Posts

Showing posts from 2020

দেউতাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীত~~~

Image
 দেউতাৰ বাৰ বছৰীয়া মৃত্যু বাৰ্ষিকীত 🙏

অভিজ্ঞতাৰ বয়স ~~~অনুভৱ

Image
 

সময়

Image
  সময়~~~ ঘড়ীৰ কাটাত খণ্ডিত মোৰ সপোন চুবুৰি সময়ৰ বুকুচাত আপোনজনেও পোচাক সলায় ওলমি থকা অবশিষ্ট হাঁহিবোৰৰো কিযে বিদ্ৰুপ যুঁজিবলৈ কৰা আপ্ৰাণ চেষ্টাকো কৰে কটাক্ষ মোৰ আত্মবিশ্বাসক উপলুঙা কৰি কয় সেয়া বোলে মোৰ অহংকাৰ। উপহাস আৰু নকৰিবি সময় তই নিদিলে মই আজুৰি নানোঁ মোৰ মৃতদেহত তোৰ সেই বগা চাদৰখন প্ৰাপ্য নিবিচাৰিলো বাবেই দুৰ্বল নহওঁ স্বভিমানী মই নিবিচৰাকৈয়েতো জীৱন পাইছিলোঁ তেনে মৃত্যুতে বা আক্ষেপ কিয়! সময়... কাৰ বাবে সাঁচিছ তোৰ গোপন ভাণ্ডাৰ তয়োতো নাথাক চিৰকাল প্ৰতিটো চেকেণ্ডত পুৰণি হৈছে তোৰো ইতিহাস খহিছে তোৰ সাতামপুৰুষীয়া ভেম অহংকাৰ সাম্ৰাজ্য সময়ৰো কিজানি আহে অসময় হয়তো সেইবাবেই এই দুঃসময়॥ ...✍️ বিতু
Image
 

Bitu'sTravelogue : Ladakh : Journey from Nubra Valley to Pangong Tso via Shyok Valley

Image
NubraValley to PangongTso via Agham_Shyok_Durbuk_Tangste_Lukung  Wonderful Route and Adventures Trip through Wildlife-- BeautifulNature-- Camps-- WaterStreams -- WildFlowers-- Rocks -- Mountains-- Valley & many more ~~~ Bitu'sTravelogue #Ladakh #July2019 Travelers can travel to Pangong Tso from Nubra Valley either from Agham_ShyokValley route or from Agham_WariLa route. And our itinerary has been prepared for the 1st one. Distance on this road between Khalsar to Pangong Tso is less than the WariLa route.  Everybody says that the Shyok route is very dangerous in July/August. But we are very much excited to explore the most adventures route. That was the 1st half of July month. During summer months the snow is melting and there will be several streams of water that have to go through the route. Entire stretch is full of loose rocks, big rocks, rocks under water alongwith sand dunes and dirt valley to cross on the route too. Most of the time this route run right next to the S...

স্বাধীনতা

Image
 

“বন্ধুত্বনো কি?

Image
বন্ধুত্ব কোনো অধিকাৰ নহয়, অনুভৱ৷ বন্ধুত্ব দিয়া লোৱাৰ সম্বন্ধ অথবা পোৱা নোপোৱাৰ হিচাব-নিকাচো নহয়৷ নিঃস্বাৰ্থ নিঃচৰ্ত আন্তৰিকতাৰ নাম বন্ধুত্ব৷ বিপদত হাত আগবঢ়ায় বন্ধুয়ে৷ ইতিবাচক জীৱনৰ বাট গঢ়ে৷ বিনিময় নহয়, আদৰণি হয় বন্ধুত্বত৷ দুখবোৰ কোঁচ পাতি লয়৷ সুখবোৰ উপচাই দিয়ে৷ সিদ্ধান্তত নহয়, বন্ধুত্ব গঢ় লয় সমন্বয়ত৷ আজুৰি লোৱাৰ নাম নহয়, সময় দিয়াৰ নাম বন্ধুত্ব৷ পৰস্পৰৰ আস্থা, বুজাবুজি আৰু সন্মানৰ মজবুত এনাজৰী৷ অভিযোগতকৈ আন্তৰিকতাৰ সম্বন্ধ অধিক দীৰ্ঘস্থায়ী৷ বন্ধুত্ব মানে সংকল্প, বিশ্বাস আৰু ভাৰষা৷ জীৱনৰ অৱলম্বন৷ বন্ধুত্বৰ লেখেৰে কাৰোবাৰ বন্ধু হ’ব পাৰিছো নে নাই নাজানো, কিন্তু ভাব হয়, যিমানেই উবুৰিয়াই নিদিওঁ, জোখেৰে সদায় কম হৈয়ে যায়৷ চেষ্টা অব্যাহত আজীৱন৷ সকলোলৈকে বন্ধুত্ব দিৱসৰ আন্তৰিক শুভকামনা...✍️ #বিতু  #HappyFriendshipDay

কাৰণ মই সাধাৰণ মানুহ...✍️

Image
সাধাৰণ নৰমনিচ মই সাধাৰণ মোৰ চিন্তা আৰু যুক্তি মানুহ হোৱাৰ দৌৰত এজন যুঁজাৰু চখৰ ধনী অথচ গুণৰ ঋণী শিকাৰু বিপদত অবিচলিত মানসিকতা মোৰ শক্তি বাস্তৱতা মোৰ আদৰ্শ-নীতি প্ৰতিযোগিতা মোৰ জিদ নহয় অংশগ্ৰহণ মোৰ যোগাত্মক ইচ্ছা অভিজ্ঞতা মোৰ সঞ্চয় জ্ঞানদৰ্শন মোৰ জীৱন বীক্ষা বিশ্বাস মোৰ মৰমৰ লাভাংশ সৌন্দৰ্য মোৰ বাবে ঈশ্বৰপ্ৰদত্ত নহয় আন্তৰিকতাৰ ওজন প্ৰসাধনতকৈ উৰ্ধত মিছা প্ৰসংশাত নহওঁ উৎফুল্লিত জনপ্ৰিয়তা মোৰ উদ্দেশ্য নহয় কাম্য মানসিক শান্তি নীৰৱতাতো প্ৰাপ্ত হয় ভুল অজ্ঞানতাৰ অন্ধকাৰত কেতিয়াবা হওঁ পথভ্ৰষ্ট খং অভিমানত আহত প্ৰয়োজন ইতিবাচক  উপলব্ধি  আৰু সিদ্ধান্তৰ মই নহলো বাকপটু কিম্বা ব্ৰুটাছৰ দৰে বক্তা দুচকুত বৈ ফুৰো সেই অপাৰগতা নহলো অভিনেতা চিত্ৰকৰ নহ’লেও দুচকুত বৈ ফুৰো অজস্ৰ শিল্প গীতিকাৰ নহ’লেও ভাৱনাই গুণগুণায় বসন্তৰ গীত হৈ কবি নহওঁ কিন্তু শব্দৰে আছে অগাধ বন্ধুত্ব বন্ধুত্ব মোৰ বাবে পোচাক নহয়...পৰিয়াল প্ৰিয়জন মোৰ বাবে ষ্টেটাছ নহয়...সহযাত্ৰী জীৱনৰ সম্বন্ধ...মৰম আৰু চেনেহৰ, সন্মান আৰু উপলব্ধিৰ সমাজ, পৰিয়াল আৰু পৰিজন মোৰ জীৱন ৰেখা একাকিত্ব মোৰ সিদ্ধান্ত জীৱনৰ সাধনা আয়ুস মোৰ বাবে বয়সৰ জীৱন লেখা কাইলৈৰ...

