍ #কেনেআছাতুমি
#দৃশ্যপট_১
মই অন্তৰাত্মাই কৈছো...
দূৰণিৰ দেশত অতিপাত ব্যস্ত তুমি
আমনি কৰিবলৈ মোৰো ভাল নালাগে
পাখি লগা কাড়ত চলে তোমাৰ দৈনন্দিন
যেন এটা চেকেণ্ড ৰৈ দিলেই স্তব্ধ হৈ পৰিব ৰূটিন
উন্নতিৰ জখলাডাল বৰ দীঘল
প্ৰতিদ্বন্দ্বিতা সমুখলৈ যোৱাৰ
নিজকে প্ৰতিষ্ঠা কৰাৰ
পৰিছা, আকৌ উঠিছা আৰু দৌৰিছা
পিছ পৰি ৰৈছে অতীত দূৰ-দূৰলৈ
আপোন বন্ধু কিম্বা পৰিয়াল পৰিজন
ঘুৰি চাবলৈ তোমাৰ সময়নো ক’ত?
পল-অনুপল, চেকেণ্ড, মিনিট, ঘন্টা
দিন-ৰাতি একাকাৰ, মাথো যাত্ৰা
দৌৰিছে বিজ্ঞান, দৌৰিছে প্ৰযুক্তি
দৌৰিছে সমগ্ৰ মানৱ জাতি
কিন্তু হঠাৎ যেন সকলো উলৎ পালৎ হৈ গ’ল!
উত্তৰণৰ ধামখুমীয়াত যতি পৰিল
পৃথিৱীৰ অনন্ত গতি কিছু থমকিল
বায়ুমণ্ডল আজি দূষিত, উশাহবোৰ নিষ্পেষিত
ধৰিত্ৰী বাৰু কিয় শয্যাগত! এয়াতো নহয় অকাৰণ
আত্মবিশ্লেষণৰ অৱশ্যেই আছে প্ৰয়োজন৷
কোনেও নভবাকৈ কোনেও নজনাকৈ
পৃথিৱীয়ে সংগোপনে বৈ ফুৰিছিল
এটি বিষাক্ত বীজাণু কৰ’না কভিড নাইন্টিন
থাকিবা আতৰি
মানুহৰ সংস্পৰ্শৰ পৰা, সামাজিক দূৰত্বত
কিন্তু তুমি যে বৰ অসাৱধান!
নুবুজিলা সাৱধানবাণী
বিলাই দিলা ঘৃণা বিলোৱাদি
ভগাই দিলা কপটতা দুৱাৰে দুৱাৰে
কৃপনালি নকৰিলা কিঞ্চিত
বিয়পিল পৃথিৱীৰ অসুখ মানুহে মানুহে
গৃহবন্দী আজি প্ৰতি ঘৰে ঘৰে
লং ড্ৰাইভ, ম’ৰনিং ৱাক, গধূলিৰ আড্ডা
স্তব্ধ আজি তোমাৰো অনাহক ব্যস্ততা
যাওঁ বুলিয়েইতো আৰু ওলাই যাব নোৱাৰি
পাহাৰ পৰ্বত সাগৰো ভ্ৰমিব নোৱাৰি
পিজ্জা বাৰ্গাৰ কেপেচিন’ অথবা ম’ম’ৰ সোৱাদ
জিভাই ছাগে পাহৰিলেই কেনে আছিল স্বাদ!
ফোন কল, ফেচবুক, হোৱাট্ছএপ আৰু কিমান কৰিবা
জীৱনক ষ্টেটাছেৰে আৰু নুজুখিবা
বিপদৰনো কি আকাল
ৰাতি বাগৰিলেই হয় চোতাল চোতাল
অভাৱগ্ৰস্ত আজি দীন দুখীয়া
খাবলৈ এমুঠি ভাতৰ হাহাকাৰ
ৰিলিফৰ ৰেচনেনো কেইসাজ যায়
আধাপেটী এসাজ আৰু চিন্তাৰ চাৰিসাজ
মূধচৰ চালেৰে তৰা গনা আকাশ
পাৰ হয় হৰিকাইৰ উজাগৰী নিশা
সমুখত যে আকৌ বাৰিষা!
#দৃশ্যপট_২
অনিশ্চয়তাৰ সন্ধিক্ষণত আমি সকলো দোমোজাত
ঘণে ঘণে মনত পৰে তোমালৈ
কেনে আছা তুমি আৱদ্ধ খিৰিকীত
আইনাত চকু পৰিলেই দুচকুত ভাহেনে সেইখন ছবি
ফিল লগা ছোলা পিন্ধা এজনী ৰচকী পখিলি
বেনী গুঠি সামৰা এজাপ জপৰা চুলি
হেৰাইছিল তাই কংক্ৰিটৰ দেৱালত
মানুহ হোৱাৰ দূৰন্ত যুঁজত
কৰবাতে এৰি থৈ প্ৰাণচঞ্চল উশাহ
কাবৌকৈ মাতিছো
এবাৰ উলটি চাবা
দিন দূপৰতো ৰাতি দূপৰতো
তোমাৰ এবাৰো মন নাযায়নে
উভটি চাবলৈ, শৈশৱলৈ
পথাৰৰ আলিত দৌৰি ফুৰিবলৈ
বৰশী বাবলৈ, লেচেৰী বুটলিবলৈ
মনত নপৰেণে শৈশৱৰ ধেমালিবোৰ!
‘উকুলি মুকুলি দুকুলি কাঁহী’ অথবা
‘বৰঘৰৰ মেকুৰী সৰু ঘৰলৈ যায়’ ইত্যাদি
তুমিযে কৈছিলা-
বৰষুণৰ বতৰত চেংগুটি নেখেলোঁ দেই
চুৰ-পুলিছেই ভাল
মোৰযে আকৌ কাগজৰ নাও সাঁজিহে ভাল লাগিছিল
আলতিয়া মাটিৰে পুতলা সজা
কুৰুকাত বালিভাত ৰন্ধা-
মনত আছেনে তোমাৰ?
‘ৰদালী এ’ ৰ’দ দে’ অথবা
‘জোনবাই এ বেজী এটি দিয়া’
চোতালত ঢৰা পাৰি আইতাই সাধু কোৱা
তেজিমলাৰ সাধু শুনি কোলাতে টোপনি যোৱা!
সময়ক বুজা বৰ জটিল
সময়ে সময় দিছে নিজৰ বাবে
এৰি অহা কেকুৰীত এপাক ঘুৰিবলে
পাৰিলে খূটিয়াই চাবা নিজক
মোলৈ মনত পৰিলে ক’বা
সাধুবোৰ আকৌ শুনিম
বেলি ডুবাৰ আগতে
একেলগে...
বহাগৰ বিহুটি এইবাৰ আমিও পাতিব নোৱাৰিম
চহৰীয়া অসুখত গাওঁবোৰতো আজি একেই দশা
ক’বলৈ পাহৰিছিলোৱেই, ঘৰত এখন ট্ৰেক্টৰ কিনিছে
খেতিবোৰ সকলোৱে এইবাৰ নিজেই কৰিব
এহালিচা সেউজীয়াত আকৌ নাচিব
মনত পৰিলে খবৰ এটা ল’বা
দূৰণিৰ দেশত তুমি যেন কুশলে থাকা...✍#বিতু
Comments
Post a Comment