যদি তোমাৰ ভাল নালাগে...

Image
মোৰ কথাবোৰ যদি ভাল নালাগে তেন্তে মোক তুমি নুশুনিবা মোৰ উপস্থিতি যদি কাম্য নহয় মোৰ চৌপাশলৈ নাহিবা মোক প্ৰশংসা কৰিবলৈ তুমি বাধ্য নহয় সৌজন্যতা নেদেখুৱালেও গম পাম মোৰ চিন্তাবোৰ যদি অপচন্দ মোৰ বাটে নাহিলেও হ’ব মোক ভাল পাবলৈ কোনেও শপত দিয়া নাই মন গলেই তুমি বেয়া পাবলৈ স্বাধীন মিচাকৈ তোমাৰ দুৱাৰ বন্ধ নকৰিবা তুমি নিবিচাৰিলে মোৰ চাঁটোও সেই বাটেৰে নাযায় কেতিয়াবা ভুলতে সুৰুঙা হেৰাব তুমি বিচৰাসকলো আহিব নোৱাৰিব মই হাই উৰুমি বৰ ভাল নাপাওঁঁ মোৰ পথত অগাভেঁটা নকৰিবা জেউৰাৰ ফাকেৰে নুজুমিবা বৰ বেয়া দেখি মোৰ দিনলেখা মই সন্ধিয়াৰ বাতৰিত দিম ঘৰলৈ অহা অতিথি আপ্যায়ন মই কৰিম তুমি মিছাতে মূৰ নঘমাবা মোৰ গাত বোকা চটিওৱাৰ আগত নিজকে ঢাকি আহিবা নহ’লে পোচাক তোমাৰ লেতেৰা হ’ব...✍️বিতু

লেচেৰি বুটলা বাটেদি-৬

Image
লেচেৰি বুটলা বাটেদি-৬ ✍ #বিতু গৰম বন্ধ আৰম্ভ হৈছিল৷ খেতি পথাৰত দিনটো কাম কৰি আবেলি সকলোৱে অলপ জিৰণি লয়৷ পিচদিনা মাটি বোকা দিবলৈ নাথাকিলে আবেলি পথাৰত কাম নাথাকে৷ নহ’লে কঠিয়া উঠোৱা, পথাৰত আলি দিয়া আদিৰ কামত জুলু কাই, ৰমেশ কাইহঁত ব্যস্ত থাকে৷ সেইদিনা তেনে কাম নথকাত দেউতাকে বাৰীৰ পৰা কঠাল অলপ পৰোৱালে৷ বাৰীত বহুত কঠাল লাগিছিল৷ তাই কিন্তু পকা কঠাল খাই ভাল নাপায়৷ কেঁচা কঠাল অৱশ্যে খাবলে বেয়া নাপায়৷ দেউতাকে বৰ ধুনীয়াকৈ কঠালটো কাটি চিটা চিট কৰি দিয়ে৷ সেইদিনাও দেউতাকে দা এখন লৈ কেঁচা কঠালবোৰ কাটি চিটাচিট কৰি দিছিল আৰু তাই ভায়েকৰ লগত ওচৰতে বহি চাই আছিল৷ দেউতাকে কাটি দিয়া কঠালৰ ভাগবোৰ তাই এচিটা এচিটাকৈ সকলোকে ভগাই দিলেগৈ৷ তেনেকুৱাতে দেউতাকক কোনোবাই মাতিবলৈ আহিল৷ কিবা জৰুৰী সকাম৷ দেউতাকেও কঠাল কটা তাতেই এৰি লৰালৰিকৈ ওলাই গ’ল৷ যাওঁতে অৱশ্যে তাই আৰু ভায়েকৰ বাবে কঠালৰ ভাগ একোটা কাটি দি গৈছিল৷ কিন্তু তাইৰ মনটো যে বেলেগ এটা কথাৰ বাবেহে লক্‌লকাই আছিল৷ দেউতাকে কাটি দিয়াৰ দৰে তাইৰো কঠাল কাটিবলৈ মন গ’ল৷ দেউতাকহঁতক কঠাল কটাৰ আগত হাতত মিঠাতেল লগোৱা তাই দেখিছে৷ মিঠাতেল সানিলে হাতত কঠালৰ আঠা লাগি নধৰে৷ তাইও ...

আইলৈ মনত পৰে...

Image
লাহ বিলাহবোৰ এতিয়া ভাল নালাগে ব্ৰেণ্ডেড হেঁপাহবোৰো নোহোৱা হ’ল বজাৰত বিচাৰি ফুৰো ডিছকাউণ্ট অথচ ছুইপ কৰিলেই এতিয়া ল’ব পাৰো পচন্দৰ সামগ্ৰী মনলৈ আহে তোৰ উজ্জ্বলি উঠা দুচকু যেতিয়া তই হাতত হেঁপাহেৰে তুলি দিছিলি তোৰ এৰিয়াৰৰ টকাকেইটা মোলৈ তোৰ সাঁচতীয়া মৰম তই যোৱাৰ পৰাই বহাগত হেঁপাহ পলোৱাই এবাৰো নচা নাই পূজাৰ বতৰত এটাও বেলুন মই ফুলোৱা নাই ঘৰলৈ যাবলৈ এবাৰলৈও উৎসাহিত হোৱা নাই বাটলৈ চাই তয়োতো আৰু মোলৈ ৰৈ নাথাক মই ভালপোৱাবোৰ বিচাৰি ঢপলিয়াই নুফুৰ তোৰ হাতৰ পৰশত ঠন ধৰি উঠা তাহানিৰ সতেজ দুবৰিবোৰ এতিয়া হাবি হৈ মোক তাচ্ছিল্য কৰে মৰমৰ মৰমবোৰত এতিয়া হিচাব-নিকাচ মুকলি আকাশৰ তলতো উশাহৰ কন্দল দুখৰ সময়বোৰ একেই থাকে কেতিয়াবা জুই লৈ খেলে আৰু কেতিয়াবা অস্থিৰতাৰে অৱস্থান কৰে দূৰত্ব কিমান জুখিব পাৰি সময়েৰে সূৰ্যোদয়ৰ প্ৰতীক্ষাত মাথো বছৰ বাগৰে ...✍️বিতু

ভ্ৰমণ কাহিনী : “ভেলী অফ্‌ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, উত্তৰাখণ্ড”

Image
“সপোনৰ আকাশখন ক’ত ডাৱৰৰ ভাঁজত নে কুঁৱলীৰ আঁৰত...” ভ্ৰমণ কাহিনী : “ভেলী অফ্‌ ফ্লাৱাৰ্ছ নেচনেল পাৰ্ক, উত্তৰাখণ্ড” Bitu'sTravelogue পৰ্বতে যেন আকৌ এবাৰ মোক ৰিঙিয়াই মাতিলে৷ ২০১৮ চনৰ জুন মাহৰ শেষৰ ফালে এইবাৰ ওলালো উত্তৰাখণ্ডৰ বিখ্যাত ফুলৰ উপত্যকা ভেলী অফ্‌ ফ্লাৱাৰ্ছ অভিমুখে৷ ফুৰিবলৈ সকলোৱে বিচাৰে৷ কিন্তু আৰামদায়ক ভ্ৰমণ বেছিভাগৰে কাম্য৷ মোৰ দৰে পাহাৰে-কন্দৰে, হাবিয়ে বননিয়ে প্ৰকৃতিৰ মাজত তলৌ তলৌকৈ ঘুৰি ফুৰিব বিচৰা মানুহৰ সংখ্যা মোৰ কাষৰীয়া বন্ধুমহলত তেনেই কম৷ সেয়েহে অকলেই ওলালো৷ যোগাযোগ হ’ল “ৰেড উইংছ ট্ৰেইল” নামৰ ট্ৰেভেল গ্ৰুপটোৰ স্বত্বাধিকাৰী সুকন্যাবাৰ লগত৷ তেওঁলোকো সেই ঠাইলৈকে যাবলৈ ওলাইছিল৷ মই দিল্লীলৈকে গৈ তাৰপৰা তেওঁলোকৰ লগত এই যাত্ৰাৰ সংগী হ’লো৷ দলটোৰ প্ৰতিজনেই আছিল মোৰ বাবে সম্পূৰ্ণ অচিনাকি৷ বেলীবা, মোচুমীবাহঁতক প্ৰথম চিনাকিতে আপোন যেন লাগিল৷ এই সকলো অচিনাকি সহযাত্ৰীৰ লগত মোৰ আন এটা চিনাকি সপোন ভাগ কৰি ল’বলৈ সাজু হ’লো৷ দিল্লীৰ পৰা দুদিনৰ যাত্ৰাৰ অন্তত প্ৰথমদিনা হৃষীকেশ আৰু দ্বিতীয়দিনা জোছিমঠত নিশাৰ অৱস্থান৷ তৃতীয়দিনা পুৱাই গোবিন্দঘাটলৈ ৰাওনা৷ গোবিন্দঘাটত ভ...

যাত্ৰা~~~এটি অনুভৱ

Image
যাত্ৰা~~~✍️ ৰামধেনু নেদেখা বহুদিন হ’ল দীঘলীয়া বাটত হেৰাই নোযোৱাও বহুদিন হ’ল গীতবোৰো যেন কিবা বেসুৰা হ’ল কথাবোৰো ক্ৰমাৎ সাধু হবৰ হ’ল! ... ... ... পথৰ একাবেকাত ধৰা দিয়া এটা সুন্দৰ ক্লিকৰ প্ৰতীক্ষাত উৎসুকতাৰে ৰৈ থকা সেই চকুহাল...আৱদ্ধ কোঠাৰ মোবাইল, লেপটপৰ পৰ্দাত এতিয়া ধূসৰিত৷ সেমেকি থাকিল মন...কেমেৰাৰ লেন্‌চখনৰ দৰে৷ বেলকনি অথবা টেৰেছৰ পৰা আকাশৰ দৈঘ্য জোখাৰ বৃথা প্ৰচেষ্টা...আজিৰ বাস্তৱ চিত্ৰপট...সমস্যাৰ শিকলিত বন্দী হায় এই জীৱন! সঁজাৰ ভিতৰত কেনে আছে বাৰু ভ্ৰমণ পিয়াসী মোৰ মন! ডাৱৰ, বেলি আৰু বৰষুণ৷ বিষয় কেতিয়াবা কবিতা নতুবা সপোন৷ এক মিটাৰৰ ব্যৱধানত আৰুনো কিমানদূৰ আগুৱাব পাৰি! পাহাৰৰ শিখৰ নতুবা অটব্য অৰণ্যৰ নৈসৰ্গিকতাবোৰ এতিয়া যেন মৰিচীকা৷ যাত্ৰাৰ সংগী কেৱল সময়৷ সপোনত অথবা ভাবনাত...সেউজীয়াৰ দেশত অবাধ বিচৰণ! হাৰ্ডডিক্সৰে নিতৌ মিতিৰালি৷ পুৰণিৰ মাজত নতুনৰ অন্বেষণ৷ প্ৰেক্ষাপটবোৰ যে কিমান সোনকালে সলনি হৈ যায়! টাইম লেপ্‌চ ভিডিঅৰ কায়দাৰে চকুৰ আগত অগাদেৱা অতীতৰ৷ নাজানো কিয়! অতীতবোৰ সদায়ে বৰ সুন্দৰ যেন লাগে৷ তিঁতা কেঁহাবোৰো মিঠা যেন লাগে৷ অথচ বৰ্তমানত কিজানি সেই সময়ৰ কোনো মূল্যই নাছিল৷ বৰ্ণণো একেটাই৷...

#ভ্ৰমণকাহিনী #জুকুভেলীলৈ

Image
ফুলৰ উপত্যকাত... সপোনবোৰ য’ত ফুল হৈ ফুলে “বতাহ যেনিয়েই বয় ব'বলৈ দিয়া  মই সেইফালেই যাম যিফালে এদিন যাম বুলি সপোন গুজি দিছিলা…” অ-আ-ক-খ পঢ়িবলৈ আৰম্ভ কৰা দিনৰে কথা৷ দেউতাই মোক এখন ভূচিত্ৰাৱলী আনি দিছিল৷ পৃথিৱীৰ মেপখন চিনাকি কৰি দি মহাদেশ মহাসাগৰৰ কাহিনী শুনাইছিল৷ দেউতাৰ মুখতে শুনিছিলো কিদৰে এখন সাগৰৰপৰা বৃহৎ হিমালয়ৰ উৎপত্তি হৈছিল৷ মনত বাহ লৈছিল উৎসুকতাই৷ পৃথিৱীখনক নতুনকৈ চোৱাৰ দুৰ্বাৰ হেঁপাহে সৰুতেই মোক ভ্ৰমণপিয়াসী কৰি তুলিছিল৷ ভাবনাতেই পৰিভ্ৰমণ কৰি ফুৰিছিলো সমগ্ৰ বিশ্ব৷ সেই তেতিয়াৰে পৰাই মেপবোৰত আঙুলি ফুৰাই পৃথিৱীখনৰ প্ৰতিটো কোণতে বিচৰণ কৰি ফুৰাতো মোৰ নিঁচাত পৰিণত হৈছিল৷ ইয়াতেই কিজানি অংকুৰিত হৈছিল মোৰ যাযাবৰী জীৱনৰ বীজ৷ আঙুলিৰ ফাকেদি সৰকিছিল সেউজীয়া ৰং সনা জোনাকী সময়৷ ফুলে ফুলে নানাৰঙী অসংখ্য পখিলাৰ নৃত্য৷ সপোনৰ দেশত মোৰ অবাধ বিচৰণ l পৃথিৱীৰ চুকে কোণে, দিহিঙে দিপাঙে ঘুৰি না না কথা শিকি জীৱনটোক সৰ্বাংগসুন্দৰ কৰাৰ মন৷ কিন্ত মন কৰিলেই জানো হ’ব৷ যদিহে পথৰ কাইট আঁতৰাই আগুৱাবলৈ চেষ্টা নকৰো! এটি ভয়াৱহ পথ দুৰ্ঘটনাই তচনচ কৰি যোৱা মোৰ শৰীৰত অসংখ্য আঘাত৷ কিন্তু মনটো বান্ধ...

লেচেৰি বুটলা বাটেদি-৫

লেচেৰি বুটলা বাটেদি-৫ ✍ #বিতু স্কুললৈ যাওঁতে কিতাপ পত্ৰৰ লগতে সিহঁতে ঢাৰি কঠো লগত লৈ যাব লাগে৷ তাত বহিবলৈ ডেক্স বেঞ্চ নাই৷ মজিয়াতে ঢাৰি পাৰি বহিব লাগে৷ স্কুল ছুটীৰ পিচত বাকী লগৰীয়াৰ লগত কিতাপে কঠে টোপোলা বান্ধি প্ৰায় আধা কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি তাই ঘৰলৈ উভটে৷ ভৰিত ছেণ্ডেলো নাথাকে৷ কাৰণ স্কুললৈ ছেণ্ডেল পিন্ধি আহিব পৰাকৈ প্ৰায়বোৰ ল’ৰাছোৱালীৰ ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নহয়৷ সেয়ে শ্ৰেণীকোঠাত তেনে সহপাঠীৰ মনত বৈষম্যভাৱ যাতে নাহে তাৰ বাবে সিহঁতবোৰেও স্কুললৈ ছেণ্ডেল পিন্ধি নাযায়৷ স্কুলঘৰটো দিঘলীয়া৷ মাজত বেৰ নাই৷ ইটো শ্ৰেণীৰপৰা সিটো শ্ৰেণী দেখি থাকি৷ স্কুলত চকীদাৰো নাই৷ চাৰ বাইদেওক স্কুল আহি পোৱা দেখিলে কোনোবাই গৈ বেলটো বজাই দিয়ে আৰু স্কুুল আৰম্ভ হৈ যায়৷ আকৌ ছুটীৰ পৰত চাৰ, বাইদেউয়ে কয় “আজিলে যাগৈ যা”, সিহঁতৰ স্কুুল ছুটী হৈ যায়৷ এদিনৰ কথা৷ বাকীবোৰতকৈ সিহঁতৰ শ্ৰেণী সোনকালে ছুটী হয়৷ ঘৰখনৰ বাকীসকল ল’ৰা-ছোৱালীতকৈ তাই সোনকালেই ঘৰ পায়হি৷ গাৱঁৰ স্কুল৷ গাৱঁলীয়া ৰাস্তা৷ আহি থাকোতে লগৰবোৰে ক’লে যে কূঁৱাৰ একেবাৰে তলৰ পানীখিনি বৰ ঠাণ্ডা৷ বাল্টিটোৰ ৰছীডাল যিমান পাৰি তললৈ এৰি দিলে এই ঠাণ্ডা পা...

কেনে আছা তুমি...এটি কবিতা

কবিতা : কেনে আছা তুমি ৰচনা : বিনীতা বিতু বৰগোহাঞি পাঠ : ড°বৰ্ণালী বৰা সময় নাই কাৰো বাবে, সময়ৰ বাবে সময়কে পাহৰি সময়ৰ পিছত আমি মাথো দৌৰিছো৷ পাহৰিছো নিজক, পাহৰি গৈছো আপোনজনক৷ কিন্তু কিহৰ বাবে! আজি সময় স্তব্ধ৷ কৰ’না মহামাৰিৰ গ্ৰাসত অসহায় আজি মানৱ সভ্যতা ৷ দিশহাৰা বিজ্ঞান প্ৰযুক্তিও৷ কিন্তু সময়ৰ পৰা আমি জানো কিবা শিকিছো৷ কৰি চাইছোনে আত্মবিশ্লেষণ৷ আগবঢ়ালো মোৰ কিছু অনুভৱ~~~✍ #কেনেআছাতুমি #দৃশ্যপট_১ মই অন্তৰাত্মাই কৈছো... দূৰণিৰ দেশত অতিপাত ব্যস্ত তুমি আমনি কৰিবলৈ মোৰো ভাল নালাগে পাখি লগা কাড়ত চলে তোমাৰ দৈনন্দিন যেন এটা চেকেণ্ড ৰৈ দিলেই স্তব্ধ হৈ পৰিব ৰূটিন উন্নতিৰ জখলাডাল বৰ দীঘল প্ৰতিদ্বন্দ্বিতা সমুখলৈ যোৱাৰ নিজকে প্ৰতিষ্ঠা কৰাৰ পৰিছা, আকৌ উঠিছা আৰু দৌৰিছা পিছ পৰি ৰৈছে অতীত দূৰ-দূৰলৈ আপোন বন্ধু কিম্বা পৰিয়াল পৰিজন ঘুৰি চাবলৈ তোমাৰ সময়নো ক’ত? পল-অনুপল, চেকেণ্ড, মিনিট, ঘন্টা দিন-ৰাতি একাকাৰ, মাথো যাত্ৰা দৌৰিছে বিজ্ঞান, দৌৰিছে প্ৰযুক্তি দৌৰিছে সমগ্ৰ মানৱ জাতি কিন্তু হঠাৎ যেন সকলো উলৎ পালৎ হৈ গ’ল! উত্তৰণৰ ধামখুমীয়াত যতি পৰিল পৃথিৱীৰ অনন্ত গতি কিছু থমকিল বায়ুমণ্ডল আ...

লেচেৰি বুটলা বাটেদি~৪

লেচেৰি বুটলা বাটেদি~৪ ✍ #বিতু “ৰাতি পুৱালে, উঠ” বুলি দেউতাকে পুৱা যেতিয়া খিৰিকীবোৰ খুলি দিয়ে, তাৰপিছত আৰু শুই থাকিবলৈ কাৰো সাধ্য নাই৷ ইফালে ৰাতিপুৱা সিহঁতবোৰ শুই উঠে মানে, পথাৰত হালোৱাক দিবৰ বাবে মাকৰ ভাত ৰন্ধা হৈয়ে যায়৷ ভাতৰ টোপোলাৰ লগতে হাজিৰা কৰা কেইজনৰ বাবে জ’গত বেলেগকৈ চাহ আৰু ঠাণ্ডাপানী৷ দেউতাকৰ সৈতে সেইবোৰ লৈ ৰাতিপুৱা তাইও বায়েকহঁতৰ লগত পথাৰলৈ যায়৷ হালোৱাকেইটাই ভাত খাই মানে দেউতাকে হালত ধৰে৷ তাই কেতিয়াবা মৈ’ত উঠিবলৈ পায়৷ মৈ’ত উঠিবলৈ তাই বৰ ভাল পায়, কিন্তু বেলেঞ্চৰ দৰকাৰ হয়৷ নহ’লে পৰি যোৱাৰো ভয়৷ পথাৰলৈ যোৱাটো তাইৰ বাবে এটা প্ৰিয় খেলৰ নিচিনাই৷ সৰু সৰু ভৰি কেইটাৰে পথাৰৰ আলিবোৰত খোজ কাঢ়ি গৈ থাকোতে পানী ভৰ্তি দুয়ো কাষৰ পথাৰত প্ৰতিফলিত হোৱা ডাৱৰবোৰ যেন তাইৰ লগত লুকা ভাকু খেলিবলৈকে ৰৈ থাকে৷ কেতিয়াবা তাই তাতে ৰৈ দিয়ে৷ পানীত জুপুক কৰি লুকাই দিয়া লালুকীবোৰকে তাই মাছ বুলি ধৰিবলৈ চেষ্টা কৰে৷ ইতিমধ্যে বহুদূৰ গৈ পোৱা বায়েক বা দেউতাকে 'ক’ত ৰৈ গ’লি, নাহ’ কেলেই’ বুলি চিঞৰিলেহে তাই আকৌ লৰ ধৰে পিছে পিছে৷ কেতিয়াবা তাই ৰুৱনীসকলৰ লগত কঠিয়া ৰুবলৈ চেষ্টা কৰি বোকাত নামে৷ জোকলৈ আক’ ...

লেচেৰি বুটলা বাটেদি~৩

লেচেৰি বুটলা বাটেদি~৩ ✍ #বিতু সন্ধিয়া প্ৰাৰ্থনা গোৱাতো সিহঁতৰ নিত্য নৈমিত্তিক কাৰ্যসূচী৷ গৰম দিনৰ গধুলীবোৰত ঘৰৰ আহল বহল চোতালখনত চকী বেঞ্চ উলিয়াই লৈ সকলো বহে৷ দেউতাকেও চোতালত কেৰমখাটখন তৰি লৈ মাজে মাজে জিৰণি লয়৷ তেতিয়া কোনোবা আলহী আহিলেও চোতালতে চকী পাৰি বহে৷ গৰমত কোনেও ভিতৰত সোমাবলৈ ইচ্ছা নকৰে৷ ধান ৰ’দত দিয়া আৰু মৰণা মৰা ইত্যাদিৰ বাবে মাকহঁতে প্ৰায়ে চোতালখন গোবৰ মাটিৰে মোচে৷ গধুলী মহ নাহিবলৈ চোতালৰ একোনত খেৰৰ জুমুঠি এটা জ্বলাই ৰখা হয়৷ বিচনী মাৰি মাৰি বিভিন্ন বিষয়ৰ কথা আলোচনা হয়৷ জাকৰোৱা ঘৰ৷ এগালমান মানুহ৷ আলহীয়ে অতিথিয়ে গিজগিজাই থকা ঘৰখনত অনবৰতে সবাহ এখন হৈ থকাৰ দৰেই৷ সিহঁতৰ ঘৰত খেতিৰ কাম, ঘৰ আৰু বাৰীৰ কামৰ সহায়ৰ বাবে কেইবাজনো বাহিৰা মানুহ থাকে৷ ইয়াতেই তেওঁলোকৰপৰা দিনটোৰ কাম কাজৰ খটিয়ান লোৱা হয় আৰু পৰৱৰ্তী দিনৰ বাবে কাৰ্যপন্থা লোৱা হয়৷ ৰেডিঅ’ত তেতিয়া বাজি থাকে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ গঞা ৰাইজৰ অনুষ্ঠান, চাহ শ্ৰমিকৰ আচৰ৷ সন্ধিয়াৰ প্ৰাৰ্থনাৰ পিচতে ঘৰৰ লৰাছোৱালীবোৰৰ পঢ়াৰ সময়৷ বৰদেউতাক, দদায়েক আৰু সিহঁতৰ পৰিয়ালটো একেলগে থাকে৷ আটাইৰে পাকঘৰ সুকীয়া যদিও সেয়া যেন কেৱল নিয়ম মাফিক৷...

লেচেৰি বুটলা বাটেদি~২

লেচেৰি বুটলা বাটেদি~২ ✍ #বিতু বায়েকহঁতৰ লগত আজিকালি তাই মাজে মাজে স্কুললৈ যাবলৈ লৈছে৷ নাম অৱশ্যে লগোৱাই নাই৷ গাৱঁত তেনেকুৱাই৷ দুদিনমান যোৱাৰ পিচত স্কুলত মন বহিলেহে নাম লগাই দিয়া হয়৷ তাতে তাইৰ স্কুল যাবলৈ হোৱাই নাই৷ তথাপিও ঘৰৰ বাকীবোৰ ল’ৰাছোৱালী স্কুললৈ যোৱা দেখি তাইও যাওঁ যাওঁ লগোৱাত দেউতাকে যাবলৈ দিছে৷ তাইৰ মাকও এম.ই. স্কুলৰ চাকৰিয়াল৷ মাকৰ স্কুলখন প্ৰাইমাৰী স্কুলৰ লগতে হোৱা বাবে চিন্তাৰ কোনো কাৰণো নাই৷ কিবা হ’লে চাব পাৰিব৷ অলপ দেৰি থাকি তাইৰ আমনি লগা যেন দেখিলে মাষ্টৰে ঘৰলৈ পঠাই দিয়ে৷ আমনিটোও আকৌ বৰ সোনকালে লাগে নহয় তাইৰ৷ হ’ল বুলিনো  'অ' 'আ' 'ক' 'খ' কেইটাকে আৰু কিমান লিখি থাকিব! মাষ্টৰণী বাইদেওৱে আক’ তাতকৈ বেছি লিখিবও নিদিয়ে৷ ইফালে একেটা জেগাতে সদায় বহিও তাইৰ ভাল নালাগে৷ এদিন তাই বেলেগ এটা শ্ৰেণীত বহিব খোজোতে মাষ্টৰণী বাইদেওৱে বুজাই দিলে যে এটা শ্ৰেণীত এবছৰ পঢ়ি পাছ কৰিলেহে তাই সেইটো শ্ৰেণীত বহিবগৈ পাৰিব৷ তেতিয়ালৈকে অ-আ-ক-খ পঢ়াৰ বাহিৰে গত্যন্তৰ নাই৷ তাই মনে মনে ভাবে, এইবোৰ দেখোন তাই ঘৰতে পঢ়ি পাৰিছেই, গতিকে দেউতাকক কৈ তাইৰ নামটো পিচৰতো শ্ৰেণীত লগা...

লেচেৰি বুটলা বাটেদি -১

লেচেৰি বুটলা বাটেদি~১ ✍ #বিতু নাৰিকল তেল সনা চুলিবোৰত ঠাণ্ডা বতাহ লাগি লডা লডা হৈ পৰে৷ তাই চুই চায়৷ এক অদ্ভুত অনুভূতি৷ গোটেই আবেলিতো লগৰীয়াৰ লগত সমুখৰ পথাৰখনত দৌৰি ফুৰে তাই৷ কেতিয়াবা গছত উঠে, কেতিয়াবা মাটিৰ পুতলা সাজে, কেতিয়াবা বাঁহেৰে সাজি দিয়া সৰু ঢেকীটোৰে ধেমালিতে ধান বানে, কেতিয়াবা লগৰীয়াৰ লগত দৰা কইনা খেলে আৰু কেতিয়াবা কুৰুকাত বালিভাত ৰান্ধে৷ ল’ৰালিৰ আলফুলীয়া সময়৷ নখে মাটি লিখাৰ সময়৷ অকৃত্ৰিম আৰু আপুৰুগীয়া৷ সোণসেৰীয়া সময়ৰ ভাজত গঢ় লয় এটি জীৱনে৷ শিকে সময়ৰ আদিপাঠ৷ কিমানযে খেল! গোল্লা, গুটিবহা, দায়েৰা, আই আমাৰ গোলাপফুল, চেংগুটি, মাৰ্বল...সদায়ে খেলৰ সূচী সলনি হয়৷ লগবোৰে দুটা দল হৈ যিবোৰ খেল খেলে তাত প্ৰথমে দুজন দলপতি ঠিক কৰা হয়৷ বাকীবোৰে দুজন দুজনকৈ চাম পাতি দলপতিৰ ওচৰলৈ আহে একোটা ক’ড লৈ৷ এজনে যদি “বন” লয় তেন্তে আনজনে লয় “মাটি”৷ তাৰপিচত দলপতি দুজনৰ ওৰলৈ আহি কয়, “আজ কাজ৷” দলপতি এজনে ক’ব “বেংগুন ভাজ” (মুখে মুখে প্ৰচলিত)৷ চাম পতা দুজনে সুধিব : “বন লাগে নে মাটি লাগে?” তেতিয়া দলপতিয়ে বিচৰা ক’ডটো যাৰ হয়, তেওঁ সেইটো দলৰ সদস্য হয়৷ তাইৰ খাচ লগৰীয়াবোৰে একেটা দলত পৰিবলৈ কম ছিটিং নক...

জীৱনৰ বাটত

#জীৱনৰবাটত ✍ #বিতু মাটিৰ মানুহ মই৷ মাটিতেই মোৰ জীৱন লেখা৷ বাট বুলি বুলি বহুদূৰেই পালোহি৷ জীৱনৰ পথ বৰ একাবেকা৷ ৰৈ দিবও নোৱাৰি৷ আঘাত নোপোৱাকৈ গৈ থকাও এক প্ৰত্যাহ্বান৷ সকলো দীক্ষাৰ শিক্ষা পদে পদে আহৰণ কৰি মইও আপোনাৰ দৰেই এজন পঠিক৷ পৰিস্থিতি সাপেক্ষে প্ৰকৃতিৰ প্ৰাথমিক অৱস্থাৰ সৈতে মোৰো সহাৱস্থান৷ কেতিয়াবা মই জুই হওঁ৷ সৰ্বগ্ৰাহী হৈ ভক্ষণ কৰো মোৰ সমষ্ট দুখ ভাগৰ চিন্তা আৰু সমস্যাৰ ভাণ্ডাৰ৷ ভাগৰি পৰো কেতিয়াবা৷ অলপ জিৰাব খুজিলেও হালি পৰোঁ৷ যিমানেই সময়ৰ সৈতে মোৰ সম্পৰ্ক পুৰণি হৈছে সিমানেই যেন মই পুৰঠ হৈছো, লগতে হৈছো থুনুকা৷ কিন্তু অভিজ্ঞতাৰ ভিটামিনেৰে সমানে পুষ্ট হৈছো৷ আজিকালি এলাপেচা আঘাতত মোৰ খোজ থমকি নৰয়৷ কিন্তুু কেৱল গৈ থকাও জানো কম সহজ কথা! সময়ে শিকাইছে গৈ থাকিবলৈ৷ কেতিয়াবা পাৰিছো দৌৰিছো, কেতিয়াবা খোজ কাঢ়িছো৷ আৰু যদি পৰা নাই, তেন্তে চুচৰিছো৷ কিন্তুু ৰৈ যোৱা নাই ক’তো৷ গৈয়ে আছো, ইপাৰৰ পৰা সিপাৰলৈ, পূৱৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ৷ জুই হৈ দহি গৈছো শোক, সমস্যা, পীড়া, প্ৰত্যাহ্বান৷ অগ্নিস্নাতা হৈ শক্তিশালী হৈছো লোৰ দৰে৷ কেতিয়াবা মই পানী হওঁ৷ পৰিৱেশে যেনেদৰে খুৱায়, তেনেদৰে খাওঁ, ...

কথাবাৰ্তা

#কথাবাৰ্তা : ✍ অনাহক অভিযোগ, কিছুমান ব্যক্তিগত প্ৰশ্ন, তাচ্ছিল্যভৰা মন্তব্য ইত্যাদি উত্থাপন নকৰাকৈ কৰা কথাবতৰা...য’ত ইতিবাচক ভাৱ আৰু ৰসবোধ থাকে, মোৰ মতে সেয়াই উৎকৃষ্ট বাৰ্তালাপ৷ কথাবাৰ্তা আচলতে সেইসকল লোকৰ লগতহে ফলপ্ৰসূ৷ যিজনে আপোনাৰ কথাবোৰ বুজি পায় আৰু গুৰুত্ব দি শুনে৷ নহ’লে মানুহৰ কথা কোৱাৰ প্ৰৱণতা ইমানেই বেছি যে বহুতে বেলেগে কোৱাতো কেতিয়াও নুশুনে৷ কিন্তু নিজৰটো যেনেতেনে হলেও শুনাব৷ কথাই কথাই অনৰ্থক উপদেশ দি থকা কথাষাৰো মই সমৰ্থন নকৰো৷ উপদেশ তেতিয়াহে দিব লাগে যেতিয়া কোনোবাই বিচাৰে, তাকো সেয়া আদেশৰ দৰে হ’ব নালাগে৷ পৰামৰ্শহে হোৱা উচিত৷ এনে দুইধৰণৰ ব্যক্তিবিশেষৰ লগত কথা পতাৰ পৰা মই পৰাপক্ষত আতৰি থাকিবলৈ ভাল পাম৷ শ্ৰুতাই শুনিব নুখুজিলে কৈ একো লাভেই নহয়৷  কেতিয়াবা আকৌ এনে হয় যে মই ক’ব খোজো এটা আৰু বুজোতাই বুুজে বেলেগ এটা৷ হয়তো মই বুজাব নাজানো আৰু নহ’লে ইজন বুজিবলৈ অক্ষম৷ এইধৰণৰ বাৰ্তালাপৰো কোনো অৰ্থ নাই৷ মোক বৰকৈ ব্যক্তিগত প্ৰশ্ন সুধি থাকিলে বেয়া পাওঁ৷ মই নিজেও অইনৰ কথা খুচৰি নুফুৰো৷ কোনোবাই নিজ ইচ্ছাৰে মোৰ আগত যিমানখিনি ব্যক্ত কৰে সিমানখিনিতে মই সন্তুষ্ট৷ সকলোৰে একা...

সংখ্যা...বাঢ়ি অহা কিছু চিন্তা

সংখ্যা...বাঢ়ি অহা কিছু চিন্তা ✍ © #বিতু এটি এটিকৈ বাঢ়ি আহিল সংখ্যাবোৰ৷ এক দুই তিনি চাৰি পাচ ছয় সাত... সংখ্যাবোৰ ক্ৰমাৎ যুৰীয়া হ’ল৷ লাহে লাহে এশ-হাজাৰ-লাখ-মিলিয়ন৷ ধাৰাসাৰ সংখ্যাৰ প্লাৱন হে যেন নামিল৷ এপলক দুপলক সময়তো বাঢ়িব ধৰিলে সংখ্যা৷ অংকবোৰ ডাঙৰ হৈ আহিল৷ ডিচপেনচাৰীৰ এক ফাইল ক্লৰকুইন, এতিয়া আমাৰ দৰে ঘটিৰাম বাতিৰামৰ নহয়৷ ডলাৰৰ দেশ আমেৰিকাতো এতিয়া ইয়াৰ কদৰ৷ বাঢ়ি যায় ডিমাণ্ড৷ হাত ধুই ভাত নোখোৱাজনেও যেতিয়া হিচাপ ৰাখে, ষ্টকত আৰু চেনিটাইজাৰ কেইটা আছে! “প” উচ্চাৰণ কৰিব নোৱাৰাজনেও ঘনাই ক’ব পৰা হ’ল পিপিই কিটৰ কথা৷ এই সকলোবোৰ সংখ্যাৰেই অংক৷ কেতিয়াবা জিভাৰ আৰু কেতিয়াবা কেলকুলেটৰৰ কিপেডৰ, সময়ৰ আৰু সমস্যাৰ৷ কভিড কৰ’নাৰ সংখ্যা বাঢ়িল বিশ্ব অৰ্থনীতিত অৰ্থৰ দৰ কমিল সংক্ৰমণৰ সংখ্যা বাঢ়িল ঔষধৰ সংখ্যা কমিল হস্পিতালৰ ব্যস্ততা বাঢ়িল ৰোগীৰ বাবে ঠাই কমিল মৃতদেহৰ সংখ্যা বাঢ়িল কফিনৰ ষ্টক কমিল লকডাউনৰ সংখ্যা বাঢ়িল যান বাহন সংস্থাবোৰৰ আয় কমিল নিবনুৱাৰ সংখ্যা বাঢ়িল পলিউচনৰ মাত্ৰা কমিল নাটনিৰ মাজত বয় বস্তুৰ দাম বাঢ়িল পাকঘৰত ফৰমাইচৰ সংখ্যা কমিল আৰ্তজনৰ দুখত মানৱতাৰ নিদৰ্শন বাঢ়িল আগত...

কেনে আছা তুমি!

#কেনেআছাতুমি...✍#বিতু দৃশ্যপট - ১ মই অন্তৰাত্মাই কৈছো... দূৰণিৰ দেশত অতিপাত ব্যস্ত তুমি আমনি কৰিবলৈ মোৰো ভাল নালাগে পাখি লগা কাড়ত চলে তোমাৰ দৈনন্দিন যেন এটা চেকেণ্ড ৰৈ দিলেই স্তব্ধ হৈ পৰিব ৰূটিন উন্নতিৰ জখলাডাল বৰ দীঘল প্ৰতিদ্বন্দ্বিতা সমুখলৈ যোৱাৰ নিজকে প্ৰতিষ্ঠা কৰাৰ পৰিছা, আকৌ উঠিছা আৰু দৌৰিছা পিছ পৰি ৰৈছে অতীত দূৰ-দূৰলৈ আপোন বন্ধু কিম্বা পৰিয়াল পৰিজন ঘুৰি চাবলৈ তোমাৰ সময়নো ক’ত? পল-অনুপল, চেকেণ্ড, মিনিট, ঘন্টা দিন-ৰাতি একাকাৰ, মাথো যাত্ৰা দৌৰিছে বিজ্ঞান, দৌৰিছে প্ৰযুক্তি দৌৰিছে সমগ্ৰ মানৱ জাতি কিন্তু হঠাৎ যেন সকলো উলৎ পালৎ হৈ গ’ল! উত্তৰণৰ ধামখুমীয়াত যতি পৰিল পৃথিৱীৰ অনন্ত গতি কিছু থমকিল বায়ুমণ্ডল আজি দূষিত, উশাহবোৰ নিষ্পেষিত ধৰিত্ৰী বাৰু কিয় শয্যাগত! এয়াতো নহয় অকাৰণ আত্মবিশ্লেষণৰ অৱশ্যেই আছে প্ৰয়োজন৷ কোনেও নভবাকৈ কোনেও নজনাকৈ পৃথিৱীয়ে সংগোপনে বৈ ফুৰিছিল এটি বিষাক্ত বীজাণু কৰ’না কভিড নাইন্টিন থাকিবা আতৰি মানুহৰ সংস্পৰ্শৰ পৰা, সামাজিক দূৰত্বত কিন্তু তুমি যে বৰ অসাৱধান! নুবুজিলা সাৱধানবাণী বিলাই দিলা ঘৃণা বিলোৱাদি ভগাই দিলা কপটতা দুৱাৰে দুৱাৰে কৃপনাল...

মহাসমৰৰ মহাসৈনিক

“মহাসমৰৰ মহাসৈনিক”  ~✍ #বিতু “আপোনাৰ মোৰ সেৱাত তেওঁলোক এতিয়া অহৰহ ব্যস্ত যেন মহাসমৰত সাহসী বীৰ যুঁজৰ সৈনিক” এক বিলাসী বিমানেৰে অতি সংগোপনে বজালেহি ৰণশিঙা দেশৰ মাটিত চীনৰ পৰাই সংক্ৰমিত বিষাক্ত ভাইৰাছ কৰুনা কভিড নাইন্টিন গৰিলা যুদ্ধৰ যেন পাকৈত সৈনিক সূৰ্যাস্ততো বন্ধ নহয় যুঁজৰ আখৰা সূৰ্যোদয়লৈকে বা কোনে বাট চায়! দিন ৰাতিৰো চেদ-ভেদ নাই অজাত শত্ৰুয়ে যুঁজ কৰে লুকাই লুকাই হাতৰ তলুৱাৰে সৰকে বিপদ কিমান চলাব আৰু শব্দভেদী বান চাবোন,  হেণ্ডৱাছ অথবা চেনিটাইজাৰ প্ৰতিৰোধ আমাৰ সাধাৰণ জনতাৰ গৃহবন্দী আজি পৃথিৱীবাসী ভূ লন্ঠিত আজি বিশ্ব অৰ্থনীতি অসহায় মানৱৰ মৃত্যুৰ কিৰিলি প্ৰযুক্তি আজি অসহায় এতিয়ালৈকে এই ভাইৰাছৰ কোনো এন্টিডট নাই কভিড ৰূপী কৰ’নাৰ সংহাৰ অভিযান ৰণত পৰিছে ৰজা-ৰাণী-পাৰিষদ ৰাষ্ট্ৰপ্ৰধান সমগ্ৰ বিশ্ব আজি ত্ৰস্তমান৷ দুই চিকিৎসাকৰ্মী, নিৰাপত্তাৰক্ষী আৰু চাফাইকৰ্মী এই যুঁজত সকলোৰে আগৰ শাৰীত তেওঁলোকৰ ছোলাবোৰ বাৰু এন্টি ভাইৰাছৰ সূতাৰে গঠা নেকি নে কবচ কুণ্ডল লৈ জন্ম চিকিৎসাকৰ্মীৰ সংক্ৰমণৰ শংকাকো আতৰাই ৰাখি চিকিৎসা কৰিছে একেবাৰে কাষত থাকি ৰাখিব পা...